বীজ বোমা, সেউজ সৈনিক আৰু সেউজ বিস্ফোৰণ: এখন 'খাদ্য অৰণ্য'ৰ আঁৰৰ এক নিপোটল কাহিনী
পৰম্পৰাগত কৃষি পদ্ধতিক জনপ্ৰিয় কৰাত ব্ৰতী এজন ব্যক্তি আৰু এদল কৃষি সেনানীৰ নিৰলস প্ৰচেষ্টা ৷

Published : June 5, 2026 at 5:35 AM IST
কুলগীতা সাউদ
গুৱাহাটী : ৫ জুন, বিশ্ব পৰিৱেশ দিৱস । সমগ্ৰ বিশ্বজুৰি পৰিৱেশ সংৰক্ষণ, সুৰক্ষা, ভৱিষ্যতৰ কৰ্মপন্থা নিৰ্ধাৰণ আৰু পৰিৱেশ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে এই দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰা হয় । ৫ জুনৰ দিনটো পৰিৱেশ সংৰক্ষণৰ বিশ্বজনীন প্ৰয়াসৰ এক উপলক্ষ্য যদিও বহু ব্যক্তি তথা সংগঠনে প্ৰতিদিনে পৰিৱেশ সংৰক্ষণৰ হকে নিৰবধি কাম কৰি আহিছে । বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত এইসকল লোকৰ এই আত্মোৎসৰ্গিত কামক নিশ্চিতভাৱে সাধুবাদ প্ৰদানৰ প্ৰয়োজন । সেই উদ্দেশ্যৰেই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নীৰৱে পৰিৱেশ সংৰক্ষণ আৰু এই ধৰাক সেউজীকৰণৰ বাবে কাম কৰি অহা 'গ্ৰীণ কমাণ্ডো'ক লৈ আমাৰ এই বিশেষ প্ৰতিবেদন ।
'গ্ৰীণ কমাণ্ডো' বা সেউজ সৈনিক
সাম্প্ৰতিক সময়ত উন্নয়নৰ নামত চৌদিশে বন ধ্বংসযজ্ঞ চলিছে । কিন্তু তাৰ বিপৰীতে পৰিৱেশ সংৰক্ষণ আৰু সেউজীকৰণৰ এক অভিনৱ প্ৰচেষ্টা অব্যাহত ৰাখিছে এদল অক্লান্ত সেনানীয়ে । তেওঁলোকে নিজকে 'গ্ৰীণ কমাণ্ডো' অৰ্থাৎ সেউজ সৈনিক বুলি পৰিচয় দিয়ে । তেওঁলোক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ । কৃষি হৈছে তেওঁলোকৰ নিচা ।

অৱশ্যে গ্ৰীণ কমাণ্ডোসকলে (Green Commandos) হাতত অস্ত্ৰ লোৱাৰ সলনি তেওঁলোকে লয় 'ছীড বম্ব' (Seed Bomb) বা বীজ বোমা । এই বীজ বোমা দলিয়াই তেওঁলোকে সেউজ বিস্ফোৰণ (Green Explosion) ঘটায় । এইদৰে সেউজ বিষ্ফোৰণ ঘটাই তেওঁলোকে এখন পাহাৰক খাদ্য অৰণ্যলৈ (Food Forest) ৰূপান্তৰ কৰিছে।
সেউজ সৈনিকে বীজ বোমা দলিয়াই সেউজ বিস্ফোৰণেৰে গঢ়ে খাদ্য অৰণ্য

এই খাদ্য অৰণ্যখনত আছে থলুৱা প্ৰজাতিৰ প্ৰায় দুহেজাৰ প্ৰজাতিৰ স্থানীয় ফলমূল তথা উদ্ভিদ । ইয়াৰে বেছিভাগ আমাৰ পৰম্পৰাগত খাদ্যৰ উৎস । আম, কঁঠাল, জামু , পনিয়ল, লেতেকু, ঔটেঙা, কচু , ৰঙালাও, নেমু, জলকীয়া, নুনী, বেল, হালধি, আম আদা, কলগছ, কচু, চাহগছ- কি নাই তাত । নানা জাতৰ ফলমূল, শাক-পাচলিৰে ভৰপূৰ বাগিচা ।
এই অৰণ্যখন গঢ়িবলৈ গ্ৰীণ কমাণ্ডোসকলে হাল বাবলৈ বা কোৰ মাৰিবলগীয়া হোৱা নাই । সকলো প্ৰাকৃতিকভাৱে হৈছে । বীজ বোমাই এই অৰণ্যখন গঢ়ি তোলাত এক চমৎকাৰ কৰিছে ।

ক'ত আছে এই খাদ্য অৰণ্য
গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী অঞ্চল সোণাপুৰৰ ৰূপনগৰত প্ৰায় ৩০ বিঘা মাটিত এই খাদ্য অৰণ্য গঢ়ি উঠিছে । এই ফুড ফৰেষ্ট বা খাদ্য অৰণ্যই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । আনহাতে, খাদ্য অৰণ্যৰ লগতে আছে এটা কৃষি শিক্ষণ কেন্দ্ৰও । যুৱচামক কৃষিকৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ অনুপ্ৰেৰণা যোগাই অহাৰ লগতে পৰম্পৰাগত কৃষি পদ্ধতি আৰু কৃষিজাত সামগ্ৰীক বিশ্ববজাৰত প্ৰতিষ্ঠা কৰাত এই শিক্ষণ কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।
৫ হাজাৰ গ্ৰীণ কমাণ্ডো সৃষ্টি কৰা কোন এইগৰাকী সেনাপতি

এই কেন্দ্ৰটোৰ পৰা এগৰাকী আদৰ্শ কৃষক হ'ব পৰাকৈ পৈণত হৈ ওলাইছে ৫ হাজাৰতকৈ অধিক গ্ৰীণ কমাণ্ডো । এইসকলৰ মাজৰ বহুজনে কৃষিকৰ্মক সাৰথি কৰি জীৱনৰ বাট বুলিছে আৰু প্ৰতিষ্ঠিত হৈছে । নীৰৱে গ্ৰীণ কমাণ্ডো সৃষ্টিৰে ফুড ফৰেষ্ট ধাৰণাটো দেশ-বিদেশত প্ৰসাৰ কৰা তথা আধুনিক কৃষি প্ৰযুক্তি আৰু তথাকথিত জৈৱিক কৃষিৰ পৰিসীমা চেৰাই স্থানীয় আৰু পৰম্পৰাগত কৃষি পদ্ধতিক জনপ্ৰিয় কৰাৰ আঁৰৰ ব্যক্তিজন হৈছে সমীৰ বৰদলৈ ।

সমীৰ বৰদলৈ হৈছে ৰূপনগৰৰ কৃষি শিক্ষণ কেন্দ্ৰ আৰু ফুড ফৰেষ্টৰ প্ৰতিষ্ঠাতা । অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী সমীৰ বৰদলৈ। শিক্ষা সাং কৰি যিদৰে মানুহৰ চিকিৎসক আছে, সেইদৰে তেওঁ গছৰ চিকিৎসক হ'বলৈ মন মেলিলে । ইয়াৰ বাবে যোৰহাটত এখন ক্লিনিক আৰম্ভ কৰে । গছৰ স্বাস্থ্য সম্পৰ্কে গাঁৱে-ভূঞে ঘূৰিবলৈ ধৰাত কৃষকসকলক লগ পাই তেওঁ উপলব্ধি কৰে যে কৃষিৰ বিদ্যায়তনিক জ্ঞানতকৈ স্থানীয় কৃষকসকলৰ জ্ঞান বেছি ফলপ্রসূ । তেওঁলোক বহু অভিজ্ঞ ।
সমীৰ বৰদলৈৰ অনন্য যাত্ৰা
ক্ষেত্রভিত্তিক অভিজ্ঞতাৰে এই সত্য অন্বেষণৰ পাছত সমীৰ বৰদলৈৰ ধাৰণা সলনি হয় । এইবাৰ তেওঁ স্থানীয় কৃষকসকলক যথাসম্ভৱ সহায় কৰাৰ মন মেলিলে । প্রকৃত অন্নদাতাসকলক প্ৰতিষ্ঠা কৰাৰ ৰণখনত তেওঁলোকৰ সাৰথি হোৱাৰ সংকল্প ল'লে । বীজৰ পৰা খাদ্যলৈ এই সমগ্র প্রক্রিয়াটোত হোৱা মুনাফাত কৃষকসকলক মূল অংশীদাৰ কৰাৰ লক্ষ্যৰে আৰু পৰম্পৰাগত কৃষিকৰ্মক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে সমীৰ বৰদলৈয়ে ৰূপনগৰত প্ৰতিষ্ঠা কৰে কৃষি শিক্ষণ কেন্দ্ৰটো । ইয়াৰ আঁৰতো এটা কাহিনী আছে ।

কেনেকৈ জন্ম হৈছিল খাদ্য অৰণ্য
এই সন্দৰ্ভত সমীৰ বৰদলৈয়ে কয়, "সেয়া আছিল ২০১৫ চনমানৰ কথা । স্থানীয় কৃষি জ্ঞানৰ অন্বেষণ অব্যাহত থকাৰ সময়তে কৃষক গোটৰ লগত সোণাপুৰৰ হাবিত কিদৰে খেতি কৰিব পাৰি তাৰ বাবে আহিছিলোঁ । তেতিয়া সোণাপুৰৰ জনগোষ্ঠীয় গাঁও এখনৰ লোকসকলে আহি মোক সহায় কৰিলে । গাঁওখনৰ পৰা দূৰৈৰ পাহাৰত তেওঁলোকৰ ছন পৰা কৃষিভূমি আছে । তাত ভূ-মাফিয়াৰ চকু পৰিছে । খেতি কৰিবলৈ তেওঁলোকক সহায় লাগে । গাঁওবাসীৰ কৃষিভূমিখিনি দৰাচলতে হাবি-বননিৰে ভৰা । তাত খেতি কৰিবলৈ বহু গছ-গছনি কাটি চাফ-চিকুণ কৰিব লাগিব ।"
তেওঁ লগতে কয়, "কিন্তু কৃষি কৰিবলৈ বন ধ্বংস কৰিবলৈ মন নগ'ল । প্ৰথম এজোপা গছ কাটোতে গছজোপাৰ পৰা ওলোৱা শব্দই মনত আঘাত দিলে । তাৰ বিকল্প চিন্তা কৰিলোঁ । সেই চিন্তাৰেই ফচল আছিল ৰূপনগৰৰ 'ফুড ফৰেষ্ট'খন । বাৰিষাৰ আগমনৰ পূৰ্বে কৃষি শিক্ষা কেন্দ্রৰ গ্রীণ কমাণ্ডোসকলে পাহাৰখনলৈ গৈ বীজ বোমা দলিয়াই থৈ আহিছিল । ঠায়ে ঠায়ে সামান্য পৰিষ্কাৰ কৰি আদা, হালধিও পুতি থৈ আহিছিল ।"

কি এই বীজ বোমা
বীজ বোমা সন্দৰ্ভত সমীৰ বৰদলৈয়ে কয়, "গ্রীণ কমাণ্ডোসকলে ব্যৱহাৰ কৰা বীজ বোমাবোৰ প্ৰকৃততে বোকা মাটিৰে তৈয়াৰ কৰা বাটলু গুটিতকৈ অলপ ডাঙৰ গোলাকাৰ পিণ্ড । ইয়াৰ ভিতৰত বিবিধ গছ আৰু শস্যৰ বীজ থাকে । বীজ বোমা দলিওৱাৰ কেইদিনমানৰ পাছত গ্রীণ কমাণ্ডোৱে পাহাৰলৈ গৈ পুলি গজিছেনে নাই নিৰীক্ষণ কৰে আৰু পুতি থৈ অহা আদা, হালধিবোৰ গছৰ সৰাপাত আৰু উঁইহাফলুৰ মাটিৰে ঢাকি থৈ আহিছিল । কাম ইমানেই । কালক্ৰমত পাহাৰখনত বীজ বোমাৰ সেউজ বিস্ফোৰণ হ'ল । হাবিৰ সমান্তৰলভাৱে তাত ফল আৰু পাচলিৰ বাগিচা এখন হ'ল ।"
উপাৰ্জনৰ লগতে জীৱ-জন্তুৰ বাবেও খাদ্য ব্যৱস্থা

তেওঁ কয়, "সেই ফল-পাচলিৰে এতিয়া যথেষ্ট আয় হোৱাৰ লগতে পাহাৰখনত থকা জীৱ-জন্তুৰো খাদ্য হৈছে । খাদ্য অৰণ্যখনলৈ বনগাহৰি, বন্যহস্তী, জহামাল, নাহৰফুটুকীকে ধৰি জীৱ-জন্তুবোৰ খাদ্যৰ সন্ধানত আহে । ফুড ফৰেষ্টত হালধিৰ মাজত হাতীয়ে খোৱা গছ গজে । এই গছ খাবলৈ হাতীৰ জাকে হালধিবোৰো গচকি যায় । হাতীয়ে গচকা হালধিৰ সোৱাদ আৰু গুণাগুণ সুকীয়া । এনে হালধিৰ গুড়ি প্ৰতি কিলোগ্ৰামত ১,৫০০ টকাকৈ বিক্রী হৈছে । সেইবোৰ বিচাৰি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও সম্প্রতি অনলাইন বজাৰত ফৰমাইছ আহে ।"
বাঁহৰ চাহৰো সুকীয়া চাহিদা
উপাৰ্জনৰ এক নতুন দিগন্তৰ কথা উল্লেখ কৰি তেওঁ কয়, "বন্যহস্তীয়ে আগ ভাঙি থৈ যোৱা বাঁহবোৰে কুমলীয়া পাত মেলে । সেই কুমলীয়া পাতবোৰ সংগ্ৰহ কৰি এবিধ বিশেষ চাহ প্রস্তুত কৰোঁ । আন্তঃৰাষ্ট্ৰীয় বজাৰত এই চাহৰ চাহিদা যথেষ্ট বাঢ়িছে । আনহাতে, হাতীয়ে ভাঙি পেলাই থৈ যোৱা বাঁহৰ আগবোৰৰ পৰা তেওঁলোকে এবিধ বিশেষ সাৰো প্ৰস্তুত কৰে । তদুপৰি ফুড ফৰেষ্টখন হোৱাৰ পৰা ৰূপনগৰ এলেকাটোত আগতকৈ বন্যহস্তীৰ উপদ্রৱ নোহোৱা হৈছে । খেতি-বাতিও নষ্ট নকৰা হৈছে ।"
স্থানীয় কৃষি পদ্ধতিৰ জ্ঞান ল'বলৈ দেশ-বিদেশৰ বিশেষজ্ঞৰ আগমন
এই সন্দৰ্ভত সমীৰ বৰদলৈয়ে কয়, "ৰূপনগৰৰ ফুড ফৰেষ্ট চাবলৈ আৰু স্থানীয় কৃষি পদ্ধতিৰ জ্ঞান ল'বলৈ দেশৰ বিভিন্ন প্রান্ত আৰু বিদেশৰ পৰাও বিশেষজ্ঞ আৰু ইচ্ছুক ব্যক্তিৰ সমাগম হয় । তেওঁলোকে গ্রীণ কমাণ্ডোৰ প্ৰশিক্ষণ লৈছে । বৰ্তমানলৈ ৫ হাজাৰতকৈ অধিক গ্ৰীণ কমাণ্ডোৰ প্ৰশিক্ষণ দিছোঁ । ১০ হেজাৰ যুৱক-যুৱতীক গ্ৰীণ কমাণ্ডো কৰাৰ লক্ষ্য আছে ।"
তেওঁ লগতে কয়, "অসমকে ধৰি দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে গ্ৰীণ কমাণ্ডো আছে । মেঘালয়, অৰুণাচল, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, চিকিম, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, দিল্লী, ওড়িশা, দক্ষিণ ভাৰতৰ পৰা বহু লোকে গ্ৰীণ কমাণ্ডোৰ প্ৰশিক্ষণ লৈছে । তদুপৰি জাৰ্মানী, নেদাৰলেণ্ড, আফগানিস্তান, ভূটান, থাইলেণ্ডৰ পৰাও বহু লোক আহিছে প্ৰশিক্ষণ ল'বলৈ ।"
কি কি আছে খাদ্য অৰণ্যত
এই সন্দৰ্ভত তেওঁ কয়, "আমাৰ এই ফুড ফৰেষ্টত ২ হাজাৰোধিক থলুৱা ফলৰ গছ আছে । এই ফলমূলবোৰ খাবলৈ পাওঁ । লগতে কচু, ভোটজলকীয়া, হালধি, বাঁহৰ পাতৰ চাহ, চাহগছ এইবোৰ বিক্ৰী কৰি আমি নিজে চলিব পাৰোঁ । প্ৰশিক্ষণৰ পৰা অলপ উপাৰ্জন হয় । আমাৰ থলুৱা ফলমূল ইমান আছে, তাৰ পিছতো থলুৱা ফলমূলবোৰ নতুন প্ৰজন্মই নাপায় । সেয়েহে মই নাথাকিলেও নৱপ্ৰজন্মৰ বাবে এই হাবিখন সংৰক্ষণ হৈ থাকিব, য'ত তেওঁলোকে আমাৰ থলুৱা ফলবোৰ চাব পাৰিব ।"
সেউজ সৈনিকৰ সেউজ বিপ্লৱ
তেওঁ লগতে জানিবলৈ দিয়ে, "শেহতীয়াভাৱে কাৰ্বি আংলঙৰ উমচৈ ভেলীত আমাৰ ১০০ জন গ্ৰীণ কমাণ্ডোৱে ১০০ খন ফুড ফৰেষ্ট বনোৱা কাম আৰম্ভ কৰিছে । তেওঁলোকে বীজ বোমাবোৰ তেওঁলোকৰ ফৰেষ্টবোৰত নিক্ষেপ কৰিছে । তদুপৰি নিজৰ নিজৰ মাটিত উপাৰ্জনৰ বাবে মূল্যৱান গছ ৰোপণ কৰিছে ।"
উল্লেখ্য যে সমীৰ বৰদলৈ আৰু তেওঁৰ গ্ৰীণ কমাণ্ডো দলে গ্রাম্য পর্যটনৰ ক্ষেত্ৰতো আগভাগ লৈছে । স্থানীয় কৃষি পদ্ধতিৰ প্ৰশিক্ষণৰ বাবে সমীৰ বৰদলৈয়ে বিভিন্ন ঠাইৰ পৰা আমন্ত্রণো লাভ কৰিছে । তেওঁক অশোক ফেল'শ্বিপেৰে সন্মানিত কৰা হৈছে । ভাৰতীয় কৃষি গবেষণা প্রতিষ্ঠানে তেওঁক উদ্ভাৱনীমূলক কৃষকৰ বঁটাও প্রদান কৰিছে । মূলতঃ ইতিবাচক চিন্তাৰে সমাজক পথ প্রদর্শন কৰা এগৰাকী উদ্যমী হ'লেও সমীৰ বৰদলৈয়ে নিজকে এজন কৃষক বুলিহে পৰিচয় দি ভালপায় ।

