এদিনৰ বাবে অচল হৈ পৰিল মুদ্ৰা ব্যৱস্থা !
আজি জোনবিল মেলাৰ দ্বিতীয়টো দিন ৷ পাহাৰৰ পৰা নামি অহা মামা-মামীৰ সৈতে বিনিময় প্ৰথাৰে মুখৰিত হৈ পৰিছে ঐতিহাসিক জোনবিল মেলা ৷

Published : January 23, 2026 at 2:09 PM IST
মৰিগাঁও: বিনিময় প্ৰথাৰ পৰম্পৰা অটুট ৰাখি আৰম্ভ হোৱা ঐতিহাসিক জোনবিল মেলাৰ আজি(শুকুৰবাৰ) দ্বিতীয়টো দিন ৷ দ্বিতীয়টো দিনৰ প্ৰথমটো কাৰ্যসূচী আৰম্ভ হয় বিনিময় প্ৰথাৰে ৷
শুকুৰবাৰে পুৱা ৬ বজাত ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলাত শুভাৰম্ভ কৰা হয় বিনিময় প্ৰথা । ১৪ শতিকাৰ পৰাই গোভা দেওঁৰজাৰ এই পৰম্পৰা ধাৰাবাহিকভাৱে চলি অহা পৰিলক্ষিত হৈছে । গোভা দেওঁৰজাৰ আদান-প্ৰদানৰ এই পৰম্পৰা পাহাৰ আৰু ভৈয়ামৰ লোকসকলে মিলি ৰক্ষা কৰা আজিও জোনবিল পথাৰত দেখা যায় ৷
জোনবিল মেলাৰ দ্বিতীয়টো দিনৰ আটাইতকৈ আকৰ্ষণীয় কাৰ্যসূচী হৈছে ঐতিহাসিক বিনিময় প্ৰথা । এই প্ৰথা অনুসৰি পাহাৰৰ পৰা নামি অহা তিৱা মামা-মামীসকলে নিজৰ উৎপাদিত সামগ্ৰী যেনে - কচু, হালধি, আদা, জলকীয়া, ধূনা আদিৰ সৈতে ভৈয়ামৰ লোকসকলে লৈ অনা পিঠা-পনা, জলপান, খাৰ আদিৰ বিনিময় কৰিব ৷

পৰম্পৰাগত ৰীতি-নীতিৰে অনুষ্ঠিত হ’বলগীয়া এই বিনিময় প্ৰথাই আজিও পাহাৰ আৰু ভৈয়ামৰ মাজত একতা তথা ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰি আহিছে । বিনিময় প্ৰথাৰ সময়ত এদিনৰ বাবে মুদ্ৰা অচল হৈ পৰা বুলি ক’লেও ভুল কোৱা নহ’ব ৷

জোনবিল মেলাত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীয়ে এনেদৰে কয়, ‘‘এই জোনবিল মেলা এক প্ৰাচীন ঐতিহাসিক মেলা ৷ এই মেলা পাহাৰ-ভৈয়ামৰ মিলনৰ সংযোগস্থলী হৈ পৰিছে ৷ প্ৰাচীন গোভা দেওঁৰজাই প্ৰতিষ্ঠা কৰা এই মেলালৈ পাহাৰৰ মামা-মামীসকলে পাহাৰত উৎপন্ন হোৱা কেঁচাসামগ্ৰী ইয়ালৈ আনি ভৈয়ামত প্ৰস্তুত কৰা পিঠা-পনাৰ সৈতে বিনিময় কৰিব ৷ এই বিনিময় প্ৰথাটো আজিও জীয়াই ৰাখিছে জোনবিল মেলাই ৷ সেইটোৱেই হ’ল ঐতিহ্য ৷ সেই ঐতিহ্যৰ পৰাই জাতি, ধৰ্ম, পাহাৰ-ভৈয়াম নিৰ্বিশেষ সকলোৱে একতাৰ বাণী অটুট ৰাখিবলৈ সক্ষম হৈছে ৷ মই আশা ৰাখিছো যাতে বিশ্ব দৰবাৰত আমি এই সংস্কৃতি সদায়ৰ বাবে ধৰি ৰাখিব পাৰো ৷’’

আনহাতে, জোনবিল মেলাত উপস্থিত থাকি তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে কয়, ‘‘কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক জোনবিল মেলা শুভাৰম্ভ হৈছে ৷ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত বিভিন্ন ঠাইৰ মানুহ আহি সমবেত হৈছে আৰু বিনিময় প্ৰথা বুলি কওঁতে আমি সকলোৱে জানো যে Barter System সমগ্ৰ বিশ্বতে বিৰল ৷ এই Barter System ইতিমধ্যে আৰম্ভ হৈছে আৰু সমবেত হোৱা লোকসকলে নিজৰ নিজৰ সামগ্ৰীসমূহ বিনিময় কৰা আৰম্ভ কৰিছে ৷ জোনবিল মেলা এক সম্প্ৰীতিৰ উৎসৱ ৷ জোনবিল মেলা মাথোঁ তিৱাসকলৰে উৎসৱ নহয়, বিভিন্ন লোকে ইয়াত উপস্থিত হৈ মেলাত অংশগ্ৰহণ কৰিছে ৷ গতিকে আশা ৰাখিম ভৱিষ্যতেও যাতে সমগ্ৰ বিশ্বত বিৰল এই বিনিময় প্ৰথা ইয়াত ধৰি ৰাখিব পৰা যায় ৷’’

জোনবিল মেলাৰ সম্পাদক জুৰচিং বৰদলৈয়ে কয়, ‘‘হাজাৰ হাজাৰ লোক আপোনালোকে দেখিছে ৷ বিনিময় প্ৰথা সম্পন্ন হৈ আছে ৷ পাহাৰ-ভৈয়ামৰ লোকৰে সমৃদ্ধ এয়া হৈছে গোভা ৰজাৰ বিশ্বাস ৷ পুৰণিকলীয়া ১৪ শতিকাতে আৰম্ভ হোৱা এই মেলাত আপোনালোকে দেখিছেই কেনে পৰিৱেশে বিৰাজ কৰিছে ৷ ক্ৰমান্বয়ে মানুহৰ সংখ্যা বৃদ্ধি পাই আহিছে ৷’’
লগতে পঢ়ক: পৰম্পৰাগত ৰীতি-নীতিৰে জোনবিল মেলাত শুভাৰম্ভ ঐতিহাসিক বিনিময় প্ৰথা

