শ শ দেৱবাদ্য মৃদংগৰ ধ্বনিৰে মুখৰিত টিপমীয়া-ধোৱাপথাৰ
ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে মৃংগীয়া গায়ন-বায়ন সংস্থা, অসমৰ পূর্ণাংগ দ্বি-বার্ষিক ৰাজ্যিক অধিৱেশন ।

Published : January 5, 2026 at 8:38 AM IST
ডিব্ৰুগড় : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি গায়ন-বায়ন । গায়ন-বায়নে পৰিৱেশনত বাদ্য হিচাপে মৃদংগ ব্যৱহাৰ কৰিলে মৃদংগীয়া গায়ন-বায়ন বুলি কোৱা হয় । গুৰুজনাৰ অমৰ সৃষ্টি গায়ন-বায়ন অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহে অমূল্য সম্পদ হিচাপে জীয়াই ৰাখিছে । বৰ্তমান সময়ত এই পৰম্পৰা যাতে কেৱল নামঘৰ, সত্ৰতে সীমাবদ্ধ হৈ নাথাকে তাৰ বাবে চেষ্টা কৰিছে মৃদংগীয়া গায়ন-বায়ন সংস্থাই । এই সংস্কৃতি নতুন প্ৰজন্মৰ মাজলৈ কঢ়িয়াই নিবলৈ গঠন হোৱা মৃদঙ্গীয়া গায়ন-বায়ন সংস্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত নানান কাৰ্যসূচী হাতত লৈ আহিছে ।
এইবাৰ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ টিপমীয়া-ধোৱাপথাৰ সপ্ত মুক্তিযোদ্ধা সোঁৱৰণী মৃদংগীয়া কলাক্ষেত্রত শনিবাৰৰ পৰা মৃদংগীয়া গায়ন-বায়ন সংস্থা, অসমৰ পূর্ণাংগ দ্বি-বার্ষিক ৰাজ্যিক অধিৱেশন আৰু ৭ দিনীয়া অখণ্ড ভাগৱত পাঠ তথা শ্রীশ্রী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীৰ বাহৰ অনুষ্ঠান বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।
ডিব্রুগড় জিলা মৃদংগীয়া গায়ন-বায়ন সংস্থাৰ উদ্যোগত আৰু টিংখাং আঞ্চলিক সমিতিৰ সৌজন্যত টিপমীয়া-ধোৱাপথাৰ, ৰাজগড়বাসীৰ আতিথ্যত টিংখাংবাসীৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচীৰ দ্বিতীয় দিনা মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শ্রীশ্রী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামী, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বড়াসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
মুকলি সভাৰ পাছতে অসমৰ বিভিন্ন জিলাৰ পৰা অহা ৩ সহস্ৰাধিক উদীয়মান মৃদংগীয়া বাদ্য শিল্পীৰ দ্বাৰা একেলগে পৰিৱেশন কৰা হয় মৃদংগীয়া গায়ন-বায়ন । যি দৃশ্য আছিল অতি নান্দনিক ।
গায়ন-বায়ন পৰম্পৰাৰ আৰম্ভণি
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি হৈছে এই গায়ন-বায়ন । মৃদংগৰ ব্যৱহাৰ কৰিলে তাক মৃদংগীয়া গায়ন-বায়ন বুলি কোৱা হয় । সময়ৰ লগে লগে মৃদংগীয়া গায়ন-বায়নৰ চৰ্চা কিছু কমি আহিছে যদিও কিছু সংখ্যকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে গুৰুজনাৰ এই সৃষ্টিৰাজিক ।

বিশেষকৈ বৈষ্ণৱ সত্ৰীয়া সমাজৰ পৰম্পৰা গায়ন-বায়ন বা মৃদংগীয়া এৰাব নোৱাৰা সম্পদ । ইতিহাসৰ পাত লুটিয়াই জানিব পৰা অনুসৰি শ্ৰীমন্ত শংকৰদেৱে পোনপ্ৰথমে গায়ন-বায়নৰ পৰম্পৰা আৰম্ভণি কৰিছিল । শ্রীমন্ত শংকৰদেৱে মৃদংগ বা খোল কুমাৰ আৰু মুচীৰ হতুৱাই নিৰ্মাণ কৰোৱাই আমাৰ সাংস্কৃতিক জীৱনত অন্তৰ্ভুক্ত কৰিছিল ।

মৃদংগীয়া গায়ন-বায়ন সংস্থাক শলাগ কেন্দ্ৰীয় মন্ত্ৰীৰ :
দবা, শংখ, মৃদংগৰ ধ্বনিৰে আৰম্ভ হোৱা মৃদঙ্গীয়া গায়ন-বায়ন সংস্থাৰ পূৰ্ণাংগ ৰাজ্যিক অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "মৃদংগীয়া গায়ন-বায়ন সংস্থাই যি ৰাজ্যিক অধিৱেশন অনুষ্ঠিত কৰিছে তেওঁলোকৰ প্ৰচেষ্টাক শলাগ লৈছো । অনুষ্ঠান সফল কৰাৰ বাবে টিংখাঙৰ ৰাইজে যি ধৰণে সহযোগিতা আগবঢ়াইছে তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছো । এই অনুষ্ঠান নতুন প্ৰজন্মৰ বাবে শিকিব লগা । অসমীয়া জাতিক যদি আমি সন্মান সহকাৰে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব বিচাৰো তেতিয়াহ'লে আমাৰ সাতামপুৰুষীয়া পৰম্পৰা আমি শিকিব লাগিব । গুৰুসকলে সমাজখন সুন্দৰ কৰিবলৈ যি চেষ্টা কৰি গৈছে তাক আগুৱাই নিবলৈ এই সংস্থাই চেষ্টা অব্যাহত ৰাখিছে ।
ইফালে মন্ত্ৰী বিমল বড়াইও চৰকাৰে মৃদংগীয়া গায়ন-বায়ন বা সত্ৰ সমাজৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে ।
লগতে পঢ়ক :জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন মুম্বাইৰ বিশিষ্ট উদ্যোগপতিৰ

