সংগীতৰ মহানায়কৰ স্মৃতি সজীৱ কৰিবলৈ নিৰ্মাণ কৰিলে ৬ ফুট ওখ প্ৰতিমূৰ্তি
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক প্ৰাণ দিয়াৰ চেষ্টা মাজুলীৰ শিল্পীৰ ।

Published : February 8, 2026 at 2:27 PM IST
মাজুলী: অসমীয়াৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু কণ্ঠশিল্পী কায়িকভাবে আমাৰ মাজৰ পৰা বিদায় মাগিলেও প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত সদায় স্মৃতি সজীৱ হৈ থাকিব । এইগৰাকী মহান শিল্পীক প্ৰাণ দিয়াৰ চেষ্টাৰে মাজুলীৰ এগৰাকী ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰিলে ৬ ফুট ওখ এটা প্ৰতিমূৰ্তি ।
মাজুলীৰ ৰাইদাঙনি গাঁৱৰ সোমেশ্বৰ নাথ নামৰ ভাস্কৰ্য শিল্পীগৰাকীয়ে নিৰ্মাণ কৰি উলিয়ালে সংগীতৰ মহানায়কৰ প্ৰতিমূৰ্তিটো । শিক্ষকতা বৃত্তিৰ লগত জড়িত এইগৰাকী ভাস্কৰ্য শিল্পীয়ে চাৰি মাহৰ প্ৰচেষ্টাৰে নিৰ্মাণ কৰি উলিয়াইছে প্ৰতিমূৰ্তিটো ।
এইগৰাকী শিল্পীয়ে সদৰী কৰা মতে জুবিন গাৰ্গৰ প্ৰতি তেওঁৰ যথেষ্ট মৰম আছে । জুবিন গাৰ্গৰ সৃষ্টিৰাজি জীয়াই ৰখাৰ মানসেৰে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছে । তেওঁ কয়," অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অভাৱ ৰাইজে মৰ্মে মৰ্মে উপলব্ধি কৰিছে । সুদূৰ আমেৰিকা, ইংলেণ্ড আদিৰ পৰা আহিও তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । আমিও ব্য়তিক্ৰমী নহয় । তেখেতৰ প্ৰতি থকা গভীৰ মৰম আৰু শ্ৰদ্ধা জনাই সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছো ।"
ভাস্কৰ্য শিল্পী সোমেশ্বৰ নাথৰ জুবিন গাৰ্গ জীয়াই থকাৰে পৰাই তেওঁৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণৰ কথা মনলৈ আহিছিল । তেওঁ কয়, "জীয়াই থাকোতে এই কাম কৰিব নোৱাৰিলো, যিহেতু তেওঁ অতি সোনকালে আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল । যোৱা চাৰি মাহত অতি কষ্টৰে কণ্ঠশিল্পীগৰাকীৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছো । শিল, বালি, ৰ’দ, চিমেণ্ট ব্যৱহাৰ কৰি নিৰ্মাণ হৈছে এই প্ৰতিমূৰ্তিটো ।"

তেওঁ লগতে কয়, "শিলেৰে বা পকা কৰি এটা প্ৰতিমূৰ্তি বনোৱা ইমান সহজ কথা নহয়, তথাপি শিল্পীগৰাকীৰ প্ৰতি থকা মৰমৰ বাবেই এই কাম শেষ কৰিব পাৰিছো ।" এইগৰাকী শিল্পীয়ে জনোৱা মতে ২০০৭ চনৰ পৰাই তেওঁ এই কৰ্মৰ লগত জড়িত হৈ আহিছে । তেওঁ লগতে কয় যে পেছা হিচাপে শিক্ষকতা কৰি আছে যদিও তেওঁৰ নিচা আছে এই বৃত্তিত । গতিকে শিক্ষকতা বৃত্তিৰ মাজত যি অলপ সময় পাই সেই সময় এই বৃত্তিত মনোনিবেশ কৰে ।

