কৰ্কটৰোগৰ প্ৰতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত যুগান্তকাৰী সফলতা অসম সন্তান ৰুবুল মাউতৰ
শেহতীয়াকৈ ৰুবুল মাউতৰ এক গৱেষণাই কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে বিজ্ঞানীগৰাকীয়ে ৷

Published : June 28, 2026 at 1:36 PM IST
গুৱাহাটী: অসম সন্তান তথা বিজ্ঞানী ৰুবুল মাউত আমাৰ সকলোৰে বাবে এটি চিনাকী নাম ৷ তেওঁৰ গৱেষণাৰ বিষয়ে ভূ নোপোৱা সকলেও ৰুবুল মাউতক চিনি পায় তেওঁৰ অনুপম সৃষ্টি ‘মোৰো এটা সপোন আছে’ গ্ৰন্থখনৰ দ্বাৰা ৷ শেহতীয়াকৈ ৰুবুল মাউতৰ এক গৱেষণাই কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে বিজ্ঞানীগৰাকীয়ে ৷
ফেচবুকত এটা পোষ্টত বিজ্ঞানীগৰাকীয়ে তেওঁৰ গৱেষণাৰ বিষয়ে সবিশেষ প্ৰকাশ কৰিছে ৷ কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে ৰুবুল মাউটৰ গৱেষণাই ৷ ইয়াৰ লগতে আছে আন এক ভাল খবৰ ৷ অহা ২৯ জুনৰ পৰা আমেৰিকাৰ চিনচিন্নাতি চিল্ড্ৰেন্স হস্পিটেল মেডিকেল চেন্টাৰৰ (Cincinnati Children’s Hospital Medical Center বা CCHMC) Immunobiology, Oncology, আৰু Stem Cell and Organoid Medicine বিভাগত অধ্যাপক তথা মুখ্য বিজ্ঞানী (Principal Investigator) হিচাপে যোগদান কৰিব এইগৰাকী অসম সন্তানে ।
নিজৰ পোষ্টত তেওঁ লিখিছে, ‘‘যোৱা কেইবামাহ বৰ ব্যস্ততাত পাৰ হ’ল সময় ! এই সময়খিনিত মোৰ গৱেষণাত কৰ্কটৰোগৰ প্ৰতিষেধক নিৰ্মাণৰ ক্ষেত্ৰত বহুখিনি অগ্ৰগতি লাভ কৰিলে । অতি উচ্চস্তৰীয় কৃত্ৰিম প্ৰ’টিন অণু নিৰ্মাণেৰে আমাৰ দেহত থকা অতি দুৰ্লভ এক শ্ৰেণীৰ ৰোগ প্ৰতিৰোধী ডেনড্ৰিটিক কোষ পুনৰ সৃষ্টি সম্ভৱ হৈ উঠিল । এই কৃত্ৰিম প্ৰ’টিন অণুৱে একেলগে বহুতো কোষীয় প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰি দুৰ্লভ ডেনড্ৰিটিক কোষৰ সৃষ্টি সম্ভৱ কৰি তুলিছে । সেয়েহে এনে অণুক আমি নাম দিছোঁ Multi-signaling protein complex (MSPC)।"
মাউটে কয়, "ডেনড্ৰিটিক কোষ আৱিষ্কাৰ কৰিছিল ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ ৰাল্ফ ষ্টাইনমেনে । এই কোষে আমাৰ শৰীৰৰ বীজাণু বিনাশী টি-কোষক প্ৰশিক্ষণ দিয়ে—ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ শিক্ষা দিয়ে টি-কোষবোৰক । দ্ৰোণাচাৰ্যই অৰ্জুনক ধনুৰ্বিদ্যাৰ জ্ঞান দিয়াৰ দৰে । অৰ্থাৎ এই দ্ৰোণাচাৰ্যৰূপী ডেনড্ৰিটিক কোষৰ অৱৰ্তমানত আমাৰ শৰীৰে ৰোগৰ বিৰুদ্ধে যুঁজিব নোৱাৰে ।"
ষ্টাইনমেনে আৱিষ্কাৰ কৰিছিল যে ডেনড্ৰিটিক কোষক সক্ৰিয় আৰু উত্তেজিত কৰি টি-কোষবোকক এনেকৈ প্ৰশিক্ষণ দিব পাৰি যে এই কোষবোৰে গৈ কৰ্কট কোষৰ বিৰুদ্ধে যুঁজ দিব পাৰে । এনেকৈয়ে আৰম্ভ হৈছিল কৰ্কট প্ৰতিষেধক তথা cancer vaccine’ৰ গৱেষণা যি আজি বিশ্বত বহুলভাৱে চৰ্চিত । ৰাল্ফ ষ্টাইনমেনক এই যুগান্তকাৰী গৱেষণাৰ বাবে ২০১১ চনত ন’ৱেল বঁটা দিয়া হৈছিল ।
কিন্তু এই বিষয়টো বহু চৰ্চাত থাকিলেও, আমাৰ শৰীৰত এবিধ আটাইটকৈ শক্তিশালী ডেনড্ৰিটিক কোষৰ সংখ্যা একেবাৰে নগণ্য- এক কথাত দুৰ্লভ, যাৰ বাবে বহু প্ৰতিশ্ৰুতি থকাৰ পিছতো উপযুক্ত আৰু শক্তিশালী কৰ্কট প্ৰতিষেধক হৈ উঠাগৈ নাই । গতিকে আমাৰ গৱেষণাই এই ক্ষেত্ৰত বিপুল সম্ভাৱনা কঢ়িয়াই আনিব পাৰে!
ৰুবুল মাউটে লগতে কয়, "বন্ধুসকলক আন এটা কথা জনাওঁ যে মই অহা ২৯ জুনৰ পৰা আমেৰিকাৰ চিনচিন্নাতি চিল্ড্ৰেন্স হস্পিটেল মেডিকেল চেন্টাৰৰ (Cincinnati Children’s Hospital Medical Center বা CCHMC) Immunobiology, Oncology, আৰু Stem Cell and Organoid Medicine বিভাগত অধ্যাপক তথা মুখ্য বিজ্ঞানী (Principal Investigator) হিচাপে যোগ দিম ।"
CCHMC হৈছে Pediatric Oncology আৰু Immunology তথা শিশু কৰ্কট ৰোগৰ বিশ্ব শ্রেষ্ঠ গৱেষণা প্ৰতিষ্ঠান । ইয়াত (মোৰ গৱেষণাগাৰত) Cancer Vaccine, Immune rejuvenation আদি বিষয়ক বহুকেইটা অত্যুৎসাহী প্ৰকল্পত (Bold ideas) গৱেষণা চলিব। লগতে CCHMCত এশ মিলিয়ন ডলাৰ ব্যয়েৰে নিৰ্মিত Cell and Gene Therapy চেন্টাৰত প্ৰ’টিন থেৰাপীৰ এক বিশ্বমানৰ অভিলাষী প্ৰকল্পৰ আৰম্ভ হ’ব মোৰ নেতৃত্বত ।’’
লগতে পঢ়ক: আৰামী জীৱনশৈলীয়ে কৰ্কটৰ আশংকা বৃদ্ধি কৰে?

