ETV Bharat / state

কাতি বিহুৰ পৰম্পৰাৰ আঁৰত থকা বিজ্ঞানসন্মত তথ্য

অসমীয়া ৰাইজৰ প্ৰাণৰ তিনিটি বিহুৰ অন্যতম কাতি বিহু । কাতি বিহুৰ অন্তৰালত লুকাই আছে কিছু ধৰ্মীয় তথা বিজ্ঞানসন্মত কেতবোৰ কথা । আহক জানোঁ ।

scientific facts behind the tradition of Kati Bihu
কাতি বিহুৰ পৰম্পৰাৰ আঁৰত থকা বিজ্ঞানসন্মত তথ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 18, 2025 at 3:51 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ: 'কাৰ ঘৰে লগাই বন্তি,

গোসাই ফুৰে দিনে ৰাতি ।

কাৰ ঘৰে হৰি নাম লয় ঐ ৰাম ৰাম ।

তুলসীৰ তলে তলে মৃগ পহু চৰে,

গোঁসাই শৰধেনু জোৰে ।'

অসমীয়াৰ প্ৰাণৰ তিনিটি বিহুৰ অন্যতম কাতি বিহুৰ সন্ধিয়া এনেদৰে তুলসীৰ ভেটিত বন্তি জ্বলাই অসমীয়া ৰাইজে কৃষ্ণ আৰু তুলসীৰ বন্দনা কৰে । বছৰটোত সাধাৰণতে কাতি মাহৰ সময়খিনিত আন সময়ৰ তুলনাত কিছু আকাল হয় । সেয়ে কেৱল আধ্যাত্মিকতাৰে সংপৃক্ত নিয়মৰ বাদে কাতি বিহু বেছি ৰহণীয়া নহয় । তুলসীৰ ভেটি সাজি নৈবেদ্য আগবঢ়াই বন্তি জ্বলাই সন্ধ্যা নাম গুণ গোৱাৰ উপৰি আকাশ বন্তি জ্বলাই আনন্দ উপভোগ কৰা হয় ।

কাতি বিহুৰ পৰম্পৰাৰ আঁৰত থকা বিজ্ঞানসন্মত তথ্য (ETV Bharat Assam)

কাতি বিহুৰ কিছু তাৎপর্য ব্যাখ্যা কৰি লখিমপুৰৰ বোৱালগুৰি নিবাসী বিশিষ্ট লেখক, নিবন্ধকাৰ নৃপেন ফুকনে কয়,"কাতি মাহটো দেৱতাসকলৰ সেনাপতি কাৰ্তিকৰ নামৰ লগত সংপৃক্ত হৈ আছে । কাৰ্তিকৰ সলনি কাতি বুলি কোৱা হয় এই মাহটোক । অসমখন যিহেতু কৃষি প্ৰধান ৰাজ্য । সেয়ে বহুত কৃষিৰ বতৰাও নিহিত হৈ থাকে । কাতি বিহুৰ দিনা পদূলিমুখৰ পৰা ঘৰৰ চোতাল আদি চিকুণাই নিকা কৰি চোতালৰ মূৰত ভেটি সজা হয় । ভেটিত তুলসী ৰোপণ কৰা হয় । সন্ধ্যা তুলসীৰ তলত বন্তি জ্বলোৱাৰ লগতে নৈবেদ্য আগবঢ়াই ভক্তিমূলক নাম গোৱা হয় । পদুলিৰ পৰা ঘৰলৈকে বিভিন্ন স্থানত বন্তি জ্বলোৱা হয় । পথাৰত আকাশ বন্তি জ্বলোৱা হয় । অসমৰ ৰাইজ যিহেতু কৃষ্ণ সংস্কৃতিত নিমজ্জিত সেয়ে কৃষ্ণ নামৰ লগতে তুলসীৰ নাম গোৱা হয় ।"

scientific facts behind the tradition of Kati Bihu
তুলসীৰ তলত বন্তি (ETV Bharat Assam)

কাতি বিহুৰ বিজ্ঞানসন্মত কেতবোৰ কথাও তেওঁ উল্লেখ কৰে । তেওঁ কয়,"এই সময়ত ধানৰ গেৰ ধৰে গাখীয়তি হয় । গাখীয়তি ধানৰ সোৱাদ পাই নানা কীট-পতংগই ধানৰ অনিষ্ট কৰে । সেয়ে সন্ধ্যা পথাৰত বন্তি জ্বলোৱা হয় । আকাশ বন্তিও জ্বলোৱা হয় । বন্তিৰ শিখা দেখি শস্য ক্ষেত্রৰ কীট-পতংগ আকৰ্ষিত হৈ উৰি আহে । কিছুমান বন্তিৰ শিখাত জাহ যায় । আন কিছুমানক নিশাচৰ কেতবোৰ চৰায়ে খাই পেলায় ।"

scientific facts behind the tradition of Kati Bihu
তুলসীৰ তলত বন্তি (ETV Bharat Assam)

নৃপেন ফুকনে কয়,"আনহাতে তুলসী এবিধ মহৌষধি গছ । বিভিন্ন দৰৱত তুলসীৰ প্ৰয়োজন । এই সময়ত তুলসীৰ পুলি হয় । সেয়ে তুলসীৰ পুলিবোৰ এনেদৰে ৰোপণ কৰিলে সংৰক্ষিত হ'ব । নহলে তুলসী দুস্প্ৰাপ্য হৈ পৰিব । তুলসীৰ লগত শ্ৰীকৃষ্ণৰ ধৰ্মীয় কাহিনীও জড়িত হৈ আছে । সেয়ে আধ্যাত্মিক অথবা বিজ্ঞান মনস্কতাৰ বহু দিশ কাতি বিহুত জড়িত হৈ আছে । পিছে পৰিৱৰ্তনশীল সময়ৰ ধামখুমীয়াত পুৰণি দিনৰ বিহুৰ পৰম্পৰাত আঁচোৰ পৰিছে ।"

লগতে পঢ়ক: উৰুঙা উৰুঙা মনেৰেই কঙালী: পালনতো কৰিবই লাগিব

৩৭২ বছৰীয়া পৰম্পৰাৰে কাতি বিহুত আকাশবন্তি প্ৰজ্বলন