ৰ'জ আলীৰ দৰে মানসিকতাৰ মানুহক য’তে পাই তাতে মাৰি পেলাই দিব লাগে: সত্যৰঞ্জন বৰা
নলবাৰীৰ মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা আৰু বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়, ভুক্তভোগী পৰিয়ালটোক সমবেদনা জ্ঞাপন ৷

Published : June 2, 2026 at 5:05 PM IST
নলবাৰী: ‘‘মাধুৰ্য বৰ্মন ৰামায়ণৰ জটায়ু পক্ষী স্বৰূপ ৷ এগৰাকী নাৰীক বচাবলৈ গৈ তেওঁ মৃত্যুক সাবটিব লগাত পৰিল ৷ তেওঁৰ ভনীয়েকগৰাকী হৈছে ৰামায়ণৰ সীতা স্বৰূপ ৷ আমাৰ অসমীয়া হিন্দু ছোৱালী-বোৱাৰীয়ে যদি নিবিচাৰে তেন্তে তেওঁলোকৰ গাত হাত দিবলৈ কোনো মানুহৰ কলিজাত ইমান সাহস নাই ৷’’ মঙলবাৰে প্ৰয়াত আছু নেতা মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ এই মন্তব্য কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ৷
তেওঁ লগতে কয়, ‘‘যুৱতীগৰাকীৰ সাহস মানিবলগীয়া ৷ তেওঁ সকলোৰে বাবে প্ৰেৰণাৰ উৎস ৷ পুডুচেৰীত হ’ব লগা আগন্তুক হিন্দু সন্মিলনত তেওঁক হিন্দু চেতনা বঁটা প্ৰদান কৰা হ’ব ৷’’
হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ড সন্দৰ্ভত কয়, ‘‘এয়া এদিন বা দুদিনৰ কথা নহয়, আপুনি বা মই মানুহ মাৰিব নোৱাৰো, আমাৰ মানসিকতাই সেয়া নকয়, কাৰণ আমাক তেনেদৰে লালন-পালন কৰা হোৱা নাই ৷ কিন্তু যিসকলক সৰুৰে পৰা হত্যা-হিংসাৰ মাজেৰে লালন-পালন কৰিছে, যিসকলক মাদ্ৰাছাত তাৰেই প্ৰশিক্ষণ দিয়া হয়, যাৰ ধৰ্মপুথিতেই সেই কথা লিখা আছে তেওঁলোকে পাৰে ৷’’
তেওঁ লগতে অভিযুক্ত ৰ'জ আলীক পগলe কুকুৰৰ লগতো তুলনা কৰে ৷ এনে মানসিকতা থকা মানুহক য’তে পাই তাতে মাৰি পেলাই দিব লাগে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ৷
মাধুৰ্য বৰ্মনক হত্যা কৰাৰ পাছতে অভিযুক্ত ৰ'জ আলী চৰাঞ্চলত লুকাই থকা প্ৰসংগত বৰাই কয়, ‘‘চৰত তেওঁক কোনে ৰাখিছিলে, ক’ত পালে পিষ্টল ? তাৰ মানে চৰত গোলা-বাৰুদ-পিষ্টল বনোৱা কাৰখানা আছে !’’
আনহাতে, সত্যৰঞ্জন বৰাৰ লগতে প্ৰয়াত মাধুৰ্য বৰ্মনৰ বাসগৃহত বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ো উপস্থিত হয় ৷ মাধুৰ্য বৰ্মনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে হত্যা-হিংসাৰ পথ পৰিহাৰ কৰি সকলোকে মিলিজুলি বসবাস কৰিবলৈ কয় বিধায়ক ৰয়ে । তেওঁ কয়, ‘‘এই ঘটনাই কেৱল নলবাৰীকে নহয়, সমগ্ৰ অসম জোকাৰি গৈছে ৷ সকলোকে হতচকিত কৰিছে ৷ ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নহয়, তাৰ ব্যৱস্থা কৰিব লাগে ৷’’
ইতিমধ্যে সকলোৰে জ্ঞাত যে, দেওবাৰে সন্ধিয়া ৰ'জ আলীৰ আক্ৰমণত নিহত হৈছিল মাধুৰ্য বৰ্মন, লগতে তেওঁৰ ভগ্নী গুৰুতৰভাৱে আহত হৈ বৰ্তমানেও জিএমচিএইছত জীৱন-মৃত্যুৰে যুঁজি আছে । এই ঘটনাৰ পাছতে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় ৰ'জ ৷
এই ঘটনাৰ পাছতে আজিও উত্তপ্ত হৈ আছে নলবাৰী জিলা ৷ ইতিমধ্যে এঘৰীয়া কৰা হৈছে অভিযুক্ত ৰ'জ আলীৰ পৰিয়ালক ৷ ৰাজহুৱা কবৰস্থানৰ পৰিৱৰ্তে নিজা ঘৰৰ এটা চুকত কেৱল পৰিয়ালৰ লোকৰ উপস্থিতিত ৰ'জ আলীৰ জানাজা সম্পন্ন হ’ব বুলি জানিব পৰা গৈছে ৷

