ETV Bharat / state

উত্তৰ-পূবৰ প্ৰথমগৰাকী ফুটবল নিৰ্মাতা, সত্ৰীয়া সংস্কৃতিৰ সাধক লক্ষ্মীকান্ত মহন্তৰ পৰলোকপ্ৰাপ্তি

অসম সত্ৰ মহাসভাই সৰ্বোচ্চ সন্মান 'সত্ৰৰত্ন' উপাধিৰে বিভূষিত কৰিছিল সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তক ।

Satradhikar Laxmikanta Mahanta passed away
সত্ৰীয়া সংস্কৃতিৰ সাধক লক্ষ্মীকান্ত মহন্তৰ বিয়োগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 5, 2026 at 2:44 PM IST

2 Min Read
Choose ETV Bharat

শিৱসাগৰ : সত্ৰীয়া সংস্কৃতিৰ সাধক, বিশিষ্ট ক্ৰীড়া উদ্যোগী, উত্তৰ-পূবৰ প্ৰথমগৰাকী ফুটবল নিৰ্মাতা, সমাজকৰ্মী তথা শ্ৰীশ্ৰী উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ পৰলোকপ্ৰাপ্তি ।

বাৰ্ধক্যজনিত ৰোগত বিগত কিছুদিন ধৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা লক্ষ্মীকান্ত মহন্তই ৯৪ বছৰত শেষ নিশ্বাস ত্যাগ কৰে । শিৱসাগৰ গণকপট্টিৰ সেউজপুৰৰ বাসিন্দা প্ৰয়াত মহন্তক আজি বিভিন্ন দল-সংগঠন তথা ব্য়ক্তি বিশেষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

সত্ৰীয়া সংস্কৃতিৰ সাধক লক্ষ্মীকান্ত মহন্তলৈ অন্তিম শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

ইণ্ডাষ্ট্ৰিয়েল আৰ্ট নামৰ ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে কৰ্মজীৱনৰ আৰম্ভণি কৰা প্ৰয়াত মহন্তৰ নশ্বৰদেহ সোমবাৰে পুৱা প্ৰতিষ্ঠানখনলৈ লৈ অনা হয় । ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ সন্মুখতে মহন্তৰ গুণমুগ্ধসকলে প্ৰয়াত সত্ৰাধিকাৰগৰাকীলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শিৱসাগৰ জিলাৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ তৰফৰ পৰাও তেওঁলৈ জ্ঞাপন কৰা হয় অন্তিম শ্ৰদ্ধাঞ্জলি । শিৱসাগৰ পৌৰসভা, অসম সত্ৰ মহাসভা, শিৱসাগৰ জিলা সাংবাদিক সংস্থা, শিৱসাগৰ ই-মিডিয়া সংস্থা, শিৱসাগৰ প্ৰেছ ক্লাব, শিৱসাগৰ জিলা সাহিত্য সভা আদিকে ধৰি শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁলৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে ।

Satradhikar Laxmikanta Mahanta passed away
সত্ৰীয়া সংস্কৃতিৰ সাধক লক্ষ্মীকান্ত মহন্তৰ বিয়োগ (ETV Bharat Assam)

সত্ৰীয়া সংস্কৃতিৰ সাধক, বিশিষ্ট ক্ৰীড়া উদ্যোগীগৰাকীৰ মৃত্য়ুত শিসসাগৰ ক্ৰীড়া সন্থাৰ সম্পাদক প্ৰকাশ কটকীয়ে কয়, "শিসসাগৰ ক্ৰীড়া সন্থাৰ বাবে তেওঁ প্ৰাণদাতা আছিল । তেওঁ শিৱসাগৰ ক্ৰীড়া সন্থাৰ অক্সিজেন আছিল । শিসসাগৰ ক্ৰীড়া সন্থাই আজিৰ যি অৱস্থা পাইছে সেইখিনৰ গুৰিধৰোতা আছিল লক্ষ্মীকান্ত মহন্ত ।"

উল্লেখ্য যে 'অসম গৌৰৱ' ফুটবল নিৰ্মাতা মহন্তক উত্তৰ-পূবৰ প্ৰথমগৰাকী ফুটবল নিৰ্মাতা হিচাপেও গণ্য কৰা হয় । ১৯৫৮ চনতে তেওঁ প্ৰতিষ্ঠা কৰিছিল ক্ষুদ্ৰ উদ্যোগ ইণ্ডাষ্ট্ৰিয়েল আৰ্ট । ২০২৫ বৰ্ষত অসম সত্ৰ মহাসভাই সৰ্বোচ্চ সন্মান 'সত্ৰৰত্ন' উপাধিৰে বিভূষিত কৰে । অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক আছিল লক্ষ্মীকান্ত মহন্ত । শিৱসাগৰ জিলা সাহিত্য সভাই তেওঁৰ জীৱনৰ ওপৰত 'অনুকৰ্ষণ অভিদৰ্শন' নামৰ এখন অভিনন্দন গ্ৰন্থও প্ৰকাশ কৰিছিল । দুপৰীয়ালৈ টিয়কৰ শ্ৰীশ্ৰী উজনিয়াল সত্ৰত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ।

লগতে পঢ়ক:মঘাই ওজাৰ আদৰ্শৰে ঢোলটোকে সাবটি গ'লগৈ বলাই ওজাও, মৃত্যু পৰ্যন্ত নাপালে শিল্পী পেন্সন

স্মৃতি হৈ পৰা ৰঙাবাছৰ প্ৰতীক 'গঁড়'টো অংকন কৰা চৌকত আলী আৰু নাই