ETV Bharat / state

লণ্ডনৰ মাটিত খোপনি পুতিছে মাজুলীৰ সত্ৰীয়া পৰম্পৰাই; বিদেশত অস্থায়ীভাৱে স্থাপন মহাপ্ৰভুৰ আসন

মাজুলীৰ পৰা লণ্ডনলৈ অসমৰ সত্ৰীয়া সংস্কৃতিৰ ঐতিহাসিক যাত্ৰা । আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে লণ্ডনত অস্থায়ীভাৱে স্থাপন কৰে মহাপ্ৰভুৰ আসন ৷

Satradhikar Dr Pitambardev Goswami Pravu Ishwar establishes Guru Asana in London
লণ্ডনত উপস্থিত সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 11:35 AM IST

2 Min Read
Choose ETV Bharat

মাজুলী: সাত সাগৰ তেৰ নদীৰ পাৰতো এতিয়া প্ৰতিধ্বনিত হৈছে শংকৰী সংস্কৃতিৰ অমিয়া সুৰ । ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ লণ্ডনত ইতিমধ্যে উপস্থিত হৈছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামী ।

লণ্ডনত উপস্থিত হোৱাৰ পাছতে প্ৰবাসী অসমীয়াসকলে সত্ৰাধিকাৰ গোস্বামীৰ লগতে তেওঁৰ সৈতে যোৱা ডেকা ভকত আৰু তেওঁলোকৰ এগৰাকী সতীৰ্থক উষ্ম আদৰণি জনায় ৷ তাৰ পাছতে সত্ৰাধিকাৰগৰাকীয়ে অসমীয়া পৰম্পৰা অনুসৰি অস্থায়ীভাৱে এগৰাকী প্ৰবাসী অসমীয়াৰ ঘৰতে সৰুকৈ মহাপ্ৰভুৰ আসন স্থাপন কৰে ।

লণ্ডনত উপস্থিত সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামী (ETV Bharat Assam)

এই সন্দৰ্ভত ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে কয়, ‘‘অসমীয়া সত্ৰীয়া সংস্কৃতিৰ জয়যাত্ৰা সদায় এনেদৰেই গতি কৰক ৷ আমি বিদেশলৈ গ’লে সদায় মহাপ্ৰভুক লৈ যাওঁ আৰু মহাপ্ৰভুক স্থাপন কৰি সেৱা নকৰালৈকে আমি অন্ন গ্ৰহণ নকৰো ৷ আজি ইয়াত মহাপ্ৰভুৰ আসন স্থাপন কৰি অত্যন্ত আনন্দিত হৈছো ৷’’

উল্লেখ্য যে, ১৭ জুন তাৰিখে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ ১৫ নম্বৰ গৃহত এখন বিশেষ সভা অনুষ্ঠিত হ’ব ৷ এই বিশেষ সভাত ব্ৰিটেইনৰ প্ৰায় ৬২ গৰাকী সাংসদ উপস্থিত থাকিব । অনুষ্ঠানটোৰ মূল সঞ্চালনা কৰিব ব্ৰিটেইনৰ মুখ্য সাংসদ ববে । এই অনুষ্ঠানতে অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সম্পৰ্কে বিশেষ বক্তৃতা প্ৰদান কৰিব মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে ।

লণ্ডনৰ সময় অনুসৰি উক্ত সভাখন ১৭ জুনৰ সন্ধিয়া ৬ বজাৰ পৰা নিশা ৮ বজালৈ অনুষ্ঠিত হ’ব । এই দুঘণ্টাৰ কাৰ্যসূচীত কেৱল বক্তৃতাই নহয়, প্ৰদৰ্শিত হ’ব অসমৰ সত্ৰীয়া নৃত্য-গীতো । ইয়াৰে ৩০ মিনিট সত্ৰাধিকাৰগৰাকীয়ে ভাষণ আগবঢ়াব । এঘণ্টা সময় ব্ৰিটিছ সাংসদসকলৰ আগত সত্ৰীয়া সংস্কৃতিৰ বাৰেৰহণীয়া কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব, য’ত প্ৰশ্নোত্তৰ শিতানো অন্তৰ্ভুক্ত থাকিব ৷

পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত প্ৰদৰ্শন কৰা হ'ব অসমৰ বৈষ্ণৱ সংস্কৃতি । এই ঐতিহাসিক কাৰ্যসূচীয়ে এতিয়া সুদূৰ বিদেশৰ মাটিতো প্ৰাণ দিছে অসমীয়া জাতীয় পৰিচয়ক । সমগ্ৰ বিশ্বৰ বুকুত অসমৰ সত্ৰীয়া সংস্কৃতিৰ এই ঐতিহাসিক জয় যাত্ৰাই এতিয়া উৎফুল্লিত কৰি তুলিছে প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণ ।

লগতে পঢ়ক : ব্ৰিটিছ পাৰ্লিয়ামেণ্টত বাজিব অসমৰ সত্ৰীয়া সংস্কৃতিৰ জয়ধ্বনি