ETV Bharat / state

গুৱাহাটীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

শনিবাৰে মহানগৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ ৰাজ্যত অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ প্ৰতিবাদ সংগঠনটোৰ ৷

SATRA MUKTI SANGRAM SAMITI
গুৱাহাটীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 16, 2026 at 7:00 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই পেট্ৰ'ল-ডিজেল তথা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিজেপি চৰকাৰ হায় হায়, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰক আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ নেতৃত্বই । ইফালে প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিবলৈ লওতে আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত বাক বিতণ্ডাত লিপ্ত হয় ৷

গুৱাহাটীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ (ETV Bharat Assam)

প্ৰতিবাদকাৰী সংগঠনটোৰ সদস্যই কয়, " সমগ্ৰ ৰাজ্যতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ লগতে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছে । প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ জনতাক লুন্ঠৰাজ, ডকাইতি ৰাজ চলাইছে । এই লুন্ঠনৰাজৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো । পেট্ৰ'ল- ডিজেল, জীৱনদায়িনী ঔষধলৈকে অস্বাভাৱিক হাৰত মূল্যবৃদ্ধি কৰি অসমৰ জনতাক লুন্ঠনৰাজ চলাইছে ৷ সেয়া বন্ধ কৰিব লাগিব চৰকাৰে । অন্যথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শান্তিৰে চৰকাৰ চলাব নোৱাৰিব ।"

তেওঁলোকে লগতে কয়, "মিত্ৰজোঁট চৰকাৰে ১০২ খন আসন লাভ কৰিছে বুলিয়ে পেট্ৰ'লৰ মূল্য ১০২ টকা কৰিব তেনে কোনো কথা নহয় । অসমৰ জনসাধাৰণে বুজি পোৱা উচিত যে এইখন চৰকাৰে তেজ শুহি খাবলৈ আহিছে। নিৰ্বাচনৰ পূৰ্বে যদি মূল্য বৃদ্ধি হোৱা নাছিল নিৰ্বাচনৰ পাছত কিয় মূল্যবৃদ্ধি কৰিলে ।

প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণ কৰিব কিন্তু জনসাধাৰণক বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাব, এইটো কেনেধৰণৰ কথা ।"

লগতে পঢ়ক:বজাৰত লাগিছে জুই : মূল্যবৃদ্ধিত দিশহাৰা সৰ্বসাধাৰণ জনতা