ETV Bharat / state

উদাসীন ভকতলৈ মাহিলী আৰ্থিক সাহাৰ্য: চৰকাৰৰ সিদ্ধান্তক আদৰণি সত্ৰ সমাজৰ

ৰাজ্যৰ সত্ৰসমূহৰ উদাসীন ভকতলৈ মাহিলী ১৫০০ টকাৰ আৰ্থিক সাহাৰ্য ।

financial assistance for Udasin Bhakat
উদাসীন ভকতলৈ মাহিলী আৰ্থিক সাহাৰ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 2, 2026 at 2:40 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী : ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ উদাসীন ভকতসকলৰ বাবে বিশেষ ঘোষণা কৰিছে । সেই ঘোষণা অনুসৰি সত্ৰসমূহৰ উদাসীন ভকতসকলে এতিয়াৰে পৰা প্ৰতিমাহে ১৫০০ টকাকৈ আৰ্থিক সাহাৰ্য লাভ কৰিব ।

মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে ভকতসকলৰ মাজত ব্যাপক উছাহ দেখা গৈছে । সত্ৰীয়া সংস্কৃতিৰ সাধনাত গোটেই জীৱন পাৰ কৰা, বিষয়-বাসনাৰ পৰা দূৰত থাকি সংস্কৃতিৰ সাধনাত বৰ্তি থকা সত্ৰৰ উদাসীন ভকতসকললৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা এই বিত্তীয় সাহাৰ্যক আদৰণি সত্ৰ সমাজৰ ।

উদাসীন ভকতলৈ চৰকাৰৰ আৰ্থিক সাহাৰ্য সন্দৰ্ভত সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

উল্লেখ্য যে ৰাজ্যৰ ৬২০ গৰাকী উদাসীন ভকতলৈ ৰাজ্য চৰকাৰে মাহিলী ১৫০০ টকাকৈ আগবঢ়াব । সত্ৰপীঠ মাজুলীৰ ৪৭৪ গৰাকী উদাসীন ভকতেও লাভ কৰিব এই বিত্তীয় সাহাৰ্য । এই বিত্তীয় সাহাৰ্যৰ ঘোষণাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলীৰ উদাসীন ভকত-বৈষ্ণৱসকলৰ মাজতো দেখা গৈছে উৎসাহ । মাজুলীৰ সত্ৰৰ উদাসীন ভকতসকলে এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছে ।

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই কয়, "ঈশ্বৰৰ ওচৰত পৰ্যাপ্ত সময় দিয়া আৰু ৰাইজৰ কাৰণে সময় দিয়াৰ উদ্দেশ্যতে উদাসীন সত্ৰৰ জন্ম হৈছিল । উদাসীন সত্ৰসমূহে অসমৰ সমাজ-সংস্কৃতিত প্ৰভাৱ পেলাই আহিছে । এই সত্ৰসমূহৰ উদাসীন ভকতৰ কাৰ্যক সন্মান জনাই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদাসীন ভকতসকললৈ যি মাহিলী ১৫০০ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে সেয়া সঁচাই শলাগ ল'বলগীয়া ।" তেওঁ লগতে কয়, "এই অনুদানে উদাসীন ভকতসকলক যথেষ্ট সহায় আগবঢ়াব ।"

লগতে পঢ়ক :পহিলা জানুৱাৰীত মুখ্যমন্ত্ৰীৰ নতুন দিনৰ আলাপ: ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে পৰিকল্পনাৰ চমক