ETV Bharat / state

কংগ্ৰেছৰ দিনত মাত্ৰ ৫ খন ৰাষ্ট্ৰীয় জলপথ আছিল; মোদীয়ে বৃদ্ধি কৰিলে ১১১ খনলৈ : সৰ্বানন্দ সোণোৱাল

শুকুৰবাৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ উদ্যোগত ৰাজ্যখনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি কৰা হয় ।

Sarbananda Sonowal Inaugurated the custom and immigration complexes
ধুবুৰী আৰু ডিব্ৰুগড়ত নিৰ্মাণ কৰা শুল্ক আৰু অভিবাসন চৌহদ উদ্বোধন (Sarbananda Sonowal @ X)
author img

By ETV Bharat Assamese Team

Published : February 27, 2026 at 9:30 PM IST

3 Min Read
Choose ETV Bharat

মৰাণ: দেশৰ পৰিবহণ ব্যৱস্থাৰ দ্ৰুত উন্নয়নৰ বাবে জল পৰিবহণত অধিক গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে । ব্ৰহ্মপুত্ৰক নদী পৰ্যটনত গুৰুত্ব বৃদ্ধিৰ লগতে অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়ন সাধনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাত অত্যাধুনিক আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বন্দৰ নিৰ্মাণ কৰিছে ।

ইতিমধ্যে ডিব্ৰুগড়ত ঐতিহাসিক বগীবিলত ৫১ কোটি টকীয়া প্ৰকল্পৰে নিৰ্মাণ হৈ আছে অত্যাধুনিক আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বন্দৰ । জল পৰিবহণৰ যোগেদি বাণিজ্যিক ক্ষেত্ৰখনত অসমক উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্ন স্থানৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ লগত ভিন্ন স্থানত সংযোগ কৰা উপৰি পৰ্যটনৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ মাজতে শুকুৰবাৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ উদ্যোগত ৰাজ্যখনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি কৰা হয় ।

ধুবুৰী আৰু ডিব্ৰুগড়ত নিৰ্মাণ কৰা শুল্ক আৰু অভিবাসন চৌহদ উদ্বোধন (ETV Bharat Assam)

ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু ৰাষ্ট্ৰীয় জলপথ প্ৰাধিকৰণে অনুষ্ঠিত কৰা অনুষ্ঠানৰ পৰাই ধুবুৰীত নিৰ্মাণ কৰা কাষ্টম এণ্ড ইমিগ্ৰেচন কমপ্লেক্স আৰু ডিব্ৰুগড়ৰ বগীবিল নিৰ্মাণ কৰা কাষ্টম এণ্ড ইমিগ্ৰেচন কমপ্লেক্স অৰ্থাৎ শুল্ক আৰু অভিবাসন চৌহদৰ লগতে ডিব্ৰুগড়ত নিৰ্মাণ হোৱাৰ হেৰিটেজ বিল্ডিং ভাৰ্চুৱেলী শুভ উদ্বোধন কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

বিভিন্ন প্ৰান্তত নিৰ্মাণ হ'ব অত্যাধুনিক জাহাজ বন্দৰ :

এই উদ্বোধনী অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে জল পৰিবহণে দেশৰ উন্নয়নত আগবঢ়োৱা অৰিহণাৰ বিষয়ে অৱগত কৰে । নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতহে জল পৰিবহণ শক্তিশালী হৈ উঠিছে বুলি উল্লেখ কৰি কয়, ‘‘পূৰ্বৰ চৰকাৰে জল পৰিবহণত কোনো গুৰুত্ব দিয়া নাছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইচ্ছাৰ বাবে ডিব্ৰুগড়ৰ লগতে ধুবুৰীৰ দৰে ঠাইত সামগ্ৰী কঢ়িওৱা জাহাজ আৰু যাত্ৰী কঢ়িয়াই অনা জাহাজ ৰখাৰ বাবে বন্দৰ নিৰ্মাণ হৈ উঠিল । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰত অত্যাধুনিক জাহাজ বন্দৰ নিৰ্মাণ কৰা হ'ব ।’’

Sarbananda Sonowal Inaugurated the custom and immigration complexes
সভাত উপস্থিত জনতা (ETV Bharat Assam)

ৰাষ্ট্ৰীয় জলপথ ১১১ খনলৈ বৃদ্ধি:

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে‌ কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১১ বছৰে ভাৰতবৰ্ষৰ উন্নয়নৰ বিকাশ যাত্ৰাক শক্তিশালী মাত্ৰা দিছে । কংগ্ৰেছ চৰকাৰৰ দিনত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ক অতি অৱহেলিত মন্ত্ৰালয় হিচাপে গণ্য কৰা হৈছিল ৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন আঁচনিৰ জৰিয়তে এই বিভাগটো আগবঢ়াই নিবলৈ চেষ্টা কৰিছে । কংগ্ৰেছ চৰকাৰৰ দিনত মাত্ৰ ৫ খন ৰাষ্ট্ৰীয় জলপথ আছিল; কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১১১ খনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ।’’

কংগ্ৰেছৰ দিনত ব্ৰহ্মপুত্ৰত ৩ খন ক্ৰুছ চলিছিল :

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "কংগ্ৰেছ চৰকাৰৰ দিনত ব্ৰহ্মপুত্ৰত ৩ খন ক্ৰুছ চলিছিল আৰু এতিয়া ১৫ খন চলে । আজি অসমৰ ২০ খন নদীয়ে ৰাষ্ট্ৰীয় জলপথ হিচাপে চিহ্নিত হ'বলৈ সক্ষম হৈছো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত ডিব্ৰুগড় আৰু ধুবুৰীত কাষ্টম এণ্ড ইমিগ্ৰেচন কমপ্লেক্স নিৰ্মাণ হ'ল । এতিয়াৰে পৰা জাহাজত সকলো সামগ্ৰী পৰীক্ষা কৰাৰ লগতে পৰ্যটকসকলকো চোৱা-চিতা কৰা হ'ব ।"

Sarbananda Sonowal Inaugurated the custom and immigration complexes
মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠান (ETV Bharat Assam)

এই অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী‌ৰ সৈতে মন্ত্ৰী বিমল বড়া, যোগেন মহন, প্ৰশান্ত ফুকনৰ লগতে কেইবাগৰাকী বিধায়ক, ভাৰতীয় আভ‍্যন্তৰীণ জলপথ প্ৰাধিকৰণ বিভাগৰ অধ্যক্ষ সুনীল পালীৱাল আৰু সচিব বিজয় কুমাৰ উপস্থিত থাকে ।

লগতে পঢ়ক: মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত হৈছে ৰাজ্যৰ ১০ লাখ লোক : মুখ্যমন্ত্ৰী