কেতিয়া কৰিব বাগদেৱীৰ আৰাধনা ?
এইবাৰ সৰস্বতী পূজা কেতিয়া ? লগতে মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম দিন কেতিয়া পৰিব জানেনে ?

Published : January 19, 2026 at 11:58 PM IST
হায়দৰাবাদ :
''যা কুন্দেন্দু তুষাৰহাৰা ধবলা যা শ্বেত পদ্মাসনা ।
যা বীণা বৰদণ্ডমণ্ডিত কৰা যা শুভ্ৰবস্ত্ৰাবৃতা ।।
যা ব্ৰহ্মাচ্যুত-শংকৰ প্ৰভৃতিভিদেৱৈঃ সদা বন্দিতা ।
সামাং পাতু সৰস্বতী ভগৱতী নিঃশেষজাড্যাপহা ।।’’
প্ৰতি বছৰে মাঘ মাহৰ শুক্ল পঞ্চমী তিথিৰ দিনা সৰস্বতী পূজা পালন কৰা হয় । সেয়ে এই বিশেষ পূজাভাগক শ্ৰীপঞ্চমী পূজা বা বসন্ত পঞ্চমী বুলিও জনা যায় । এই পূজা বিশেষকৈ শিক্ষানুষ্ঠানসমূহত পালন কৰা হয় । দিনটীয়াকৈ আয়োজন কৰা এই উৎসৱৰ আগবেলা পূজা অথবা নাম প্ৰসংগই প্ৰাধান্য লাভ কৰে ।
ৰাজ্য তথা দেশবাসীয়ে বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী লোকে আৰাধনা কৰা মা সৰস্বতী পূজাক বিদ্যাৰ অধিষ্ঠাত্ৰী বাগদেৱী বুলিও জনা যায় ৷ লোকবিশ্বাস অনুসৰি, বাগদেৱীক পবিত্ৰ মনেৰে আৰাধনা কৰিলে জ্ঞান বৃদ্ধি হয় ৷ পূজাৰ দিনটোত ভক্তসকলে জ্ঞান, প্ৰজ্ঞা, সংগীত আৰু পৰিৱেশন কলাৰ আৰাধ্য হিচাপে গণ্য কৰা দেৱী সৰস্বতীক পূজা কৰা হয় ।

পিছে এই বছৰ কেতিয়া বসন্ত পঞ্চমী বা সৰস্বতী পূজা পালন কৰা হ'ব, পূজা কৰাৰ আটাইতকৈ শুভ সময় কেতিয়া এই লৈ বহুতৰে মনত প্ৰশ্ন উদয় হৈ আছে ।
জ্যোতিষ শাস্ত্ৰ মতে, ২৩ জানুৱাৰী শুকুৰবাৰে পুৱাৰে পৰা সৰস্বতী পূজা পালন কৰিব পৰা যায় । অৱশ্যে বিশেষ তাৰিখ বিবেচনা কৰি পূজা কৰাসকলে বৃহস্পতিবাৰৰ নিশাৰ পৰা দেৱী পূজাৰ প্ৰস্তুতি আৰম্ভ কৰিব পাৰে ।
বসন্ত পঞ্চমী কেতিয়া ?
হিন্দু পঞ্জিকা অনুসৰি, ২৩ জানুৱাৰীৰ মাজ নিশা ২.২৮ বজাৰ পৰা মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথি আৰম্ভ হ'ব । ২৪ জানুৱাৰীৰ নিশা ১.৪৬ বজালৈকে চলিব ।

লক্ষ্ণৌৰ জ্যোতিষী উমাশংকৰ মিশ্ৰৰ মতে, "সনাতন ধৰ্ম মতে কেৱল উদয় তিথিহে স্বীকৃতি দিয়া হৈছে । যিহেতু পঞ্চমী তিথি ২৩ জানুৱাৰীত উদয় হ'ব, সেয়েহে সেইদিনা বসন্ত পঞ্চমী পালন কৰা হ'ব । এই অনুসৰি বসন্ত পঞ্চমী মুঠ ২৩ ঘণ্টা ১৭ মিনিট ধৰি চলি থাকিব । অৰ্থাৎ এই শুভ তিথিৰ প্ৰভাৱ প্ৰায় গোটেই দিনটো হ'ব ।"
সৰস্বতী পূজাৰ শুভ সময়
বসন্ত পঞ্চমীৰ দিনটো মা সৰস্বতী দেৱীক আৰাধনা কৰা হয় । মা সৰস্বতী জ্ঞান, প্ৰজ্ঞা, শিক্ষণ, সংগীত আৰু শিল্পৰ দেৱী বুলি গণ্য কৰা হয় । এই দিনটোত মা সৰস্বতীক পূজা কৰিলে মনৰ শান্তি হয় আৰু জ্ঞান বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয় ।

অধ্যয়ন, সংগীত, শিল্প বা শিক্ষাৰ লগত জড়িতসকলৰ বাবে এই দিনটো বিশেষ বুলি গণ্য কৰা হয় । পূজাৰ বিশেষ তাৎপৰ্যও আছে । জ্যোতিষীসকলৰ মতে, "পূজাৰ শুভ সময় পুৱা ৬.৪৩ বজাৰ পৰা নিশা ১২.১৫ বজালৈ । এই সময়ত দেৱীক পূজা কৰিলে ভক্তসকলে বিশেষ আশীৰ্বাদ লাভ কৰিব ।"
মাঘ মাহৰ শুক্ল পঞ্চমী কিয় বিশেষ ?
উমাশংকৰ মিশ্ৰই কয়, "প্ৰতিমাহে দুটাকৈ পঞ্চমী তিথি থাকে । এটা কৃষ্ণ পক্ষ আৰু আনটো শুক্ল পক্ষ । অৱশ্যে মাঘ মাহত শুক্ল পক্ষৰ বিশেষ ধৰ্মীয় তাৎপৰ্য আছে । কাৰণ এই দিনটোত দেৱী সৰস্বতী আবিৰ্ভাৱ হয় । বিদ্যালয়, শিক্ষানুষ্ঠান আৰু সংগীত বিদ্যালয়ত, বিভিন্ন ক্লাৱ বা কিছু কিছুৱে নিজৰ ঘৰতো এই পূজা পালন কৰে ।"

বসন্ত পঞ্চমীত কি কৰিব ?
পুৱাই উঠি স্নান কৰা উচিত । ইয়াৰ পিছত বগা বা হালধীয়া কাপোৰ পিন্ধাটো শুভ বুলি গণ্য কৰা হয় । পূজাস্থলীত সৰস্বতী দেৱীৰ মূৰ্তি স্থাপন কৰক । মূৰ্তিৰ তলত বগা কাপোৰ পাৰি দিব । তাৰ পিছত দেৱী সৰস্বতীক কিতাপ বা বাদ্যযন্ত্ৰ আগবঢ়াওক ।
বাগদেৱীক হালধীয়া ফুলো আগবঢ়াওক । দেৱীক পূজা কৰি থকা অৱস্থাত এটা চাকি জ্বলাৱক । তাৰ পিছত সৰস্বতী মন্ত্ৰ জপ কৰক । বসন্ত পঞ্চমীৰ দিনা পূজা কৰিলে দেৱী সৰস্বতীৰ বিশেষ আশীৰ্বাদ পোৱা যায় । ফলত জ্ঞান, বুদ্ধিমত্তা আৰু সফলতাৰ বাট মুকলি হয় বুলি বিশ্বাস আছে । জ্যোতিষীসকলে বিশ্বাস কৰে যে সঠিক তাৰিখ বা সঠিক সময়ত দেৱীক আৰাধনা কৰিলেহে ফলাফল পোৱা যাব ।

