ETV Bharat / state

হাতত ধনু-কাঁড়, মুখত জনজাতি স্বীকৃতিৰ দাবীত শ্ল'গান

দুই সহস্ৰাধিক চাওঁতাল জনতাই কঁপালে নগাঁও । হাতে হাতে ধনু-কাঁড় লৈ জনজাতিৰ স্বীকৃতি বিচাৰি চাওঁতাল ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবাদ ।

Santal Students' Union protests demanding full recognition of the indigenous people in Nagaon
জনজাতিৰ স্বীকৃতি বিচাৰি চাওঁতাল ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 7:27 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: লাগে জনজাতীয় স্বীকৃতি । লাগে মানে লাগিবই । এই দাবীৰে বৃহস্পতিবাৰে নগাঁও চহৰ কঁপালে চাওঁতাল জনতাই । বৃহস্পতিবাৰে সদৌ অসম চাওঁতাল ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত নগাঁৱৰ নেহৰুবালি খেলপথাৰৰ দাঁতিত সাব্যস্ত কৰে প্ৰতিবাদ ।

সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ নেতৃত্বত কেবাটাও দাবীত অৱস্থান ধৰ্মঘট আৰু প্ৰতিবাদী কাৰ্যসূচী পালন কৰে চাওঁতাল জনতাই । মূলত চাওঁতাল লোকসকলক জনজাতিৰ সম্পূৰ্ণ স্বীকৃতি প্ৰদানৰ দাবীতেই বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চাওঁতাল ছাত্ৰ সন্থাই ।

দুই সহস্ৰাধিক চাওঁতাল জনতাই কঁপালে নগাঁও (ETV Bharat Assam)

চাওঁতাল লোকসকলক জনজাতিৰ স্বীকৃতি প্ৰদানৰ লগতে ভূমি পট্টা প্ৰদান, অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰা আদি বহুকেইটা দাবীত প্ৰতিবাদ সাব্যস্ত কৰে চাওঁতাল ছাত্ৰ সন্থাই । হাতে হাতে ধনু-কাঁড় লৈ প্ৰতিবাদত নামিল চাওঁতাল ছাত্ৰ সন্থা । নগাঁও জিলাৰ বিভিন্ন স্থানৰ প্ৰায় দুই সহস্ৰাধিক চাওঁতালী লোকে হাতে-হাতে ধনু-কাড় লৈ, মাদল বজাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ।

Santal Students' Union protests demanding full recognition of the indigenous people in Nagaon
হাতত ধনু-কাঁড়, মুখত জনজাতীয় স্বীকৃতিৰ দাবীত শ্ল'গান (ETV Bharat Assam)

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা চাওঁতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক তথা নগাঁও জিলা সমিতিৰ উপ-সভাপতিয়ে কয়, "দেশৰ অন্য ৰাজ্যত চাওঁতাল লোকসকলে সম্পূৰ্ণ জনজাতিৰ মৰ্যাদা লাভ কৰি আহিছে যদিও আমি কেৱল অসমত এই সুবিধাৰ পৰা বঞ্চিত হৈ আহিছোঁ । অসমত চাওঁতাল জনগোষ্ঠীটোৱে জনজাতি লাভ কৰা নাই । ৭৮ বছৰ গৰকাৰ পাছতো এই জনগোষ্ঠীটোৱে ভূমিৰ অধিকাৰ লাভ কৰা নাই । উচ্চ শিক্ষা লাভ কৰা নাই । অসমত বসবাস কৰা ১৪ লাখ চাওঁতাল জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতিৰ স্বীকৃতি প্ৰদান কৰি উচ্চ শিক্ষাৰ ব্যৱস্থা কৰি দিয়ক ।”

Santal Students' Union protests demanding full recognition of the indigenous people in Nagaon
হাতত ধনু-কাঁড় লৈ প্ৰতিবাদ (ETV Bharat Assam)

৫ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ নগাঁও জিলা আয়ুক্তগৰাকীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰি প্ৰতিবাদী সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ । চৰকাৰে চাওঁতালী লোকসকলৰ প্ৰতিবাদক গুৰুত্ব নিদিলে অনাগত দিনত বৃহৎ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ ।

লগতে পঢ়ক: বিজেপি নাথাকিলে গোটেই অসম মিঞাই ল'ব: মুখ্যমন্ত্ৰী

আফ্ৰিকান ছোৱাইন ফিভাৰে টোপনি হৰিছে গাহৰি পালকৰ