মহানগৰীত থাকিও যেন অজান দ্বীপৰ বাসিন্দা ! দুৰ্গম পাহাৰীয়া অঞ্চলত সাধনা অব্যাহত এগৰাকী সংস্কৃত পণ্ডিতৰ
জ্ঞানৰ সাধনাৰ বাবে নালাগে বিশেষ স্থান । শাৰীৰিক প্ৰতিবন্ধকতা বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে ৷

Published : December 30, 2025 at 7:08 PM IST
গুৱাহাটী: শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি জ্ঞানচৰ্চাৰ অদম্য সাধনাত ব্ৰতী এগৰাকী সংস্কৃত পণ্ডিত । নাম প্ৰণৱ গোস্বামী । দুৰ্গম পাহাৰীয়া অঞ্চলত অবিৰতভাৱে চলাই গৈছে নিজৰ সাধনা । প্ৰত্যাহ্বান বহুত, কিন্তু তথাপিও তেওঁ থমকি ৰোৱা নাই । বিশেষভাৱে সক্ষম প্ৰায় ৬৫ বছৰৰ উৰ্দ্ধৰ চিৰকুমাৰ প্ৰণৱ গোস্বামীয়ে গুৱাহাটী মহানগৰীত চলাই আছে এখন সংস্কৃত টোল ।
অৱশ্যে বৰ্তমান অসম চৰকাৰে মাদ্ৰাছাৰ লগতে সংস্কৃত টোলসমূহ বন্ধ কৰি দিছে যদিও তেওঁ নিজৰ জ্ঞানচৰ্চাৰ অদম্য সাধনাৰ পৰা আঁতৰি অহা নাই । শিক্ষাৰ্থীৰ সংখ্যা আগৰ দৰে ৬০-৭০ গৰাকী নাই যদিও কোনোবা শিকিবলৈ আহিলে তেওঁ বিমুখ নকৰে । ভৰি দুখন অকামিলা যদিও তেওঁ হাতৰ ওপৰত ভৰ দিয়েই সকলো কাম কৰে । নিজৰ অক্ষমতাক কৰ্মসাধনাৰ মাজত কেতিয়াও আহিবলৈ দিয়া নাই । এই প্ৰতিবেদন সেই বিশেষ ব্যক্তিগৰাকীৰ জীৱন সাধনাক লৈ প্ৰস্তুত কৰা হৈছে ।
প্ৰত্যাহ্বানৰ মাজতে জ্ঞানচৰ্চাৰ অদম্য সাধনা:
পলিঅ'ৰ বাবে ভৰি দুখন অকামিলা হৈ পৰাত হাত দুখনেই হৈছে প্ৰণৱ গোস্বামীৰ ভৰসা । হাত দুখনৰ ওপৰত হেঁচা দিয়েই তেওঁ চলা-ফুৰা কৰাৰ উপৰি নিজৰ কাম কৰে । বৰ্তমানলৈ তেওঁ কাৰো সহায় নোলোৱাকৈয়ে জীৱনৰ ছটা দশক অতিক্ৰম কৰিছে । গুৱাহাটীৰ নৱগ্ৰহ পাহাৰত অৱস্থিত প্রাগজ্যোতিষপুৰ সংস্কৃত বিদ্যাপীঠ নামৰ সংস্কৃত টোলখন হৈছে তেওঁৰ কৰ্মক্ষেত্ৰৰ উপৰি আশ্রয়স্থল । ব্যতিক্রমী জীৱনশৈলীৰ প্ৰণৱ গোস্বামীয়ে বিগত কেইবাদশক ধৰি নিঃসংগ জীৱন অতিবাহিত কৰি আহিছে । অৱশ্যে এই নিঃসংগতাৰ বেছিভাগ সময়ত তেওঁ অধ্যয়ন, সংস্কৃত চৰ্চা আৰু জ্যোতিষবিদ্যাক নিজৰ সংগী কৰি লৈছে ।

জ্যোতিষী হিচাপে বহু লোক তেওঁৰ কাষলৈ আহে সমস্যাৰ সমাধান বিচাৰি । জৰাজীৰ্ণ তথা উৱলি যোৱা এটা ভঙা ঘৰৰ বাৰান্দাত বহি তেওঁ বিভিন্নজনক সমস্যাৰ সমাধান দিয়ে । আঁৰ-বেৰ প্ৰায় নথকাৰ দৰে গৃহটোৰ ওপৰৰ ভাগত থকা বিভিন্ন ছিদ্ৰৰে দেখা যায় আকাশ । বৰষুণ দিলেই ঘৰটোৰ বিভিন্ন স্থানত জমা হয় পানী । বিভিন্ন অব্যৱহৃত আচবাব সিঁচৰতি হৈ থকা 'ভাগি পৰা পঁজাটি'ৰ এটা চুকত বহি তেওঁ সাধনা কৰে সংস্কৃত ভাষাৰ । সংস্কৃতৰ বিভিন্ন মূল্যৱান গ্ৰন্থৰ মাজত তেওঁ অতিবাহিত কৰে সময় ।

বৰ্তমান সময়ত সংস্কৃত শিক্ষা:
ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা শতাধিক সংস্কৃত টোল চৰকাৰে বন্ধ কৰি দিয়াৰ পাছতো তেওঁ নিজৰ সাধনা অব্যাহত ৰাখিছে । মহানগৰীৰ মাজমজিয়াত তথা ঐতিহ্যমণ্ডিত নৱগ্ৰহ মন্দিৰৰ অন্তৰ্গত টোলখন আজি নাই বুলিয়ে ক'ব পাৰি । বিজুলী সংযোগ, খোৱাপানীৰ ব্যৱস্থা তথা যোগাযোগ আৰু বাট-পথৰ কোনো ব্যৱস্থা নথকা সংস্কৃত টোলখনেই হৈছে তেওঁৰ সৰ্বস্ব ।

বৰ্তমান ছাত্র-ছাত্ৰীৰ সংখ্যা নাই বুলি ক'ব পাৰি যদিও দুই-চাৰিজনে শিক্ষা গ্ৰহণ কৰে । হাবি-জংঘলেৰে আৱৰা আৰু পাহাৰৰ এক দুর্গম পৰিৱেশত থকা বিদ্যালয়খন আজি নামতহে আছে । ইফালে আছে বান্দৰৰ উপদ্ৰৱ । ঘৰৰ বাৰাণ্ডা আৰু আঁৰবেৰ নথকা এটা ভঙা পঁজাৰ এখন বিচনাই হৈছে তেওঁৰ আশ্ৰয় ।

অৱশ্যে তাক লৈ তেওঁৰ কোনো আক্ষেপ নাই । ই টিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰণৱ গোস্বামীয়ে কয়, "সাম্প্রতিক সময়ত নৱ-প্ৰজন্মৰ মাজত সংস্কৃত ভাষাৰ ক্ষেত্ৰত আগ্রহ কমিছে । পূৰ্বতে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেলৰ ব্যৱস্থা আছিল যদিও বৰ্তমান সেয়া এটা স্মৃতি মাথোঁ । হোষ্টেলৰ গৃহসমূহ বর্তমান জহি-খহি গৈছে ।"

নীৰৱে নিঃসংগে সংস্কৃতৰ সাধনাত আজীৱন ব্ৰতী:
পাঠশালাত জন্মগ্রহণ কৰা প্ৰণৱ গোস্বামীয়ে ১৯৭৮ চনত ছাত্ৰ হিচাপে বিদ্যালয়খনত যোগদান কৰি সংস্কৃতত ব্যাকৰণৰ ন্যায় শাস্ত্ৰ সাংখ্য দর্শনৰ উপৰি জ্যোতিষবিদ্যাত উপাধি গ্ৰহণ কৰে । ইয়াৰ পিছত তেওঁ বিদ্যালয়খনত অধ্যাপক হিচাপে যোগদান কৰি ১৯৯২ চনত প্ৰধান অধ্যাপকৰ দায়িত্ব লৈছিল । বিদ্যালয়খনত সংস্কৃতৰ প্ৰৱেশিকা, মধ্যমা আৰু শাস্ত্ৰী উপাধি প্ৰদান কৰা হৈছিল ।

পাহাৰৰ খলা-বমা পথ অতিক্রমী বিদ্যালয়খনলৈ যাব লগা হয় । এনে এক অবাঞ্চিত তথা চৰম দুখ লগা পৰিৱেশৰ মাজতে থাকি বিশেষভাৱে সক্ষম প্ৰণৱ গোস্বামীয়ে নীৰৱে নিঃসংগে সংস্কৃতৰ সাধনাত ব্ৰতী হৈ আছে । হাবি-জংঘলৰে ভৰা আৰু বান্দৰৰ উপদ্ৰৱ থকা এক দুৰ্গম অঞ্চলত বিশেষভাৱে সক্ষম হৈ প্ৰণৱ গোস্বামীয়ে কিদৰে নিজৰ জীৱন অতিবাহিত কৰি আহিছে সেই কথা ভাষাৰে বৰ্ণনা কৰাটো সম্ভৱ নহয় ।

নিশা হ'লেই অন্ধকাৰ নামি অহাৰ লগে লগে আঁৰবেৰ নথকা ভঙা পঁজাৰ বিচনাখনতে তেওঁ আশ্ৰয় লয় । অৱশ্যে ৰন্ধা বঢ়াৰ কোনো কাম নাই । কাৰণ তেওঁ ৰন্ধা-বঢ়াৰ কোনো খাদ্য গ্ৰহণ নকৰে । পানী, গাখীৰ আৰু ফল-মূলৰ ওপৰতে তেওঁ জীৱন নিৰ্বাহ কৰে । মহানগৰীত থাকিও তেওঁ এটা অজান দ্বীপত থকাৰ দৰে জীৱন নিৰ্বাহ কৰি আহিছে । সংস্কৃত ভাষা তথা জ্যোতিষবিদ্যাত অগাধ পাণ্ডিত্যৰে চহকী প্ৰণৱ গোস্বামীয়ে ওৰেটো জীৱন সংস্কৃতৰ সাধনা কৰি যাব বিচাৰে ।

