কঠোৰ সংগ্ৰামৰ মাজতো চক পেঞ্চিলেৰে চমক দিয়া এজন হাইস্কুলীয়া ছাত্ৰ
পুৱা চাৰি বজাতেই আনৰ গোহালিত কাম কৰিবলৈ যোৱা ছাত্ৰজনে চক পেঞ্চিলত প্ৰস্তুত কৰিছে হনুমান, ফিফা বিশ্বকাপৰ লগতে বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি।

Published : December 13, 2025 at 6:54 PM IST
গোলাঘাট : পুৱা চাৰি বজাতে শোৱাপাটী ত্য়াগ কৰি কিশোৰজন ঘৰৰ পৰা ওলাই যায় আনৰ গোহালিত কাম কৰিবলৈ । তাৰ পিছত ঘৰলৈ উভতি আহি বিদ্য়ালয়ত টান পোৱা বিষয়টো পঢ়ে । সেয়েহে কেতিয়াবা বিদ্যালয়ত উপস্থিত হওতে পলম হয় । এনে কঠোৰ সংগ্ৰামৰ মাজতো কিশোৰজনে ব্ৰতী হৈ আছে সৃষ্টিশীল কৰ্মত ।
বুকুত অদম্য সাহস আৰু একাগ্ৰতা থাকিলে দাৰিদ্ৰতা যে সফলতা অৰ্জনত হেঙাৰ হ'ব নোৱাৰে তাৰ জ্বলন্ত উদাহৰণ দাঙি ধৰিছে গোলাঘাট চানমাৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ সঞ্জয় মাহাতোৱে । পিতৃহাৰা সঞ্জয় মাহাতোৱে কঠোৰ জীৱন সংগ্ৰামৰ সমান্তৰালভাৱে নিজৰ শিক্ষা জীৱনো চলাই নিছে । এটা দৰিদ্ৰ পৰিয়ালৰ মেধা সম্পন্ন ছাত্ৰ সঞ্জয়ে পুৱা চাৰি বজাত শোৱাপাটী এৰি ওলাই আহে লোকৰ ঘৰত গোহালি চাফ-চিকুণ কৰিবলৈ ।
আলুৰে সাজি উলিয়াইছে বিভিন্ন ধৰণৰ সামগ্ৰী :
ইয়াৰ মাজতেই এই ছাত্ৰজনে চকুৰ পলকতে চক পেঞ্চিলত প্ৰস্তুত কৰে বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি । লগতে আলুৰে সাজি উলিয়াইছে বিভিন্ন ধৰণৰ সামগ্ৰী । তদুপৰি তেওঁ সুন্দৰ ছবি আঁকি প্ৰশংসা বুটলিবলৈও সক্ষম হৈছে । মেধাৱী ছাত্ৰ সঞ্জয় মাহাতোৱে নিজৰ অদম্য ইচ্ছাশক্তিৰ ফলত অহা ১৭ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈকে পুণেত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পকলা প্ৰতিযোগিতাৰ বাবে আমন্ত্ৰণ লাভ কৰিছে ।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ আমন্ত্ৰণ :
এই সন্দৰ্ভত সঞ্জয় মাহাতোৱে কয়, "মোক এই বিদ্যা আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে শিকাইছে । ইয়াৰ উপৰি মই ছবি আঁকি ভাল পাওঁ । বৰ্তমানলৈকে মই হনুমানৰ মূৰ্তি, বহু দেৱ-দেৱীৰ লগতে ফিফা বিশ্বকাপৰ ট্ৰফী আদিও নিৰ্মাণ কৰিছো । কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা ক'লা উৎসৱত অংশগ্ৰহণ কৰি ভাল লগা বাবে মই এই শিল্পৰ লগত জড়িত হলো । মই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৰ্তমান ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছো । ১৭ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈকে পুণেত অনুষ্ঠিত হ'ব। মই দিনৰ ছয় ঘণ্টা পঢ়া-শুনাত মন দিয়াৰ লগতে ৰাতিপুৱা নজনা বিষয়ত পঢ়ো । মই পুৱা কামলৈ যাও আৰু তাৰ পাছত বিদ্যালয়ত আহো । ভবিষ্যতে মই অসম তথা ভাৰতবৰ্ষৰ বাবে কিবা কৰিব বিচাৰো ।"
আনহাতে এই সম্পৰ্কে বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰাধনা বৰুৱাই কয়,"সঞ্জয় মাহাতো আমাৰ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ । প্ৰথমে সঞ্জয়ৰ হাতেৰে আমি হেপী কৰ্ণাৰ অংকন কৰাইছিলো আৰু তেওঁ সুন্দৰকৈ অংকন কৰিছে । তাৰ পাছত আমি বিদ্যালয়ৰ বহু কাম কৰাইছো । তাৰ পাছত ক'লা উৎসৱত থ্ৰী ডাইমেনচনেল ভিজুৱেল আৰ্টছ ওপৰত চক পেঞ্চিলেৰে কিছুমান কাম কৰাই পঠিয়াইছিলো আৰু তেওঁ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত নিৰ্বাচিত হৈছিল । বৰ্তমান ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ বাবে নিৰ্বাচিত হৈছে । তেওঁ চক পেঞ্চিলত ফিফা বিশ্বকাপ, ভায়োলিন, মানুহৰ নাম, হনুমান আৰু বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি প্ৰস্তুত কৰিছে ।"
পুৱা চাৰি বজাতে কামৰ বাবে ওলাই যায় ছাত্ৰজন :
সঞ্জয়ে বহু কষ্ট কৰি নিজৰ পঢ়া-শুনা চলাই থকা বুলি উল্লেখ কৰি শিক্ষয়িত্ৰী আৰাধনা বৰুৱাই কয়, "পিতৃৰ মৃত্যুৰ পাছত তেওঁক মাতৃ আৰু বাইদেৱে পঢ়ুৱাইছে । তেওঁৰ পিতৃয়ে বেলেগৰ ঘৰত কাম কৰিছিল আৰু পাছলৈ পিতৃৰ কাম সঞ্জয়ে নিজে কৰি আছে । পুৱা চাৰি বজাতে ঘৰৰ পৰা ওলাই আহি গোহালি চাফ-চিকুণ কৰি পঢ়া-শুনা আৰম্ভ কৰে । বিদ্যালয়ত উপস্থিত হ'বলৈ কেতিয়াবা পলম হয় । তাথাপি আমি কোনোধৰণৰ আপত্তি নকৰো । প্ৰথম অৱস্থাত আমি ছাত্ৰজনৰ বিষয়ে জনা নাছিলো । পাছত আমি ছাত্ৰজনৰ কঠোৰ সংগ্ৰামৰ বিষয়ে জানিব পাৰি আমি তেওঁক আগবঢ়াই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছো ।" ভৱিষ্য়তে নিজৰ ৰাজ্য়খনৰ লগতে দেশৰ নাম উজলোৱাৰ সপোন পুহি ৰাখিছে কিশোৰজনে ।

