বিদ্যালয়লৈ যাওঁতে শিক্ষাৰ্থীয়ে বজাব হুইচেল: সমগ্ৰ শিক্ষাৰ অভিনৱ পদক্ষেপ
ড্ৰ’প আউট ৰোধ আৰু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বৃদ্ধি কৰাৰ চেষ্টা ৷

Published : April 24, 2026 at 5:47 PM IST
গুৱাহাটী : ৰাজ্যত ড্ৰ’প আউটৰ হাৰ ৰোধ কৰাৰ বাবে এইবাৰ সমগ্ৰ শিক্ষা অসমে অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে । অৱশ্যে এই পদক্ষেপকলৈ শিক্ষক সমাজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সেই পদক্ষেপ অনুসৰি গাঁৱে-ভূঞে, নগৰে-চহৰে এইবাৰ হুইচেল বজাব লাগিব প্রাথমিক বিদ্যালয়ৰ ছাত্র-ছাত্রীয়ে ।
ড্ৰ’প আউট ৰোধ আৰু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বৃদ্ধি কৰাৰ বাবে সমগ্ৰ শিক্ষাই হুইচেল বজোৱাৰ এনে অভিনৱ পদ্ধতি উদ্ভাৱন কৰিছে । সমগ্র শিক্ষা অসমে এই সন্দৰ্ভত কেইবাখনো জিলালৈ জাৰি কৰা নিৰ্দেশনাৰ পিছতে শিক্ষক সমাজৰ ভিতৰচ'ৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।শ্ৰেণীকোঠাত দীৰ্ঘদিন ধৰি অনুপস্থিত থকা শিক্ষাৰ্থীক বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে অন্য শিক্ষার্থীৰ দ্বাৰা হুইচেল বজোৱাৰ ব্যৱস্থা এতিয়া গ্ৰহণ কৰা হৈছে ।
উল্লেখ্য যে, দেশৰ লগতে অসমতো ড্ৰ’প আউট আৰু বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতিৰ সংখ্যা কম হোৱাটো অন্য এক প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে । শিক্ষাৰ ক্ষেত্ৰখনলৈ অহা এনে প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকল্প অনুমোদন ব'ৰ্ডৰ (পিএবি) অনুমোদন অনুসৰি সমগ্ৰ শিক্ষা, অসমে ‘উদ্যম’ নামৰ এক বিশেষ হস্তক্ষেপমূলক পদক্ষেপ গ্রহণ কৰে ।

এই 'উদ্যম' শীৰ্ষক পদক্ষেপৰ অধীনত ‘প্রয়াস-চিটি বজাও, স্কুল বুলাও' নীতিৰে দীৰ্ঘদিন ধৰি অনুপস্থিত থকা শিক্ষার্থীসকলক বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে অন্য ছাত্র-ছাত্রীসকলে বজাব লাগিব হুইচেল । এই পদক্ষেপ গ্ৰহণ কৰিবলৈ ইতিমধ্যে সমগ্ৰ শিক্ষা, অসমৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে বৰপেটা, কাছাৰ, ধুবুৰী, ডিমা হাছাও, গোৱালপাৰা, নগাঁও, নলবাৰী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে ।
এই পত্ৰৰ জৰিয়তে উদ্যম শীৰ্ষক এই পদক্ষেপ ৰূপায়ণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হুইচেল বিতৰণ প্ৰক্ৰিয়া যাতে সম্পূর্ণ হয়, সেয়া নিশ্চিত কৰিবলৈ কোৱা হৈছে । এনে নিৰ্দেশনা পত্ৰ হাতত পৰাৰ পিছতে এতিয়া বহু শিক্ষক-শিক্ষয়িত্ৰীৰ চকু কপালত উঠিছে ।
নাম প্ৰকাশত অনিচ্ছুক গৰৈমাৰীৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষকে কয়, "চৰকাৰে এনেবোৰ হাস্যকৰ পদক্ষেপৰ বিপৰীতে চৰকাৰী শিক্ষাখণ্ডৰ আন্তঃগাঠনি উন্নত কৰাত গুৰুত্ব দিব লাগে । শিক্ষাৰ গুণগতমানৰ লগতে শিক্ষাৰ্থীসকলৰ সা-সুবিধাৰ প্ৰতি গুৰুত্ব দিব লাগে । আনহাতে শিক্ষকসকলক শিক্ষাদানৰ বিপৰীতে আন কামত ব্যৱহাৰ কৰা বা আন কামত নিয়োগ কৰা বন্ধ কৰিব লাগে । যাতে শিক্ষকসকলে পাঠদানত মনোনিৱেশ কৰিব পাৰে ।"
উল্লেখ্য যে, ছাত্র-ছাত্রীক বিদ্যালয়লৈ আকৰ্ষিত কৰাৰ বাবেই মধ্যাহ্ন ভোজনৰ দৰে অভিলাষী আঁচনি বিদ্যালয়ে বিদ্যালয়ে চলাই থকা হৈছে । এনেদৰে বিদ্যালয়ৰ গুণগত মান নিশ্চিত কৰাৰ বাবে অসমত কেইবাবছৰ ধৰি অনুষ্ঠিত কৰা হৈছে গুণোৎসৱ ।
বিদ্যালয়ত উপস্থিতি নিৰূপণৰ বাবেই শিক্ষাসেতু এপৰ দৰে কাৰিকৰী ব্যৱস্থাও প্ৰৱৰ্তন কৰা হৈছে । কিন্তু এনে বহু আঁচনি আৰু বিভিন্ন পদক্ষেপৰ পিচতো ৰাজ্যত ড্ৰ’প আউটৰ হাৰ ৰোধ হোৱা নাই। ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ এনে পৰিৱেশ পৰিস্থিতিয়ে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ।
ইফালে ইয়াৰ মাজতে হুইচেল বজাই ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ ঘূৰাই অনাৰ প্ৰচেষ্টা লৈছে সমগ্ৰ শিক্ষা অসমে । এই পদক্ষেপে কেনে প্ৰভাৱ পেলাই সেয়া লক্ষণীয় হ'ব ।
ইফালে শেহতীয়াকৈ মাৰ্চ মাহত লোকসভাত চৰকাৰে দিয়া তথ্য মতে অসমত মাধ্যমিক শিক্ষাত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ১৬.৭ শতাংশ আৰু যিটো দেশৰ ভিতৰতে দ্বিতীয় । যিসময়ত ৰাজ্য চৰকাৰখনে শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দি আহিছে সেই সময়তে অসমত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰী সংখ্যাই অভিলেখ সৃষ্টি কৰিছে ।
ৰাজ্যত ছাত্ৰৰ তুলনাত আধৰুৱা শিক্ষাৰে বিদ্যালয় এৰা ছাত্ৰীৰ সংখ্যা সর্বাধিক । লোকসভাত কেন্দ্রীয় শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে প্ৰকাশ কৰা তথ্য মতে, ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজ্যখনত মাধ্যমিক শিক্ষাত ছাত্ৰীৰ ড্ৰ’প আউটৰ হাৰ হৈছে ১৬.৭ শতাংশ । এই ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে অসমৰ স্থান হৈছে দ্বিতীয় ।
আনহাতে প্রথম স্থানত থকা অৰুণাচল প্রদেশত আধাতে শিক্ষা সমাপ্ত কৰা ছাত্ৰীৰ হাৰ হৈছে ১৭.৭ শতাংশ । অসমত আধাতে বিদ্যালয় এৰা ছাত্ৰীৰ সংখ্যাই পূৰ্বেও ৰেকৰ্ড সৃষ্টি কৰি আহিছে ।
২০২৩-২৪ বিত্তীয় বৰ্ষত অসমত মাধ্যমিকত আধাতে বিদ্যালয় এৰা ছাত্ৰীৰ সংখ্যাৰ হাৰ আছিল ২৫ শতাংশ । সেই বৰ্ষত অসমত মাধ্যমিক বিদ্যালয়ত আধাতে বিদ্যালয় এৰা ছাত্ৰীৰ সংখ্যাই দেশৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিল ।
সংসদত দিয়া তথ্য মতে, ৰাজ্যখনৰ দুই শতাংশ বিদ্যালয়ত আজিও খোৱাপানীৰ কোনো ব্যৱস্থা নাই । একেদৰে চাৰি শতাংশ বিদ্যালয়ত বিদ্যুৎ সংযোগ, চাৰি শতাংশ বিদ্যালয়ত শৌচাগাৰ আৰু সাত শতাংশ বিদ্যালয়ত নাই কোনো হাত ধোৱাৰ ব্যৱস্থা । এই তথ্যৰ পৰাই স্পষ্ট হৈ পৰে ৰাজ্যৰ শিক্ষাখণ্ডৰ প্ৰকৃত ছবিখন ।

