এভাৰেষ্টৰ শিখৰত ভৰি থোৱা প্ৰথম অসমীয়া মহিলাৰ খ্যাতি আৰ্জিলে ৰূপামণিয়ে
কষ্ট আৰু সাহসেৰে গৈ শুকুৰবাৰে পুৱা দলটোৱে এভাৰেষ্টৰ শিখৰত আৰোহণ কৰে । দলটোৰ ভিতৰত প্ৰথম এভাৰেষ্টৰ শিখৰত উপনীত হয় ৰূপামণি ।

Published : May 23, 2026 at 8:17 PM IST
|Updated : May 23, 2026 at 8:42 PM IST
লখিমপুৰ: লখিমপুৰৰ এটা খেতিয়কৰ পৰিয়ালৰ সন্তানে ভৰি থ'লে এভাৰেষ্টৰ শিখৰত । দুঃসাহসেৰে এভাৰেষ্ট আৰোহণ কৰি গৰ্বিত কৰিলে লখিমপুৰক । গৰ্বিত কৰিলে পিতৃ-মাতৃক । এইগৰাকী যুৱতী হ'ল লখিমপুৰৰ ৰূপামণি গড় । লখিমপুৰ নগৰৰ কিছু নিলগৰ কদম অঞ্চলৰ ন-গাঁও পথাৰ নিবাসী কৃষক জয় সিং গড় আৰু কমলাৱতী গড়ৰ কন্যা ৰূপামণি গড় । কোনোমতে খেতি-বাতি কৰি পৰিয়াল পোহপাল দিয়া জয় সিং গড়ৰ তিনিটা সন্তানৰ ভিতৰত দ্বিতীয় সন্তান ৰূপামণি ।
ৰূপামণিৰ জ্যেষ্ঠ ভগ্নী ইতিমধ্যে বিবাশপাশত আবদ্ধ হৈছে । ঘৰত পিতৃ-মাতৃৰ সৈতে থাকে একমাত্র ভায়েক এজন । ৰূপামণি কৰ্মৰত হৈ আছিল ইণ্ডো-তিব্বত বেটেলিয়ন পুলিচ (আই টি বি পি )ত । ২০২০ চনত তেওঁ আইটিবিপিত চাকৰি লাভ কৰে । বৰ্তমান হাৰিয়ানাত কৰ্মৰত ৰূপামণি ।
কেনেকৈ আৰম্ভ হৈছিল এই যাত্ৰা:
আইটিবিপিৰ তৰফৰ পৰা এভাৰেষ্ট জয়ৰ এক অভিযানৰ প্ৰস্তুতি কৰা হয় । পৰ্বত আৰোহণকাৰী এই দলটোত অন্তৰ্ভুক্ত হয় ৰূপামণি । মুঠ ১৪ জনীয়া পৰ্বত আৰোহণকাৰী দলটো নেপাল হৈ এভাৰেষ্ট অভিমুখে ৰাওনা হয় । অৱশেষত কষ্ট আৰু সাহসেৰে গৈ শুকুৰবাৰে পুৱা দলটোৱে এভাৰেষ্টৰ শিখৰত আৰোহণ কৰে । দলটোৰ ভিতৰত প্ৰথম এভাৰেষ্টৰ শিখৰত উপনীত হয় ৰূপামণি । এভাৰেষ্টৰ শিখৰত পতাকা জোকাৰি সমগ্ৰ অসমকে গৰ্বিত কৰে ৰূপামণিয়ে । তাৰ পিছত তেওঁলোক বেছ কেম্পলৈ নামি আহে ।
লগে লগে ৰূপামণিয়ে পিতৃ-মাতৃক এই সাফল্যৰ বতৰা দিয়ে । কন্যাৰ এনে দুঃসাহসিক সাফল্যত আনন্দৰ লোতক নিগৰে পিতৃ-মাতৃৰ । কেৱল পিতৃ-মাতৃকে নহয় । এই দুৰ্জেয় সাহসেৰে ৰূপামণিয়ে গৌৰৱাম্বিত কৰিলে লখিমপুৰকো । অসম তথা অসমৰ মহিলা সমাজক ।
Assam’s daughter has reached the top of the world 🇮🇳⛰️
— Himanta Biswa Sarma (@himantabiswa) May 23, 2026
Heartiest congratulations to Rupamoni Gorh for becoming the first woman from Assam to scale Mount Everest as part of the @ITBP_official all-women expedition team.
Her historic feat is a moment of immense pride for Assam and… pic.twitter.com/PrCXc4vg0g
মুখ্যমন্ত্ৰীৰ শুভেচ্ছা:
ৰূপামণিক শুভেচ্ছা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো । সামাজিক মাধ্যমত ৰূপামণিৰ ভিডিঅ' শ্বেয়াৰ কৰি অসমৰ বাবে গৌৰৱ আৰু যুৱ প্ৰজন্মৰ বাবে এয়া এক প্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।
গৌৰৱান্বিত পিতৃ-মাতৃ:
ৰূপামণিৰ মাতৃয়ে কয়,"প্ৰথমে খবৰটো পাই খুব ভালেই লাগিছে । সুখী কিন্তু মনত দুখো লাগি আছে । কাৰণ ইমান দূৰৰ পৰা কষ্ট কৰি গৈছে । ছোৱালীজনীয়ে বহুত কষ্ট কৰিছে । যি কি নহওক অসমৰ নাম এটা কঢ়িয়াই আনিলে, নিজৰ গাঁৱৰ এটা নাম কঢ়িয়াই আনিলে, তাৰ কাৰণে আমি সকলোৱে সুখী ।"
পিতৃয়ে কন্যাৰ সফলতা সন্দৰ্ভত কয়,"এক নম্বৰত মোৰ ছোৱালীজনীয়েই গৈছিল । পুৱা ৭ বজা মানত পাইছিলেগৈ । তাৰপাছত এজন এজনকৈ গৈ পাওতে দুটামান বাজিলে । খুব সুখী ।"
ৰূপামণিৰ এনে সফলতাৰ বাবে এতিয়া বহুজনে তেওঁৰ পিতৃ-মাতৃক অভিনন্দন জনাইছে । এগৰাকী সুযোগ্য কন্যা সন্তানৰ পিতৃ-মাতৃ হিচাপে তেওঁলোকক সকলোৱে শুভেচ্ছা জনাইছে । উল্লেখ্য দুঃসাহসিক কাৰ্য-কলাপ সকলোৰে প্ৰিয় । বহুতে ইয়াৰ বাবে দুঃসাহসো কৰে । এইক্ষেত্ৰত পুৰুষ, মহিলা বুলি কথা নাই । মনৰ অদম্য শক্তি হ'ল মূল কাৰক । লখিমপুৰৰ ৰূপামণিৰ এই সাহসিক সফল অভিযানে মহিলা, যুৱতী সকলোকে অনুপ্ৰাণিত কৰিব বুলি সকলোৱে মত পোষণ কৰিছে ভিন্নজনে ।

