তেলৰ নাটনি হোৱা নাই ! ৰাইজক উৰাবাতৰিত পতিয়ন নাযাবলৈ আহ্বান যোৰহাটৰ জিলা আয়ুক্তৰ
অসমৰ তেল ডিপোত বুধবাৰৰ পৰা ভিৰ দেখা গৈছে তেল বিচাৰি যোৱা গ্ৰাহকৰ ৷ যোৰহাট জিলাৰ আয়ুক্তই ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনায় ৷

Published : March 26, 2026 at 6:42 PM IST
যোৰহাট: মধ্য প্ৰাচ্যৰ সংঘাতে ভাৰততো পেলাইছে প্ৰভাৱ ৷ প্ৰথমে ৰন্ধন গেছৰ নাটনি আৰু অতি শেহতীয়াভাৱে পেট্ৰ’লিয়ামৰ নাটনিৰ খবৰে শংকিত কৰিছে জনতাক ৷ ৰন্ধন গেছ বিচাৰি হাবাথুৰি খাই থকাৰ মাজতে এতিয়া পেট্ৰ’পণ্যৰ মূল্যবৃদ্ধি বা নাটনি হ’ব বুলি ওলোৱা খবৰক লৈ চিন্তিত হৈ পৰিছে সাধাৰণ জনতা ৷ যাৰ বাবে নিজৰ বাহত তেল ভৰাবলৈ ডিপোত অভাৱনীয়ভাৱে ভিৰ কৰা পৰিলক্ষিত হৈছে হাজাৰ হাজাৰ লোকে ৷ কিন্তু পেট্ৰ’লিয়ামৰ মূল্যবৃদ্ধি বা নাটনিৰ খবৰ এক উৰাবাতৰি বুলি ইতিমধ্যেই কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ৷
অসমতো তেল ডিপোত বুধবাৰৰ পৰা ভিৰ দেখা গৈছে তেল বিচাৰি যোৱা গ্ৰাহকৰ ৷ যাৰ বাবে বহু কেইটা ডিপোত মজুত থকা তেল শেষ হৈ গৈছে আৰু ডিপো বন্ধ কৰিবলৈ বাধ্য হৈছে কৰ্তৃপক্ষ ৷ এইক্ষেত্ৰত যোৰহাট জিলাৰ আয়ুক্তই বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাইজক আতংকিত নহ’বলৈ তথা উৰাবাতৰিত পতিয়ন নাযাবলৈ আহ্বান জনায় ৷
সংবাদ মাধ্যমৰ আগত যোৰহাট জিলা আয়ুক্ত জয় শিবানীয়ে কয়, ‘‘ইণ্ডিয়ান অইলকে আদি কৰি সংস্থাসমূহে পূৰ্বৰ দৰে নিয়মীয়াভাৱে ডিপোসমূহলৈ তেল যোগান ধৰি আছে ৷ কিন্তু এই দুটা দিনত গ্ৰাহকৰ মাজত এক উৰাবাতৰি বিয়পি পৰিছিল, যে শীঘ্ৰেই ডিপোসমূহত পেট্ৰ’ল-ডিজেল নাইকিয়া হ'ব ৷ যাৰ ফলত ডিপোসমূহত পুৱাৰ পৰা সন্ধিয়ালৈকে গ্ৰাহকে অভাৱনীয় হাৰত ভিৰ কৰে । ফলস্বৰূপে ডিপোসমূহত তেলৰ চাহিদা অদ্ভুত হাৰত বৃদ্ধি পায় ৷ অৱশ্যে তেল ডিপোসমূহত পূৰ্বৰ দৰেই যোগান অব্যাহত আছে যদিও এই অভাৱনীয় চাহিদাৰ ফলত এক সমস্যাই দেখা দিছে ৷’’
জিলা আয়ুক্তগৰাকীয়ে লগতে কয়, ‘‘পূৰ্বে তেল ডিপোসমূহে ইণ্ডিয়ান অইলকে আদি কৰি সংস্থাসমূহৰ পৰা ধাৰত তেল লৈছিল, কিন্তু তেল যোগানকাৰী সংস্থাসমূহে সেই নিয়ম সলনি কৰাৰ ফলত নগদভাৱে তেল ক্ৰয় কৰিবলৈ অসমৰ্থ হৈ পৰে তেওঁলোক ৷ ফলত কিছু কিছু তেল ডিপো বন্ধ হৈ পৰে । এই দীঘলীয়া শাৰী অহা দুই-এদিনত কমি যাব । মানুহক মাত্ৰ এটাই আহ্বান জনাম, উৰাবাতৰিক বিশ্বাস কৰি এনেদৰে তেল ক্ৰয় কৰিবলৈ আহিব নালাগে ৷ তেলৰ যোগান নিয়মীয়া হৈ থাকিব ৷ প্ৰশাসনে ইতিমধ্যে তেল ডিপোসমূহ পৰিদৰ্শন কৰি তেলৰ যোগানৰ বিষয়টো নিশ্চিত কৰিছে ৷’’
উল্লেখ্য যে, যোৰহাট জিলাৰ কেইবাটাও তেল ডিপো বন্ধ হৈ পৰাত তেলৰ সংকটে দেখা দিব বুলি ভাবি পুৱাৰ পৰাই দীঘলীয়া শাৰী পাতিবলৈ বাধ্য হৈছিল বহু লোক ৷ কিন্তু এই সমস্যা দুই-এদিনতে দূৰ হ'ব বুলি আশ্বাস দিছে যোৰহাট জিলা আয়ুক্তগৰাকীয়ে ৷
লগতে পঢ়ক:
মোৰ শুকুলা ঘোঁৰা... ! ঘোঁৰাত উঠি কাৰ্যালয়লৈ আহিল বেংক কৰ্মচাৰী

