RSS নেতা হিতেশ্বৰ চক্রৱর্তীৰ অনশন ভংগ, চৰকাৰীভাবে সঁহাৰি নোপোৱাৰ অভিযোগ
১৬ আগষ্টৰ পৰা ৩৩৫ ঘণ্টীয়া অনশন আৰম্ভ কৰা আৰএছএছ নেতা হিতেশ্বৰ চক্রৱর্তীয়ে দেওবাৰে অনশন ভংগ কৰে ৷

Published : August 30, 2026 at 10:03 PM IST
গুৱাহাটী: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক হিতেশ্বৰ চক্রৱর্তীৰ অনশন ভংগ ৷ ১৪ দিন অনশনত বহাৰ পিছতো কোনো চৰকাৰী সঁহাৰি লাভ নকৰাৰ অভিযোগ । ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰএছএছৰ স্বয়ংসেৱকজনে ৩৩৫ ঘণ্টীয়া অনশন আৰম্ভ কৰিছিল ।
এই অনশন ভংগ কৰি তেওঁ কয়, ‘‘অনশন কাৰ্যসূচী গণতন্ত্ৰৰ এটা শান্তিপূৰ্ণ প্ৰতিবাদ । যোৱা ১৪ দিন অনশনত বহিছিলো । কিন্তু কোনো ধৰণৰ চৰকাৰী সঁহাৰি নাপালো । এইটো গণতন্ত্ৰৰ বাবে দুৰ্ভাগ্যজনক । চৰকাৰৰ ফালৰ পৰা সঁহাৰি জনাব লাগিছিল । ইয়াৰ পৰা চৰকাৰৰ মানসিকতা প্ৰকাশ পাইছে । গণতান্ত্ৰিক প্ৰতিবাদক যদি চৰকাৰে গুৰুত্ব নিদিয়ে, আজিৰ যুৱপ্ৰজন্মই হিংসাৰ পথ বাচি ল’ব । চৰকাৰৰ অমানৱীয় কাৰ্যক গৰিহণা দিছো ।’’
তেওঁ লগতে কয় যে, এই বিষয়টো বিৰোধীয়ে যি ধৰণে সদনত উত্থাপন কৰিব লাগিছিল, সেইধৰণে সদনত উত্থাপন কৰা নাই । আগন্তুক দিনত আশা কৰিছো সদনত উত্থাপন কৰিব ।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক নহয় বুলি হিতেশ্বৰ চক্রৱর্তীৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছিল, তাক খণ্ডন কৰি তেওঁ কয়, ‘‘মই সদায় স্বয়ংসেৱক হৈ থাকিম । যিসকলে মোক স্বয়ংসেৱক নহয় বুলি পৰিৱেশ নিৰ্মাণ কৰিব বিচাৰিছে, সেইসকলৰ মনত হয়তো মই নাথাকিব পাৰো ।"
তেওঁ লগতে কয়,"যিসকলে নিজৰ ব্যক্তিগত স্বাৰ্থত আঘাত পাইছে, তেওঁলোকে মোক স্বয়ংসেৱক নহয় বুলি ক'ব পাৰে । সংঘৰ চৰকাৰৰ বিভিন্ন দিশত যি নীৰৱতা দেখা গৈছে, আগন্তুক দিনত অসমৰ বাবে চৰকাৰৰ অমানৱীয়, বিৰোধীৰ উদাসীনতা আৰু সংঘৰ নীৰৱতাই অসমৰ অসমীয়া সমাজখনক যথেষ্ট ক্ষতি কৰিব ।’’
উল্লেখ্য যে, নিষিদ্ধঘোষিত সংগঠন আলফা(স্বা)ৰ মুৰব্বী পৰেশ বৰুৱাৰ ফটো অংকন কৰিবলৈ ৰাইজক মুখ্যমন্ত্রীয়ে জনোৱা আহ্বানৰ বিৰুদ্ধে হিতেশ্বৰ চক্রৱর্তীয়ে সচিবালয়ৰ সমীপত ৩৩৫ ঘণ্টীয়া অনশনত বহিছিল ৷
ৰাষ্ট্ৰীয় সুৰক্ষা আইন(এনএছএ)ৰ অধীনত কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে মুখ্যমন্ত্রী শর্মাক কৰায়ত্ত কৰক নাইবা আলফাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ দাবী তুলি আৰএছএছৰ স্বয়ংসেৱকজনে ১৬ আগষ্টৰ দিনৰ ১১ বজাৰ পৰা ৩৩৫ ঘণ্টীয়া অনশন আৰম্ভ কৰিছিল ।
লগতে পঢ়ক: ভাৰতত মুছলমান থাকিব নালাগে বুলি ভবাসকল হিন্দু হোৱাৰ যোগ্যতা নাই: মোহন ভাগৱত

