কিতাপ-বহীৰ পৰিৱৰ্তে পিঠা-লাডু-জলপান লৈ বহিল শিক্ষাগুৰুসকল
অসমীয়া সংস্কৃতি জীয়াই ৰকাৰ স্বাৰ্থত নামিছে গোলাঘাটৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাগুৰুসকল । প্ৰায় ৬০০ খন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকল পিঠা-লাডু-জলপানৰ মেলাত বহিছে ৷

Published : May 17, 2026 at 4:00 PM IST
গোলাঘাট : এক ব্যতিক্ৰমী ৰূপত একাংশ গোলাঘাটত শিক্ষক-শিক্ষয়িত্ৰীক দেখা গ’ল ৷ কিতাপ-বহীৰ পৰিৱৰ্তী ৰাইজ তথা শিক্ষাৰ্থীৰ আগত শিক্ষাগুৰুসকল বহিল পিঠা-লাড়ু-জলপান ইত্যাদি লৈ ৷ জানি আচৰিত হ’ব, এজন বা দুই-তিনিজন শিক্ষাগুৰু নহয়, প্ৰায় ৬০০ খন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলক এই ৰূপত দেখা গ’ল ৷
আচলতে, শিক্ষা বিভাগে বিহুক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ এই ব্যৱস্থাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলক বিহুৰ লগত জড়িত বিভিন্ন দিশৰ সৈতে চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে শনিবাৰে গোলাঘাট পূব শিক্ষাখণ্ডৰ উদ্যোগত এক সাংস্কৃতিক সমাৰোহ ৰঙালী ২০২৬ আয়োজন কৰা হয় ৷ পূব শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰায় ৬০০ বিদ্যালয়ে এই পিঠা-পনা আৰু গামোচা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷
এই সম্পৰ্কে শিক্ষয়িত্ৰী কুমকুম চাংমাইয়ে কয়, ‘‘পাঠ্যক্ৰমত বিহুক অন্তৰ্ভুক্ত কৰিছে, যাৰ বাবে আমি প্ৰাৰ্থমিক বিদ্যালয়ৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক আমাৰ সংস্কৃতিৰ সৈতে জড়িত কৰাবলৈ এই পদক্ষেপ লৈছো ৷ আমাৰ সাজপাৰ, পৰম্পৰাগ, গামোচা আদি প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা আয়োজন কৰিছো ৷ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিহুক যাতে ঐশ্বিক বিষয় হিচাপে অধ্যয়ন কৰিব পৰা, তাৰ বাবে পূব শিক্ষাখণ্ডই এই প্ৰদক্ষেপ গ্ৰহণ কৰিছো ।’’

তেওঁ আৰু কয়, ‘‘শিক্ষক-শিক্ষয়িত্ৰীসকলে শ্ৰেণীকোঠা এৰি এই বিহু তলিত উপস্থিত হৈ তেওঁলোকে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ পিঠা-পনা আৰু গামোচা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷ মোৰ বিশ্বাস ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ পৰা এক বাৰ্তা কঢ়িয়াই লৈ যাব ।’’

আন এগৰাকী শিক্ষকে কয়, ‘‘অসমীয়াৰ ঐতিহ্য সংস্কৃতিক নতুন প্ৰজন্মৰ মাজত চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে গোলাঘাট পূব শিক্ষাখণ্ডৰ অন্তৰ্গত ৬০০ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক লৈ আজি এই সাংস্কৃতিক সমাৰোহ ৰঙালী ২০২৬ অনুষ্ঠিত কৰিছো । এই অনুষ্ঠানত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছো, যাতে ছাত্ৰ-ছাত্ৰীসকলৰ সাংস্কৃতিক বিকাশৰ লগতে অসমীয়া গাঁৱলীয়া চহা জীৱনৰ ঐতিহ্যৰ লগত পৰিচিত হ'ব পাৰে ৷’’

উল্লেখ্য যে, শনিবাৰে আয়োজিত এই সাংস্কৃতিক ৰঙালী সমাৰোহ ২০২৬ৰ পতাকা উত্তোলন কৰে হাইস্কুল শিক্ষক সন্থা গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰাঞ্জল প্ৰদীপ শৰ্মাই ৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ গোলাঘাট মহকুমাৰ সভাপতি বিশ্বজিৎ গগৈয়ে ৷
উক্ত অনুষ্ঠানত নাহৰ পুলি ৰোপণ কৰাৰ পাছতে বিষয়া, কৰ্মচাৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত খেল-ধেমালি, পৰম্পৰাগত পিঠা-পনা আৰু গামোচা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ লগতে শিক্ষাৰ্থীসকলৰ মাজত ঢোল, পেঁপা, বিহুনাচ, বিহুনাম আদি প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ।

