ETV Bharat / state

ধূপ-দ্বীপ জ্বলাই বছৰটোলৈ সামৰিলে আপোন তাঁত-শালখন, আজি তাঁত বিহু

সাত বিহুৰ অন্যতম তাঁত বিহু । পৰম্পৰা ৰক্ষা কৰি প্ৰতিগৰাকী অসমীয়া শিপিনীয়ে পালন কৰিছে তাঁত বিহু ।

Weavers are celebrating the Taat Bihu in Khuwang
খোৱাঙৰ শিপিনীয়ে পালন কৰিছে তাঁত বিহু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 17, 2026 at 12:14 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: ব'হাগতে প্ৰাণৱন্ত হৈ উঠে প্ৰকৃতি । এতিয়া ৰঙালীৰ আনন্দ উল্লাসত মতলীয়া হৈছে ৰাজ্যৰ প্ৰতিজন চহা অসমীয়া । প্ৰকৃতিৰ লঠঙা বিৰিখেও পুৰণি সাজ সলাইছে । কপৌ, তগৰ আদি ফুলে নানাৰঙী আস্বাদনেৰে ধৰাৰ বুকু সজাই তুলিছে । কুলি-কেতেকীয়ে আনিছে ব'হাগৰ বতৰা ।

আজি ব'হাগ বিহুৰ চতুৰ্থটো দিন । আজি তাঁত বিহু । পৰম্পৰা ৰক্ষা কৰি শিপিনীসকলে এই তাঁত বিহু অতি উলহ-মালহেৰে পালন কৰে । লোকবিশ্বাস আৰু পৰম্পৰা ৰক্ষা কৰি আজিৰ দিনটোত প্ৰতিজন চহা অসমীয়াই তাঁত বিহু পালন কৰিছে ।

খোৱাঙৰ শিপিনীয়ে পালন কৰিছে তাঁত বিহু (ETV Bharat Assam)

অসমীয়া গ্ৰাম্য সমাজত এই বিহু অতি আধ্যাত্মিক পৰিৱেশেৰে পালন কৰা হয় । গাঁৱৰ প্ৰায়বোৰ শিপিনীয়ে এই বিহুটি উদযাপন কৰে, কিয়নো শিপিনীসকলৰ এক অবিচ্ছেদ্য সম্পদ হৈছে তাঁতশালখন ।

ডিব্ৰুগড় জিলাৰ খোৱাং বাঘতলী পথাৰত এনেদৰেই এই তাঁত বিহুৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিছে মহিলাসকলে । পুৱাতে আপোন তাঁতশালখন চাফ-চিকুণ কৰি এগচি বন্তি জ্বলাই সযতনে ৰখাৰ প্ৰয়াস কৰিছে শিপিনীসকলে ।

Weavers are celebrating the Taat Bihu in Khuwang
বছৰটোলৈ সামৰি থ'লে আপোন তাঁত-শালখন (ETV Bharat Assam)

যিহেতু বিহুৰ পিছতে খেতিত ব্যস্ত হ'ব লাগিব, সেয়ে তেওঁলোকে আপোন তাঁতশালযোৰ সযতনে ৰাখিছে বুলি মন্তব্য কৰে । বিহুৰ উখল-মাখল পৰিৱেশৰ মাজত এফাঁকি বিহুও জুৰিলে মহিলাসকলে । উল্লেখযোগ্য যে, অসমীয়া সমাজ জীৱনৰ পৰা ক্ৰমান্বয়ে হেৰাই যোৱা তাঁতশাল বৰ্তমান বাণিজ্যিকমুখী হ'ল । পূৰ্বে প্ৰতিটো অসমীয়া পৰিয়ালত একোখনকৈ তাঁতশাল আছিল যদিও এতিয়া সেই পৰিৱেশ নাই ।

সেয়ে বহুতৰ বাবে আজি তাঁত বিহু অপৰিচিত । তথাপিও গ্ৰাম্য চহা জীৱনৰ একাংশ মহিলাই তাঁতশালখন জীয়াই ৰাখি বিহুৰ পৰম্পৰা যেন ধৰি ৰাখিছে । আজিৰ দিনত বাণিজ্যিকমুখী হোৱা তাঁতশালত কাপোৰ বৈ বহু মহিলাই আত্মনিৰ্ভৰশীল হোৱাৰ বাট মুকলি কৰিছে । ফলত বহু মহিলাৰ বাবে আজি ব'হাগ বিহুৰ চতুৰ্থটো দিন অৰ্থাৎ তাঁত বিহু অতি গুৰুত্বপূৰ্ণ ।

Weavers are celebrating the Taat Bihu in Khuwang
ৰক্ষা কৰিলে পৰম্পৰা (ETV Bharat Assam)

তাঁত বিহু পালন কৰি এগৰাকী মহিলাই কয়, "ব'হাগ বিহুৰ সাত বিহুৰ ভিতৰত চাৰি নম্বৰ বিহু হ'ল তাঁত বিহু । সেয়ে আজি আমি চাকি বন্তি জ্বলাই সামৰি সুতৰি তাঁতশালখন ৰাখিছোঁ । এইবাৰ তাঁতশালত গামোচা, ৰুমাল, মেখেলা চাদৰ আৰু টঙালি আদি বৈছিলোঁ ।"

Weavers are celebrating the Taat Bihu in Khuwang
তেল-টেঙা সানি সামৰি থলে তাঁতশালখন (ETV Bharat Assam)

আন এগৰাকী মহিলাই কয়, "বতৰ ডাৱৰীয়া হোৱা বাবে বিহু এইবাৰ ভালদৰে নগ'ল । তথাপিও পিঠা, জলপান, সাঁজ সকলো বনোৱা হ'ল । আজি তাঁত বিহু বাবে চাকি বন্তি জ্বলাই বছৰটোৰ বাবে তাঁতশালখন সামৰি থলোঁ । তাঁত বিহুৰ পৰম্পৰা আমি অতীজৰ পৰা ধৰি ৰাখিছোঁ । গাঁৱৰ বিহুৰ পৰিৱেশ ভাললগা । ডেকা-গাভৰুৱে হুঁচৰি, জেং বিহু গোৱাৰ লগতে বোৱাৰীসকলেও বোৱাৰী বিহু মাৰিম ।"

লগতে পঢ়ক: প্ৰায় ১৫০০ বিহুৱা-নাচনীয়ে পুৰণিগুদামৰ বুকুত ৰচিলে অভিলেখ

‘এই চৰকাৰখনে জুবিনদাক কেৱল অৱহেলা কৰিছে’ : সোণাপুৰত অখিল গগৈৰ ক্ষোভ