ETV Bharat / state

লোকসংস্কৃতিৰ গৱেষক দীননাথ সোণোৱাললৈ 'শিল্পীপ্রাণ বঁটা' প্ৰদান

সোণোৱাল-কছাৰী জনগোষ্ঠীৰ লোকসংস্কৃতিৰ গৱেষক দীননাথ সোণোৱাললৈ 'শিল্পীপ্রাণ বঁটা' প্ৰদান ৷ 'মুখপত্ৰ গতি' উন্মোচন আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ ৷

Rongali Bihu celebrated by Tinsukia AASU
আছুৰ কেন্দ্ৰীয় মুকলি বিহু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 15, 2026 at 10:16 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া: আজি পহিলা ব’হাগ । পহিলা ব’হাগৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় । পহিলা ব’হাগৰ দিনটোত তিনিচুকীয়াত আছুৱে প্ৰতি বছৰে আয়োজন কৰি আহিছে কেন্দ্ৰীয় মুকলি বিহু ৷ বুধবাৰেও তিনিচুকীয়াৰ বিমলা প্ৰসাদ চলিহা নগৰ খেলপথাৰত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অতি উলহ-মালহেৰে উদযাপন কৰে কেন্দ্ৰীয় মুকলি বিহু ।

আৰম্ভণিতে বিহুৰ পতাকা উত্তোলন কৰে চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত নেওগে আৰু আছুৰ পতাকা উত্তোলন কৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰতীম নেওগে । শ্বহীদ তৰ্পণ কৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কনচেং গগৈয়ে আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁয়ে ।

আছুৰ কেন্দ্ৰীয় মুকলি বিহু (ETV Bharat Assam)

তাৰপাছতে ছাত্ৰ সন্থাৰ সদস্যসকলে আই-মাতৃ আৰু ভকতসকলৰ পৰা আশীৰ্বাদ লোৱাৰ লগতে ভকলসকলে গায়ন-বায়ন পৰিৱেশন কৰে ৷ পৰৱৰ্তী সময়ত অসমৰ অন্যতম জনগোষ্ঠী সোণোৱাল-কছাৰীৰ সাংস্কৃতিক প্ৰসাৰ-বিকাশৰ ক্ষেত্ৰত নিৰন্তৰ সাধনা অব্যাহত ৰখাৰ বাবে অৰিহণা যোগাই অহা সোণোৱাল-কছাৰীৰ জনগোষ্ঠীৰ লোক-সংস্কৃতিৰ গৱেষক দীননাথ সোণোৱাললৈ 'শিল্পীপ্রাণ বঁটা' প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ৷ ইয়াৰ পাছতে মুকলি বিহু আৰু মুখপত্ৰ গতি উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ৷

মুকলি বিহু আৰম্ভ হোৱাৰ লগে লগে লোকে লোকাৰণ্য হৈ পৰে তিনিচুকীয়াৰ বিমলা প্ৰসাদ চলিহা নগৰ খেলপথাৰ ৷ জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহক একত্ৰিত কৰি খেলপথাৰত প্ৰদৰ্শন কৰে নিজা নিজা সাংস্কৃতিক অনুষ্ঠান ৷ হুঁচৰি, জেং বিহু, লগ বিহু, মৰাণ বিহু, সোণোৱাল-কছাৰী, মিছিং, ঝুমুৰকে আদি কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ লগেলগে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় ।

Rongali Bihu celebrated by Tinsukia AASU
আছুৰ মুকলি বিহুৰ কিছু দৃশ্য (ETV Bharat Assam)

উক্ত অনুষ্ঠানৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ব’হাগৰ প্ৰথম দিনটোতে সকলোলৈকে অসমীয়া নৱবৰ্ষ আৰু ব’হাগ বিহুৰ ওলগ জনাই কয়, "আজি প্ৰতিকূল বতৰতো হিলদল ভাঙি হেপাঁহৰ ব’হাগ বিহু উদযাপনৰ কাৰণে উলাই আহিছে । এইবাৰ আমাৰ বিহু উৰুঙা । প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন প্ৰথম বিহু । আজি জুবিন গাৰ্গৰ অনুপস্থিতি প্ৰতিগৰাকী অসমীয়াই উপলব্ধি কৰিছে । এই পবিত্ৰ স্থানৰ পৰাই আমি জুবিন গাৰ্গৰ প্ৰকৃত ন্যায় কামনা কৰিছোঁ ।"

লগতে পঢ়ক: ঢোলৰ গুমগুমনিত কঁপিল পূব-মৰিগাঁও নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন

হেৰাই যোৱাৰ উপক্ৰম বিহুৰে জড়িত বহু পৰম্পৰাগত খেল-ধেমালি