ETV Bharat / state

পথ-দলং একোৱেই নাই, নৈপৰীয়া এখন গাঁৱৰ ৰাইজৰ হাহাকাৰ

টুলুঙা নাৱেই গাঁওখনৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ মাধ্যম । ১০ বছৰত এবাৰো বিধায়কৰ মুখ নেদেখিলে ৰাইজে ।

Khowang deprived village
ভগামুৰ ৰায় গাঁৱত নাই উন্নত পথ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 26, 2026 at 1:46 PM IST

4 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : সমাগত বিধানসভা নিৰ্বাচন । চাৰিওফালে চৰকাৰে পৰিৱৰ্তন আৰু উন্নয়নৰ ৰঙীন বিজ্ঞাপন দি থকা সময়তে উন্নয়ন বিচাৰি হাবাথুৰি খাইছে খোৱাং সমষ্টিৰ এখন গাঁৱৰ ৰাইজে । কোনো চৰকাৰী আঁচনিয়ে আজিও স্পৰ্শ কৰিব পৰা নাই খোৱাং সমষ্টিৰ এটা অঞ্চলৰ ৰাইজক । ফলত নানান সমস্যাৰে ভাৰাক্ৰান্ত ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ অন্তৰ্গত ভগামুৰ ৰায় বা নেপালী গাঁৱৰ ৰাইজ । মাজুলী গাঁও হিচাপেও পৰিচিত অঞ্চলটোৰ ৰাইজে অতি কষ্টৰে চলাই গৈছে জীৱন সংগ্ৰাম । বুঢ়ীদিহিং নদীয়ে চাৰিওফালে আগুৰি আছে এই গাঁওখন । এই গাঁওখনৰ বাসিন্দাসকলৰ যাতায়তৰ একমাত্ৰ মাধ্যম হৈছে নাও ।

বাৰিষা, খৰালি সকলো সময়তে নাৱেৰে গাঁওবাসীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়ত কৰিব লগা হয় । কেৱল কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি আছে গাঁওখনৰ ৰাইজ । বানৰ বাবে শালি খেতি নহয় । খৰালি ৰবি শস্যৰ খেতি কৰি কোনো মতে জীৱন নিৰ্বাহ কৰি আহিছে ৰাইজে । অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিনৰ পৰা দাবী কৰি আহিছে এখন দলং । কিন্তু আজিও ৰাইজৰ সপোন পূৰণ হোৱা নাই ।

ভগামুৰ ৰায় গাঁৱৰ ৰাইজৰ সমস্যা (ETV Bharat Assam)

আনহাতে খহনীয়াৰ সমস্যাইও বিপাঙত পেলাইছে ৰাইজক । অঞ্চলটোত চৰকাৰী অনুষ্ঠানৰ নামত মাত্ৰ এটা অংগনবাড়ী কেন্দ্ৰ আছে । গাঁওখনত চিকিৎসাৰ ক্ষেত্ৰতো নাই কোনো ধৰণৰ ব্যৱস্থা ।‌ ৰোগীক নাৱেৰে বুঢ়ীদিহিং নদী পাৰ কৰি চিকিৎসালয়লৈ নিব লাগে । বৰ ভূঁইকঁপৰ পিছতে প্ৰতিষ্ঠা হোৱা গাঁওখনত বিদ্যুতৰ সুবিধা ৰাইজে পাইছে যদিও বাট-পথৰ অৱস্থা তথৈবচ । বছৰ বছৰ ধৰি এনেদৰে জীৱন নিৰ্বাহ কৰি আছে যদিও কোনো এখন চৰকাৰে অঞ্চলটোৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰা নাই ।

কেৱল নিৰ্বাচনৰ সময়তহে ভোট ভিক্ষা কৰিবলৈ ৰাজনৈতিক নেতাসকলৰ আগমন হয় বুলি অঞ্চলবাসীয়ে জনাইছে । বিগত ১০ বছৰে সমষ্টিত বিধায়ক হৈ থকা চক্ৰধৰ গগৈয়ে ৰাইজৰ সমস্যাৰ বুজ ল'বলৈ এবাৰো নগ'ল‌ বুলিও আক্ষেপ কৰিছে অঞ্চলটোৰ ৰাইজে ।

Khowang deprived village
ভগামুৰ ৰায় গাঁৱৰ ৰাইজৰ সমস্যা (ETV Bharat Assam)

বানৰ পৰা ৰক্ষা পাবলৈ হাই ৰেম্প নিৰ্মাণৰ দাবী :

অঞ্চলটোৰ ৰাইজৰ সমস্যা সন্দৰ্ভত এজন লোকে কয়, "আমাৰ গাঁৱৰ ৰাইজৰ যাতায়তৰ বহুত সমস্যা হয় আৰু খহনীয়া সমস্যা আছে । বানৰ সময়ত যথেষ্ট অসুবিধাত পৰোঁ । বানৰ সময়ত আমি মানুহবিলাক থাকিবলৈ সমস্যা হয় তেনেস্থলত গৰু-ছাগলী ৰক্ষা কৰিব নোৱাৰা হৈ পৰোঁ । সেয়ে চৰকাৰে হাই ৰেম্প এটা আৰু আলিটো ওখকৈ নিৰ্মাণ কৰি দিলে আমি কিছু ৰক্ষা পাম ।"

Khowang deprived village
পকী পথ নাই গাঁওখনত (ETV Bharat Assam)

এম্বুলেন্স নাহে, সাঙীত নিব লগা হয় ৰোগীক :

অঞ্চলটোৰ ৰাইজৰ যিহেতু যাতায়তৰ একমাত্ৰ মাধ্যম হৈছে নাও গতিকে এখন দলং নিৰ্মাণ কৰিব লাগে বুলি দাবী জনাই এগৰাকীয়ে কয়, "ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যোৱা, খেতিপথাৰত উৎপাদিত সামগ্ৰীসমূহ আমি বজাৰলৈ নিবলৈ সমস্যাত পৰোঁ । আমাৰ ৰাস্তা আৰু দলং এখন হৈ গ'লে বহুত উপকৃত হ'ব । ৰোগী নিবলৈ ইয়ালৈ এম্বুলেন্স নাহে সাঙীত নিব লগা হয় ৰোগীক । বাৰিষাৰ সময়ত বহু ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ নোযোৱাকৈ থাকিবলগীয়া হয় ।"

Khowang deprived village
ভগামুৰ ৰায় গাঁৱত নাই উন্নত পথ (ETV Bharat Assam)

সমস্যা সমাধান কৰিব পৰা প্ৰাৰ্থীক ভোট দিব ৰাইজে :

অঞ্চলটোৰ আন এগৰাকী মহিলাই কয়, "আমাৰ ইয়াত বহুত সমস্যা । আমাক যাতায়ত কৰিবলৈ এখন দলং লাগে । খহনীয়া প্ৰতিৰোধী ব্যৱস্থা কৰিব লাগে । আমাৰ পথটো ওখকৈ নিৰ্মাণ কৰি দিব লাগে । বানৰ সময়ত গৰু-ছাগলী ৰাখিবলৈ এটা হাই ৰেম্প এটা লাগে । ৰাইজৰ জলন্ত সমস্যাসমূহ সমাধান যিজন প্ৰাৰ্থীয়ে কৰিব পাৰিব তেনে এজন প্ৰাৰ্থীকে আমি বিচাৰোঁ ।" যিহেতু নিৰ্বাচন সমাগত সেয়ে এইবাৰ প্ৰাৰ্থীসকলে কি প্ৰতিশ্ৰুতি লৈ অঞ্চলটোলৈ আহে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :অসমৰ ভূমিত অব্যাহত নগাৰ আগ্ৰাসন : চকুমুদা কুলিৰ ভাওত অসম চৰকাৰ-স্থানীয় প্ৰশাসন