ETV Bharat / state

জোনাইত লেকু নদীত তীব্ৰ খহনীয়া: খহনীয়াত জাহ গৈছে 'পবা'ৰ বহু মূল্যৱান গছ-গছনি, নাৰ্চাৰী

জোনাইৰ লেকু নদীৰ খহনীয়াই ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে ৷ পবা বনাঞ্চলৰ বহু মূল্যৱান গছ-গছনি খহনীয়াত জাহ যোৱাৰ লগতে এখন নাৰ্চাৰীও নদীৰ গৰ্ভত বিলীন হৈছে ৷

EROSION IN JONAI
জোনাইত লেকু নদীত তীব্ৰ খহনীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 12:42 PM IST

2 Min Read
Choose ETV Bharat

জোনাই : জোনাইৰ অসম-অৰুণাচল সীমান্তৱৰ্তী লেকু বীট খণ্ডৰ কাষৰ খৰস্ৰোতা লেকু নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ নদীখনৰ অব্যাহত তীব্ৰ খহনীয়াৰ ফলত প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য 'পবা'ৰ লগতে ইয়াৰ কাষৰীয়া কেইবাখনো গাঁও তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে ৷

অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা নামি বৈ অহা চিলে নদীখনে যোৱা এটা দশকত কেইবা একৰ বনাঞ্চল খহাই পেলাইছে যদিও চৰকাৰ তথা প্ৰশাসনে খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

জোনাইত লেকু নদীত তীব্ৰ খহনীয়া (ETV Bharat Assam)

ইতিমধ্যে নদীখনৰ খহনীয়াত পবা বনাঞ্চলৰ বহু মূল্যৱান প্ৰকাণ্ড গছ-গছনি জাহ যোৱাৰ লগতে এখন নাৰ্চাৰীও নদীৰ গৰ্ভত বিলীন হৈছে ৷

একে সময়তে খহনীয়াই বনাঞ্চলৰ কাষৰীয়া জনবসতিপূৰ্ণ অঞ্চলসমূহলৈও বিপদ কঢ়িয়াই আনিছে ৷ এই ধাৰাবাহিক খহনীয়া অব্যাহত থাকিলে যিকোনো মুহূৰ্ততে পবা বনাঞ্চলৰ অৰ্ধশতাধিক মূল্যৱান গছ-গছনি, বন্যপ্ৰাণী আৰু ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে ৷

উল্লেখ্য যে, বিগত কেইবাবছৰ ধৰি লেকু নদীৰ খহনীয়া অব্যাহত আছে ৷ এই সমস্যাৰ স্থায়ী সমাধানৰ দাবীত বিভিন্ন সময়ত স্থানীয় ৰাইজৰ লগতে একাংশ প্ৰকৃতিপ্ৰেমীয়ে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে ৷ কিন্তু আজিলৈকে খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷

একাংশ স্থানীয় ৰাইজে সময় থাকোঁতেই প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্য, ইয়াৰ জৈৱ বৈচিত্ৰ্য আৰু বনাঞ্চলৰ কাষৰীয়া গাঁওসমূহক সুৰক্ষা প্ৰদানৰ স্বাৰ্থত লেকু নদীৰ খহনীয়া ৰোধৰ বাবে অতি শীঘ্ৰে স্থায়ী প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৷

লগতে পঢ়ক : বেকী নদীৰ খহনীয়াৰ কালৰূপ, মথাউৰি নিৰ্মাণৰ বাবে চৰকাৰক আহ্বান ৰাইজৰ

বুঢ়ীদিহিং নদীয়ে ভাবুকি কঢ়িয়াইছে বহু পৰিয়াললৈ, অসহায় পৰিয়ালে বাট চাই আছে চৰকাৰলৈ

জোনাইত ডেপী নদীৰ খহনীয়াৰ ব্যাপক ৰূপ; নদীৰ বুকুত জাহ গ'ল ৮ পৰিয়ালৰ ঘৰ