ETV Bharat / state

কেনেকৈ মৃত্যু হ'ল এশিঙীয়া গঁড়ৰ, বাঘৰ আক্ৰমণ নে আন কিবা ?

কলিয়াবৰত মৃত্যু অসম গৌৰৱ এশিঙীয়া গঁড়ৰ । গঁড়টোৰ শৰীৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট ।

Rhinoceros carcass was found in Kaliabar
কলিয়াবৰত মৃত্যু অসম গৌৰৱ এশিঙীয়া গঁড়ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 2:42 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ: ক্ৰমাৎ মিনি কাজিৰঙালৈ পৰিণত হোৱা কলিয়াবৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা । কলিয়াবৰৰ শিলঘাটত এটা এশিঙীয়া গঁড়ৰ মৃত্যু । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি কামাখ‍্যা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ আছিল গঁড়টোৱে । গঁড়টোৰ পিঠিত আঘাতৰ চিন স্পষ্ট । বাঘৰ আক্ৰমণত মৃত্যু হোৱাৰ সন্দেহ বন বিভাগৰ ।

শিলঘাটৰ কামাখ্যা মন্দিৰৰ নামনিত কলিয়াবৰ চাহ বাগিচাৰ কাষতেই পুৱাৰ ভাগতে গঁড়টোৰ মৃতদেহ প্ৰত‍্যক্ষ কৰে পথেৰে অহা-যোৱা কৰা লোকে । বৰ্তমান সুৰক্ষিত অৱস্থাত আছে গঁড়টোৰ খৰ্গ । ঘটনাস্থলীত শিলঘাট বন বিভাগ উপস্থিত হৈ গঁড়টোৰ কি কাৰণত মৃত্যু হ'ল তাৰ তদন্ত আৰম্ভ কৰিছে । গঁড়টোৰ পিঠিৰ অংশত গুৰুতৰ আঘাতৰ চিন দেখা পোৱা গৈছে ।

কলিয়াবৰত মৃত্যু অসম গৌৰৱ এশিঙীয়া গঁড়ৰ (ETV Bharat Assam)

বন বিভাগৰ কৰ্মচাৰীয়ে জনোৱা মতে, গঁড়টোৰ পিঠিত গুৰুতৰ আঘাতৰ চিন দেখা পোৱা গৈছে। এই বনাঞ্চলত থকা বাঘৰ আক্ৰমণৰ বাবেই এনে আঘাত পোৱা বুলি অনুমান কৰা হৈছে । আন একাংশৰ মতে হয়তো গঁড়টো ওখ ঠাইৰ পৰা তলত পৰি যোৱাৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে । অৱশ্যে, পশু চিকিৎসকৰ পৰীক্ষাৰ পিছতহে সবিশেষ তথ‍্য পোহৰলৈ আহিব ।

এই সন্দৰ্ভত শিলঘাট খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়ে কয়, "আজি কিছুদিন ধৰি গঁড়টোৱে ইয়াত বিচৰণ কৰি আছিল । কালি সন্ধিয়ালৈকে গঁড়টোক আমি সুস্থ অৱস্থাতে পাইছোঁ । কিন্তু আজি পুৱাৰ ভাগত আমি নিয়মীয়া টহলদাৰী কৰিবলৈ আহিছোঁ । আহোতে গঁড়টো মৃত অৱস্থাত দেখা পালোঁ ।"

তেওঁ লগতে কয়,"গঁড়টোৰ পিঠিত কিছু আঘাতৰ চিন পাইছোঁ আৰু কিছু ওপৰৰ অংশৰ পৰা সি উফৰি পৰিছে । গতিকে সি আঘাত পাই মৃত্যু হোৱা বুলি সন্দেহ হৈছে । আমি পিঠিত দাগকেইটা দেখা পাইছোঁ । এইটো আমাৰ পশু চিকিৎসকেহে গম পাব । যদিও বাঘ ইয়াত আছে, কিন্তু বাঘৰ আক্ৰমণ বুলি আমি সবিশেষ ক'ব নোৱাৰিম । সেইটো কেৱল পশু চিকিৎসকেহে জানিব ।" উল্লেখযোগ্য যে, গঁড়টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা প্ৰায় তিনিমাহ পূৰ্বেই ওলাই আহি কামাখ‍্যা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ শিলঘাট অঞ্চলত বিচৰণ কৰি আছিল ।

লগতে পঢ়ক: ৰৈ ৰৈ বিনালেলৈ অভূতপূৰ্ব সঁহাৰি, টিকট নাপাই ধৈৰ্য নেহেৰুৱাব

শিশু নিৰ্যাতনৰ ঘটনা : দুবছৰৰ পাছত জামিন পালে ডাঃ ৱালিউল ইছলামে, কাৰাগাৰত ডাঃ সংগীতা দত্ত