ETV Bharat / state

পৰিকল্পনা আছিল গঁড় চিকাৰৰ; কিন্তু বন বিভাগৰ জালত পৰিল তিনি চিকাৰী

কথমপি ৰক্ষা পৰিল এশিঙীয়া গঁড় ৷ কাজিৰঙাত গঁড় চিকাৰীৰ ষড়যন্ত্ৰ বন বিভাগে ব্যৰ্থ কৰিবলৈ সক্ষম হয় ৷ অভিযানত তিনি অভিযুক্তক আটক ৷

Rhino Poaching Plot Foiled: Three Arrested Near Kaziranga National Park
বন বিভাগৰ জালত পৰিল চিকাৰী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 10:26 AM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : বিশ্ববিখ্যাত অসমৰ এশিঙীয়া গঁড়ৰ অস্তিত্বক সংকটত পেলাবলৈ চোৰাং চিকাৰী আকৌ সক্ৰিয় হৈ পৰিছে ৷ কিন্তু চোৰাং চিকাৰীৰ প্ৰতিটো খোজক নিষ্ক্ৰিয় কৰিবলৈ বন বিভাগ সদা তৎপৰ হৈ আছে ৷ ইয়াৰে ফলস্বৰূপে শনিবাৰে চোৰাং চিকাৰীয়ে চলোৱা অপচেষ্টাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগে ব্যৰ্থ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ সংৰক্ষণৰ ষষ্ঠ সংযোজন এলেকাত বন বিভাগে গঁড় চিকাৰীৰ উপস্থিতিৰ এক সম্ভাব্য তথ্য লাভ কৰিছিল ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত লাভ কৰা খবৰৰ আলমতে বন বিভাগে এক অভিযান চলায় ৷ এই অভিযানত বন বিভাগৰ দলটোৱে তিনিজন সন্দেহজনক ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ।

ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী ঘোষে কয়, ‘‘৯ মে’ শনিবাৰে লাভ কৰা নিৰ্ভৰযোগ্য এক তথ্যৰ ভিত্তিত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ইষ্টাৰ্ণ ৰেঞ্জ, গমিৰি আৰু ক্ৰাইম ইনভেষ্টিগেশ্বন ৰেঞ্জৰ দলে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অভিযান চলাই তিনিজনক আটক কৰে । তদন্তকাৰী বিষয়াসকলৰ মতে, আটকাধীন লোককেইজন পূৰ্বৰ এক বন্যপ্ৰাণী অপৰাধ গোচৰৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে ।’’

ঘোষে উল্লেখ কৰা মতে, এই অভিযানত মাজুলীৰ উখলচুক এলেকাৰ পৰা এটা দেশীয়ভাৱে নিৰ্মিত বন্দুকৰ ব’ল্ট আৰু বাট উদ্ধাৰ কৰা হয় । বন বিভাগৰ সন্দেহ, এই অস্ত্ৰাংশ কাজিৰঙাৰ সংৰক্ষিত বনাঞ্চলত চিকাৰৰ সময়ত ব্যৱহাৰৰ উদ্দেশ্যে লগত আনিছিল ।

ধৃত অভিযুক্তকেইটা হ’ল -

  • মাজুলীৰ উখলচুকৰ কিৰণ পেগু
  • লখিমপুৰ জিলাৰ বিহপুৰীয়া অঞ্চলৰ চেছা গাঁৱৰ ৰিজু পেগু ওৰফে ৰিজুকান্ত আৰু
  • বিশ্বনাথ জিলাৰ ডাক চাপৰিৰ পুলেন কামান ।

উল্লেখ্য যে, চলিত বৰ্ষৰ মাৰ্চ মাহত কাজিৰঙাৰ সীমান্তৱৰ্তী অঞ্চলৰ অন্তৰ্গত গোপালজাৰণী এলেকাৰ ওচৰতে বন বিভাগে এটা .303 ৰাইফল আৰু 13 ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিছিল । বৰ্তমানো সেই ঘটনাৰ তদন্ত চলি আছে ৷

বন বিষয়াসকলৰ মতে, সময়মতে এই অভিযান চলোৱাৰ ফলতে কাজিৰঙাত সম্ভাব্য গঁড় চিকাৰৰ এক ডাঙৰ ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈ সম্ভৱ হৈছে । ঘটনাৰ সৈতে জড়িত আন অভিযুক্ত, অস্ত্ৰ যোগানদাতা আৰু এই অপৰাধীৰ নেটৱৰ্কৰ সন্ধানত বনবিভাগে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত ঘঁৰিয়ালৰ বিচৰণ