ETV Bharat / state

স্নানাগাৰত নিথৰ হৈ পৰি ৰ’ল পত্নীসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃতদেহ

আত্মহত্যা নে আন কিবা সেয়া এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই ৷ দম্পতীটোৱে এই মৃত্যুৰ বাবে কাকো জগৰীয়াও কৰা নাই ৷

COUPLE SUICIDE
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat Assam)
author img

By PTI

Published : April 22, 2026 at 7:29 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: সকলোকে জীৱনৰ পাঠ শিকোৱা এগৰাকী শিক্ষকেও কেতিয়াবা জীৱনযুদ্ধত হাৰি যাব পাৰে ৷ শৰীৰত শেষ শক্তিকণ থকালৈকে জীৱনত যুঁজিবলৈ তেওঁ অপাৰগ হৈ পৰে ৷

ওদালগুৰি জিলাৰ কলাইগাঁৱৰ বেলতলীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ নিজা বাসগৃহৰ স্নানাগাৰত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু পত্নীৰ মৃতদেহ পোৱা গৈছে ৷ এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে যদিও ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই ৷

বুধবাৰে ওদালগুৰি জিলাৰ কলাইগাঁৱত সংঘটিত হৈছে দম্পতীটোৰ ৰহস্যজনক মৃত্যুৰ ঘটনা ৷ এই কথা সদৰী কৰিছে কলাইগাঁও আৰক্ষীৰ এজন বিষয়াই ৷ অৱশ্যে বিষয়াগৰাকীয়ে এইটোও কৈছে যে দম্পতীটোৱে এক টোকা এৰি গৈছে, য’ত তেওঁলোকে আৰ্থিক সমস্যা আৰু দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে চৰম পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰা হৈছে ।

আৰক্ষী বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে কৰ্মসূত্ৰে ঘৰৰ বাহিৰত থকা দম্পতীটোৰ দুই পুত্ৰই বুধবাৰে পুৱাৰে পৰা পিতৃ-মাতৃক ফোনযোগে যোগাযোগ কৰাত ব্যৰ্থ হয় ৷ যাৰ বাবে তেওঁলোকে ওচৰ-চুবুৰীয়াক পিতৃ-মাতৃৰ ওপৰত নজৰ ৰাখিবলৈ কৈছিল ।

কিন্তু ওচৰ-চুবুৰীয়াই তেওঁলোকৰ খবৰ কৰিবলৈ আহি যি দৃশ্য দেখে, তাক লৈ হতবাক হৈ পৰে ৷ বিষয়াগৰাকীয়ে জনোৱা মতে, চুবুৰীয়াই স্নানাগাৰত ওলমি থকা অৱস্থাত নৰেন্দ্ৰ শইকীয়া আৰু মজিয়াত পৰি ৰোৱা পত্নী দময়ন্তীৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ তদুপৰি মজিয়াত তিনিটাকৈ কীটনাশকৰ বটল পৰি থকাও তেওঁলোকে প্ৰত্যক্ষ কৰে ৷

স্থানীয় লোক তথা আৰক্ষীৰ প্ৰাথমিক তদন্তৰ ভিত্তিত দম্পতীটোৱে চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে ৷

স্থানীয় লোকে দিয়া খবৰৰ ভিত্তিত আৰক্ষীয়ে এজন দণ্ডাধীশ আৰু ফৰেনছিক দলৰ সৈতে সেই স্থানত উপস্থিত হয় ৷ সম্প্ৰতি দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, মৃত্যুৰ পূৰ্বে নৰেন্দ্ৰ শইকীয়াই দুখনকৈ ঢাৰিৰ লগতে শেষকৃত্যত প্ৰয়োজনীয় আনুসংগিক কেতবোৰ সামগ্ৰী যোগাৰ কৰি চোতালত ৰাখিছিল ৷ অৰ্থাৎ প্ৰাক্তন শিক্ষক শইকীয়াই এই কাম পূৰ্ব পৰিকল্পিতভাৱে কৰা বুলি আৰক্ষীয়ে অনুমান কৰি কৈছে যে দম্পতীটোৱে এই মৃত্যুৰ বাবে কাকো জগৰীয়া কৰা নাই ৷

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক: জীৱন নাটৰ যৱনিকা পেলালে বিশিষ্ট সম্পাদক-সাহিত্যিক নিত্য বৰাই