টাবত ধানখেতি, ঘৰত নাঙল-যুঁৱলি, গৰুগাড়ীৰ পৰা মোখোৰা-কৰিয়া: মহানগৰীৰ এজন বাসিন্দাৰ আদৰ্শনীয় কৰ্ম
কংক্ৰীটৰ মহানগৰীত টাবত ধানৰ খেতি । অসমৰ চহা জীৱনৰ সঁজুলি সংৰক্ষণ কৰি যুৱপ্ৰজন্মক পৰিচয় কৰাই দিয়াৰ বিশেষ পদক্ষেপ সোমেশ্বৰ দত্তৰ ।

Published : November 17, 2025 at 7:04 PM IST
গুৱাহাটী : একালত অসমীয়া সমাজ জীৱনৰ অভিন্ন অংগ আছিল নাঙল, যুঁৱলি, জাপি, গৰুগাড়ী, জাকৈ, খালৈ, পানীলাওৰ খোলা, পাউৰী, পল, মেন্থল লাইট, দিঙৰা, ওভতি, মোখোৰা, কৰিয়া আদি । এই সঁজুলিবোৰ নহ'লে অসমীয়া ঘৰ এখন সম্পূৰ্ণ ন'হৈছিল । চহা জীৱনৰ প্ৰধান সম্বল আছিল এই সঁজুলিবোৰ ।
কিন্তু আধুনিকতাৰ পৰশ পৰাৰ সমান্তৰালভাৱে প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ লগে লগে অসমীয়া সমাজ জীৱনৰ পৰা এই সঁজুলিবোৰ ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে । বৰ্তমান যুৱপ্ৰজন্মৰ বাবে এই সঁজুলিবোৰ অচিনাকি হৈ গৈছে । তেওঁলোকৰ খুব কমসংখ্যকেহে ক'ব পাৰিব নাঙল কি, যুঁৱলি কি বা এইবোৰ কেনেকৈ ব্যৱহাৰ কৰে ।
ৰাজ্যৰ যুৱ আৰু পৰৱৰ্তী প্ৰজন্মক একালৰ অসমীয়া সমাজৰ এই অত্যাৱশ্যকীয় সঁজুলিবোৰৰ সৈতে পৰিচয় কৰাই দিয়াৰ মানসেৰে গুৱাহাটী মহানগৰীৰ নাৰেংগী হাউছিং কল'নী নিবাসী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা ভাৰত স্কাউট এণ্ড গাইডৰ ৰাজ্যিক সচিব সোমেশ্বৰ দত্তই উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে । মহানগৰত থাকিও গ্ৰাম্য জীৱনৰ স্মৃতি পাহৰিব নোৱৰা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে একালৰ অসমৰ চহা জীৱনৰ বিভিন্ন সম্পদ আৰু সঁজুলি সংগ্ৰহ কৰি নিজৰ ঘৰতে সংৰক্ষণৰ ব্যৱস্থা কৰিছে, যাতে যুৱপ্ৰজন্মক এই সঁজুলিবোৰৰ সৈতে পৰিচয় কৰাই দি অতীতৰ স্মৃতি ৰোমন্থন কৰিব পাৰে ।

কিয় সংৰক্ষণ কৰিছে এই সঁজুলিবোৰ
এই সন্দৰ্ভত সোমেশ্বৰ দত্তই কয়, "অসমীয়া সমাজ জীৱনৰ সংস্কৃতি খেতিৰ পৰা আৰম্ভ হৈছে । জন্মৰ পৰাই বোকা-পানীৰ লগত জড়িত । চহা জীৱনৰ তেজ আমাৰ গাত আছে । আধুনিকতাৰ দৌৰত আমাৰ সংস্কৃতিবোৰ যাব ধৰিছে । সেয়েহে নতুন প্ৰজন্মক চিনাকি কৰাই দিবলৈ খেতিৰ সঁজুলি, মৎস্য চিকাৰৰ সঁজুলি সংৰক্ষণ কৰিছোঁ । গৰুগাড়ী, নাঙল, যুঁৱলি, জাপি, জাকৈ, খালৈ, পানীলাওৰ খোলা, পাউৰী, পল, মেন্থল লাইট, দিঙৰা, ওভতি, মোখোৰা, কৰিয়া, বৰশী আদি প্ৰায় ৫০ বিধতকৈ অধিক সংৰক্ষণ কৰিছোঁ ।"

তেওঁ লগতে কয়, "নতুন প্ৰজন্মক আমাৰ সমাজ জীৱনৰ লগত নিবিড় সম্পৰ্ক থকা এই সঁজুলিবোৰ যাতে চিনাকি কৰাই দিব পাৰোঁ তাৰ বাবে এই পদক্ষেপ । এই সঁজুলিবোৰ সংৰক্ষণ কৰি চিনি নোপোৱা লোকক সঁজুলিবোৰ চিনাকি কৰাই দিবলৈ সক্ষম হৈছে । এই সঁজুলিবোৰ চাবলৈ বহু লোক আহে । তদুপৰি বিভিন্ন ছবি, ধাৰাবাহিকৰ শ্বুটিং কৰিবলৈও আহে ।"

কেতিয়াৰ পৰা সংৰক্ষণ কৰিছে এই সঁজুলিবোৰ
সোমেশ্বৰ দত্তই কয়, "সেয়া আছিল ২০০৮ চনৰ কথা । মোৰ ল'ৰাৰ বিদ্যালয়ত ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । ল'ৰাই খেতিয়কৰ ভেশচন ধৰিছিল । তাৰবাবে মই নাঙল-যুঁৱলি বনাই দিছিলো । প্ৰতিযোগিতাৰ শেষত নাঙল-যুঁৱলিখন ঘৰৰ চৌহদৰ গছ এজোপাত ওলোমাই থৈছিলোঁ । বহুজনে চিনি পায়, আন একাংশই চিনি নাপায় কি হয় বুলি সুধিছিল । আমাৰ জাতীয় জীৱনৰ নাঙলখনো মানুহে পাহৰি যাব ধৰিছে বুলি মনলৈ আহিছিল ।"

এই সন্দৰ্ভত তেওঁ লগতে কয়, "তেতিয়া মই সিদ্ধান্ত ললোঁ যে আমাৰ খেতিত ব্যৱহৃত সঁজুলি আৰু মৎস্য চিকাৰৰ সঁজুলিবোৰ সংৰক্ষণ কৰিব পাৰোঁ । সেই অনুসৰি লখিমপুৰৰ পৰা বিভিন্ন খেতি আৰু মৎস্য চিকাৰৰ সঁজুলি সংগ্ৰহ কৰিছোঁ । ইয়াৰ উপৰি কিছুমান সঁজুলি নিজে বনাই লোৱাৰ উপৰি গৰুগাড়ীখনৰ চকা দুটা কোকৰাঝাৰৰ পৰা আনি ঘৰতে গৰুগাড়ীখন বনাই লৈছোঁ ।"

কংক্ৰীটৰ মহানগৰীত টাবত ধানৰ খেতি
কংক্ৰীটৰ নগৰ, মহানগৰীত খেতিৰ বাবে এডোখৰ মাটি পাবলৈ টান । সেয়ে নগৰ-মহানগৰৰ লোকৰ খেতি কৰাৰ মন থাকিলেও তেওঁলোক থমকি ৰ'বলগীয়া হয় । বৰ্তমান অসমৰ নগৰ আৰু চহৰত বাস কৰা বহু লোকৰ শিপাডাল গাঁৱৰ সৈতে সংযোগ হৈ আছে । জীৱিকাৰ তাড়নাত নগৰ-মহানগৰত বাস কৰিবলগীয়া হোৱা সত্বেও তেওঁলোকৰ মন-মগজু গাঁৱৰ কৃষি জীৱনৰ সৈতে সংপৃক্ত হৈ থাকে ।

তেওঁলোকেও খেতি কৰিব খোজে । তেওঁলোকৰ মনতো এডৰা সেউজ ধাননিয়ে শিপাই থাকে । সোণগুটি চপোৱাৰ সপোন তেওঁলোকৰো আছে । তেনে এক মনৰে মানুহ সোমেশ্বৰ দত্ত । নগৰ-চহৰৰ কংক্ৰীটৰ মাজতো ধানখেতি কৰাৰ উদ্দেশ্যৰেই দত্তই ফুলৰ টাবত পৰীক্ষামূলকভাৱে ধানখেতি কৰাৰ এক অভিনৱ প্ৰচেষ্টা গ্ৰহণ কৰিছে ।

তেওঁ ধানখেতি সম্পৰ্কত কয়, "ঘৰৰ বাৰীখনত শাক-পাচলিৰ লগতে এইবাৰ টাবত পৰীক্ষামূলকভাৱে ধানখেতি কৰিছোঁ । লখিমপুৰৰ পৰা শ'লপোনা ধানৰ সঁচ আনি ১০১ টা টাবত শাওণত ৰোপণ কৰিছোঁ । বৰ্তমান ধানে গেঁৰ মেলিছে । কষ্ট কৰিলে টাবতো ধানখেতি কৰিব পাৰি । নিজৰ চখৰ বাবে হ'লেও কৰিব পাৰি ।"

তেওঁ লগতে কয়, "এইবাৰ ধানখেতি কৰাৰ আন এটা কাৰণো আছে । মোৰ ঘৰতে সংস্কাৰ কেন্দ্ৰ নামৰ বিদ্যালয় এখন আছে । য'ত ওচৰ-চুবুৰীয়া ছাত্ৰ-ছাত্ৰীবোৰক দেওবাৰে বিনামূলীয়াকৈ নীতি শিক্ষা, প্ৰকৃতি সংৰক্ষণৰ শিক্ষা দিয়া হয় । এইবাৰ তেওঁলোকক ধানখেতি কেনেকৈ কৰা হয় তাক দেখুৱাইছোঁ । কঠিয়া কেনেকৈ ৰোপণ কৰা হয়, তাৰ পৰা ধান কেনেকৈ হৈছে আৰু ধান চপোৱা দৃশ্যও দেখুওৱা হ'ব ।"

