ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণ প্ৰকল্পত কুম্ভিলক বৃত্তি!!! গৱেষক ড০ শৈলেন্দ্ৰ বৰঠাকুৰৰ গুৰুতৰ অভিযোগ
ব্ৰহ্মপুত্ৰ বান নিয়ন্ত্ৰণ প্ৰকল্পত ‘Concept Plagiarism’-ৰ অভিযোগ । অসম জলসম্পদ বিভাগক লৈ গৱেষক ড০ শৈলেন্দ্ৰ বৰঠাকুৰৰ প্ৰশ্ন ?

Published : August 29, 2026 at 5:00 PM IST
|Updated : August 29, 2026 at 5:16 PM IST
তেজপুৰ : অসমৰ দীৰ্ঘদিনীয়া বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে ২০১৪ চনতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ দাখিল কৰা নিজৰ প্ৰকল্পৰ মূল ধাৰণা পৰৱৰ্তী সময়ত অনুমোদিত হোৱা আন এটা জলাধাৰ প্ৰকল্পত ব্যৱহাৰ কৰা বুলি গুৰুতৰ অভিযোগ বিশিষ্ট ভূতত্ত্ববিদ তথা গৱেষক ড০ শৈলেন্দ্ৰ বৰঠাকুৰে উত্থাপন কৰিছে।
ড০ বৰঠাকুৰৰ দাবী অনুসৰি, তেওঁ ব্ৰহ্মপুত্ৰৰ ভূতাত্ত্বিক চৰিত্ৰ অধ্যয়ন কৰি বান নিয়ন্ত্ৰণৰ বাবে এটা প্ৰকল্প প্ৰস্তুত কৰিছিল আৰু ২০১৪ চনৰ জুলাই মাহত প্ৰকল্পটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকল্পটো লাভ কৰাৰ স্বীকৃতিও তেওঁ লাভ কৰা বুলি জানিবলৈ দিয়ে ।
অভিযোগ কি?
তেওঁ কয়, “মই বহু বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ ভূতাত্ত্বিক চৰিত্ৰ অধ্যয়ন কৰি আহিছোঁ । সেই গৱেষণাৰ ভিত্তিত বান নিন্ত্ৰণৰ বাবে এটা প্ৰকল্প প্ৰস্তুত কৰি ২০১৪ চনত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিলোঁ । PMO-ৰ পৰা প্ৰকল্পটো লাভ কৰাৰ স্বীকৃতিও পাইছিলোঁ ।”
তেওঁৰ দাবী অনুসৰি, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নথি পঞ্জীয়ন নম্বৰ PMOPG/W/2015/0053882, তাৰিখ ১০-০৮-২০১৪ অনুসৰি প্ৰকল্পটো কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট জলসম্পদ বিভাগলৈ প্ৰেৰণ কৰা হৈছিল । পৰৱৰ্তী সময়ত কেন্দ্ৰীয় জলসম্পদ বিভাগৰ পত্ৰ নম্বৰ F.No.Z-24016/1/2015(Pt.)2073-76ৰ জৰিয়তে প্ৰকল্পটো অসম চৰকাৰৰ জলসম্পদ বিভাগলৈ পৰৱৰ্তী আনুষ্ঠানিকতাৰ বাবে প্ৰেৰণ কৰা হৈছিল বুলি তেওঁ দাবী কৰে ।

ড০ বৰঠাকুৰৰ ভাষ্য অনুসৰি, প্ৰকল্পটো পৰীক্ষা-নিৰীক্ষাৰ বাবে কেন্দ্ৰীয় জল আয়োগ আৰু গংগা সংৰক্ষণ কৰ্তৃপক্ষলৈও প্ৰেৰণ কৰা হৈছিল । কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে ই-মেইলযোগে তেওঁৰ যোগাযোগ হৈছিল বুলিও তেওঁ জানিবলৈ দিয়ে ।
তেওঁৰ মতে, কোনো ৰাজ্যত কোনো প্ৰকল্প ৰূপায়ণ কৰিবলগীয়া হ’লে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ কেবিনেটে DPR অৰ্থাৎ Detailed Project Report অনুমোদন কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব লাগে । তাৰ পিছত কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় কাৰিকৰী আৰু আৰ্থিক সহযোগিতা আগবঢ়াব পাৰে । কিন্তু অসম চৰকাৰৰ জলসম্পদ বিভাগে ২০১৯ চনত তেওঁৰ প্ৰকল্প লাভ কৰাৰ পাছতো ২০২৫ চনলৈকে তেওঁৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাছিল বুলি ড০ বৰঠাকুৰে অভিযোগ কৰে ।

এই সন্দৰ্ভত ড০ বৰঠাকুৰে কয়, “২০১৯ চনত অসম চৰকাৰৰ জলসম্পদ বিভাগে মোৰ প্ৰকল্পটো লাভ কৰাৰ পাছতো ২০২৫ চনলৈকে মোৰ সৈতে কোনো ধৰণৰ যোগাযোগ নকৰিলে ।”
ড০ বৰঠাকুৰে দাবী কৰে যে ২০২৫ চনৰ জুন-জুলাই মাহত তেওঁ জানিব পাৰে যে তেওঁৰ প্ৰকল্পৰ মূল বিষয়বস্তু বা Basic Concept-ৰ সৈতে যথেষ্ট সাদৃশ্য থকা এটা জলাধাৰ নিৰ্মাণৰ DPR প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন লাভ কৰা হৈছে ।
“মোৰ প্ৰকল্পৰ মূল বিষয়বস্তু বা Basic Concept-ৰ সৈতে যথেষ্ট সাদৃশ্য থকা এটা জলাধাৰ নিৰ্মাণৰ DPR প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন লাভ কৰা হৈছে বুলি মই জানিব পাৰোঁ । এই প্ৰকল্পৰ প্ৰথমটো জলাধাৰ নিৰ্মাণৰ বাবে প্ৰায় ৬৯৬ কোটি টকা অনুমোদন কৰা হৈছে বুলি জানিব পাৰোঁ তেওঁ অভিযোগ কৰি কয় ।
তেওঁৰ প্ৰস্তাৱৰ মূল ধাৰণাটো আছিল চৰ নিয়ন্ত্ৰিত জলাধাৰ নিৰ্মাণ কৰাৰ লগতে কৃত্ৰিম আৰু প্ৰাকৃতিক জলাধাৰসমূহ উন্নীত কৰি ব্ৰহ্মপুত্ৰৰ অতিৰিক্ত পানী নিৰ্দিষ্ট সময়ৰ বাবে, প্ৰায় ১২০ ঘণ্টালৈকে, নিয়ন্ত্ৰিতভাৱে সংৰক্ষণ কৰা ।

এই ধাৰণা তেওঁৰ সৈতে কোনো আলোচনা বা যোগাযোগ নকৰাকৈ ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ কৰি ড০ বৰঠাকুৰে ইয়াক ‘Plagiarism’-ৰ সৈতে তুলনা কৰিছে ।
তেওঁ কয়, “মোৰ সৈতে কোনো ধৰণৰ যোগাযোগ বা আলোচনা নকৰাকৈ মোৰ প্ৰকল্পৰ মূল ধাৰণাটো ব্যৱহাৰ কৰা হৈছে বুলি মই অভিযোগ কৰিছোঁ । এই বিষয়টো স্বচ্ছভাৱে তদন্ত কৰা প্ৰয়োজন ।”
বিষয়টো তেওঁ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তদানীন্তন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকালৈ ই-মেইলযোগে অৱগত কৰা বুলি জানিবলৈ দিয়ে । কিন্তু তেওঁৰ দাবী অনুসৰি, মুখ্যমন্ত্ৰী বা জলসম্পদ মন্ত্ৰী— কোনো এজনৰ পৰাই তেওঁ সঁহাৰি লাভ কৰা নাই ।

এতিয়া কি?
ইয়াৰ পিছত ২০২৫ চনৰ অক্টোবৰ মাহত Intellectual Property Rights বা IPR সম্পৰ্কীয় আইনী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱাৰ কথা তেওঁ জানিবলৈ দিয়ে । কিন্তু তাৰ বাবে জলসম্পদ বিভাগে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰা সংশ্লিষ্ট DPR-ৰ প্ৰতিলিপি প্ৰয়োজন বুলি তেওঁ কয় ।
DPR-খন লাভ কৰাৰ বাবে প্ৰথমে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তালৈ আৰটিআইৰ (RTI) জৰিয়তে আবেদন কৰিছিল যদিও কোনো উত্তৰ লাভ নকৰাৰ অভিযোগ কৰে । তাৰ পিছত First Appellate Authority হিচাপে বিভাগৰ সচিবলৈ আবেদন কৰিও সঁহাৰি নোপোৱাৰ কথা জানিবলৈ দিয়ে ।
ইয়াৰ পিছত প্ৰায় দুমাহ পূৰ্বে দ্বিতীয় আবেদন মানে Second Appeal হিচাপে অসম তথ্য আয়োগত আবেদন দাখিল কৰা হৈছে যদিও এতিয়ালৈকে তাৰ পৰাও কোনো উত্তৰ লাভ কৰা নাই বুলি তেওঁ দাবী কৰে ।

“DPR-খন লাভ কৰাৰ বাবে ইতিমধ্যে প্ৰায় এবছৰ সময় পাৰ হৈ গ’ল । এতিয়া আৰটিআইৰ উপযুক্ত আপীল আৰু আইনী ব্যৱস্থাৰ জৰিয়তে DPR-খন লাভ কৰাৰ চেষ্টা কৰাৰ বাহিৰে মোৰ হাতত আন কোনো পথ নাই ।” ড০ বৰঠাকুৰে কয় ।
তেওঁৰ মতে, DPR-খন লাভ কৰাৰ পাছতহে তেওঁৰ Intellectual Property Rights সম্পৰ্কীয় অধিকাৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় আইনী পদক্ষেপ গ্ৰহণ কৰিব পৰা যাব ।
ইফালে, ড০ বৰঠাকুৰে তেওঁৰ প্ৰস্তাৱিত প্ৰকল্পটো কেৱল বান নিয়ন্ত্ৰণৰ মাজতে সীমাবদ্ধ নহয় বুলি দাবী কৰে । প্ৰকল্পটো ৰূপায়ণ হ’লে অসমৰ উদ্যোগ, পৰিবহণ আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব পাৰে বুলি উল্লেখ কৰি তেওঁ কয়, “এই প্ৰকল্পটোৱে কেৱল অসমৰ বান সমস্যাৰ এটা স্থায়ী সমাধানৰ পথ মুকলি নকৰে; ইয়াৰ জৰিয়তে প্ৰায় ৪ লাখ নিবনুৱা যুৱক-যুৱতীৰ বাবে স্থায়ী কৰ্মসংস্থাপনৰ বৃহৎ সুযোগ সৃষ্টি হ’ব পাৰে ।”
তেওঁ লগতে কয় যে প্ৰকল্পটোৰ জৰিয়তে কাগজ উদ্যোগ, পৰিবহণ ব্যৱস্থা আৰু অন্যান্য উদ্যোগ গঢ়ি তোলাৰো সম্ভাৱনা আছে ।
ড০ বৰঠাকুৰে ৰাজ্য চৰকাৰ আৰু জলসম্পদ বিভাগৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰি কয়, “ইমান সম্ভাৱনা থকা সত্ত্বেও ৰাজ্য চৰকাৰ, বিশেষকৈ জলসম্পদ বিভাগ এই বিষয়টোত কিয় নীৰৱ হৈ আছে, সেই কথা মই বুজি পোৱা নাই ।”
ডঃ বৰঠাকুৰৰ দাবীঃ
তেওঁৰ মূল দাবী হৈছে— ২০১৪ চনত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ দাখিল কৰা প্ৰকল্প, কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে হোৱা যোগাযোগ আৰু বৰ্তমান অনুমোদিত DPR-ৰ মাজত থকা সাদৃশ্যৰ বিষয়টো স্বচ্ছভাৱে পৰীক্ষা কৰা হওক আৰু সমগ্ৰ তথ্য অসমৰ ৰাইজৰ সন্মুখলৈ অনা হওক ।
“মোৰ উদ্দেশ্য কোনো ব্যক্তি বা প্ৰতিষ্ঠানক লক্ষ্য কৰা নহয় । মোৰ উদ্দেশ্য হৈছে ব্ৰহ্মপুত্ৰৰ বান সমস্যাৰ এটা স্থায়ী সমাধানৰ সম্ভাৱনা আৰু এই প্ৰকল্পৰ সৈতে জড়িত তথ্যসমূহ স্বচ্ছভাৱে অসমৰ ৰাইজৰ সন্মুখত উপস্থাপন কৰা।” ড০ শৈলেন্দ্ৰ বৰঠাকুৰে কয় ।

