ETV Bharat / state

মাতৃক বিচাৰি দিশহাৰা হোৱা গঁড় পোৱালিক উদ্ধাৰ

পোৱালিটোৰ মাকক বিচাৰি উলিয়াবলৈ বন বিভাগৰ হাতী, থাৰ্মাল ড্ৰোণ(Thermal Drones) আৰু বনকৰ্মীৰ এটা বৃহৎ দলে চলাইছিল অভিযান ৷

RESCUE OF STRANDED RHINO CALF
অকলশৰীয়া গঁড় পোৱালিটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 23, 2026 at 11:45 AM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ: মাতৃক বিচাৰি হাবাথুৰি খাইছে এটা কণমানিয়ে ৷ ইফালে সিফালে চাইছে, নাই মাক ক’তোৱেই নাই ৷ তেনেতে পোৱালিটোৰ ওপৰত চকু পৰিল এটা দলৰ ৷ অকলশৰে থকা পোৱালিটোক সংগ দিলে দলটোৱে ৷

আমি এটা গঁড়ৰ পোৱালিৰ কথাহে ক’বলৈ বিচাৰিছো ৷ বুঢ়াপাহাৰ বনাঞ্চলত আবদ্ধ হৈ থকা এটা গঁড়ৰ পোৱালি(মতা)ক ২২ জানুৱাৰীৰ বিয়লি প্ৰায় ৪ বজাত সফলতাৰে উদ্ধাৰ কৰা হয় । প্ৰাপ্ত তথ্য অনুসৰি, ২১ জানুৱাৰীৰ বিয়লি প্ৰায় ৪ বজাত বুঢ়াপাহাৰৰ সৰালি অঞ্চলত পোৱালিটো অকলশৰীয়াকৈ ঘূৰি ফুৰা প্ৰত্যক্ষ কৰিছিল স্থানীয় বন বিভাগৰ লোকে ৷

মাতৃক বিচাৰি দিশহাৰা হোৱা গঁড়ৰ পোৱালিক উদ্ধাৰ (ETV Bharat Assam)

ইয়াৰ পিছতেই পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ(EAWL) সংমণ্ডল বন বিষয়াই(DFO) পোৱালিটোৰ মাকক বিচাৰি আৰম্ভ কৰিছিল এক বিশেষ অভিযান । পোৱালিটোৰ মাকক বিচাৰি উলিয়াবলৈ বন বিভাগৰ হাতী, থাৰ্মাল ড্ৰোণ(Thermal Drones) আৰু বনকৰ্মীৰ এটা বৃহৎ দল নিয়োজিত কৰা হৈছিল ৷ কিন্তু সন্ধান পোৱা নগ'ল মাতৃৰ ৷

RESCUE OF STRANDED RHINO CALF
মাতৃক হেৰুৱাই আমন-জিমনকৈ বহি থকা অকলশৰীয়া গঁড় পোৱালিটো (ETV Bharat Assam)

চিকিৎসা সেৱা

উদ্ধাৰ অভিযানৰ সময়ত ডাঃ ভাস্কৰ চৌধুৰী, ডাঃ মোহিত নীয়ল আৰু ডাঃ সৌৰভ বৰগোহাঁই নেতৃত্বাধীন তিনিজনীয়া পশু চিকিৎসকৰ দলটোৱে পোৱালিটোক নিৰন্তৰ নিৰীক্ষণ কৰি প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰে ।

RESCUE OF STRANDED RHINO CALF
অকলশৰে থকা পোৱালিটোক সংগ দিয়ে বন বিভাগৰ দলে (ETV Bharat Assam)

বৰ্তমান স্থিতি

প্ৰায় ২৪ ঘণ্টীয়া অভিযানৰ পিছতো গঁড়ৰ পোৱালিটোৰ মাতৃৰ কোনো সন্ধান নোলোৱাত নিৰাপত্তাৰ খাতিৰত পোৱালিটোক সেই ঠাইৰ পৰা লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে বন বিভাগে । পোৱালিটোক বৰ্তমান অধিক যতন আৰু পুনৰ্সংস্থাপনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰীস্থিত বন্যপ্ৰাণী পুনৰ্সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ(CWRC) প্ৰেৰণ কৰা হৈছে । বন বিভাগ বন্যপ্ৰাণী সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সদায় দায়বদ্ধ বুলি সদৰী কৰে ৷

লগতে পঢ়ক: আজি সৰস্বতী পূজা : কিয় আজিৰ দিনটোৰ পৰাহে বগৰী খাব পাৰি বুলি কোৱা হয় ?