ETV Bharat / state

মিতভাষৰ স্ৰষ্টালৈ অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান

বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াক অসম সাহিত্য সভাই প্ৰদান কৰিলে 'সদসি ৱৰেণ্যঃ' সন্মান । বঁটা গ্ৰহণ কৰি সাহিত্য সভাক প্ৰশংসা ড৹ শইকীয়াৰ ।

Dr Nagen Saikia
ড৹ নগেন শইকীয়ালৈ 'সদসি ৱৰেণ্যঃ' সন্মান প্ৰদান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 1, 2025 at 8:03 PM IST

4 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: অসমীয়া সাহিত্য আৰু সমাজ জীৱন সমৃদ্ধ কৰা বিশিষ্ট সাহিত্যিক মিতভাষৰ স্ৰষ্টা ড৹ নগেন শইকীয়াই সাহিত্য সৃষ্টিৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে । বিভিন্ন মূল্যৱান গ্ৰন্থ ৰচনাৰে ইতিমধ্যেই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে । যাৰ বাবে প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়ালৈ অসম সাহিত্য সভাই প্ৰদান কৰে সৰ্বোচ্চ সন্মান ।

সাহিত্যিকগৰাকীক শনিবাৰে আনুষ্ঠানিকভাৱে অসম সাহিত্য সভাই প্ৰদান কৰিলে 'সদসি ৱৰেণ্যঃ' সন্মান । অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিকৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত এই সন্মান প্ৰদান কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে । ইফালে সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান গ্ৰহণ কৰি আৱেগিক হৈ পৰিল মিতভাষৰ স্ৰষ্টা তথা প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়া ।

মিতভাষৰ স্ৰষ্টালৈ অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান (ETV Bharat)

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আঁতধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ নিৰোদ বৰুৱা, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ মহাদেৱ পাটগিৰি, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জি সিংঘাইয়াৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।‌

আজিৰ দিনটো অত্যন্ত দুখৰ আৰু সুখৰ দিন : ড৹ নগেন শইকীয়া

অসম সাহিত্য সভাই প্ৰদান কৰা এই 'সদসি ৱৰেণ্যঃ' বঁটা গ্ৰহণ কৰি সাহিত্যিক ড৹ নগেন শইকীয়াই কয়, "মোৰ ভাব হৈছে আজিৰ দিনটো অত্যন্ত দুখৰ আৰু সুখৰ দিন । মোৰ বাৰে বাৰে চকুপানী ওলাই আহিছে । যিখন অসম সাহিত্য সভাৰ মজিয়াত ওমলি জামলি ডাঙৰ দীঘল হ'লো, সেই সভাৰ অত্যন্ত গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত মই যিমান আনন্দেৰে যোগ দিব লাগিছিল মোৰ স্বাস্থ্যৰ বাবে যেন মই বঞ্চিত হৈছোঁ । কেনেকৈ শৈশৱতে এই অনুষ্ঠানটোৰ লগত সম্পৰ্ক হৈছিল, কেনেকৈ আহি আহি মই জীৱনৰ এই বিয়লি বেলাত আহি আপোনালোকৰ পৰা পোৱা অভূতপূৰ্ব স্নেহ, অভূতপূৰ্ব মৰম এই কথাবোৰ আজি মনত দোলা দিছেহি । এইবোৰেই মোৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ হৈ থাকিব ।"

অসম সাহিত্য সভাৰ প্ৰশংসা কৰি তেওঁ লগতে কয়, "সাহিত্য সভা আমাৰ জাতীয় জীৱনৰ সৰ্বোচ্চ সন্মানৰ অনুষ্ঠান । সাহিত্য সভা যি অৱস্থাতেই নাথাকক অসমৰ মানুহে, অসমত বসবাস কৰা সকলো মানুহে এই অনুষ্ঠানটো নিজৰ অনুষ্ঠান বুলি ভাৱে । সেইটোৱেই এই অনুষ্ঠানটোৰ এটা গুৰুত্বপূৰ্ণ দিশ । এই অনুষ্ঠানটোৱে ধৰি ৰাখিছে সমগ্ৰ অসমৰ জনসাধাৰণক, জাতি, ধৰ্ম, বৰ্ণ, ভাষা, সম্প্ৰদায় নিৰ্বিশেষে । যেতিয়া আমি সাহিত্য সভাৰ কথা ভাবো তেতিয়া সমগ্ৰ অসমখন আমাৰ বুকুৰ মাজেৰে আহি সোমাইহি । সেইবাবেই যেন অসম অবিহনে সাহিত্য সভা, সাহিত্য সভা অবিহনে অসম এই দুয়োটাৰ অৱস্থিতি ইটো সিটোৰ এক অভিন্ন ৰূপ । ডিব্ৰুগড় সাহিত্য সভা আৰু ইয়াৰ স্থানীয় সাহিত্য সভা তথা অন্যান্য অনুষ্ঠান সকলোকে সমবেত হোৱা দেখিলো এই ছবিখন মোৰ মনৰ মাজত সদায় জিলিকি থাকিব । এইখন ছবি মই পাহৰিব নোৱাৰোঁ । এইখন ছবি মই বুকুৰ মাজৰ পৰা আঁতৰাই থব নোৱাৰোঁ ।"

সাহিত্য সভাক আধুনিকতাৰ ফালে লৈ অহা মানুহজনেই হ'ল ড৹ নগেন শইকীয়া :

প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়াক অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰি সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে কয়, "আজি অসম সাহিত্য সভাৰ বাবে এটা ঐতিহাসিক দিন । ড৹ নগেন শইকীয়াই জীৱন গঢ় দিবলৈ মূৰৰ ঘাম মাটিত পেলাব লগা হৈছিল । কষ্ট নকৰিলে প্ৰাপ্তি কেতিয়াও সহজ নহয় । অসম সাহিত্য সভাৰ নাড়ী নক্ষত্ৰৰ কথা যদি কোনোৱে জানে সেই জনে হ'ল ড৹ নগেন শইকীয়া । সাহিত্য সভাক আধুনিকতাৰ ফালে লৈ অহা মানুহজনেই হ'ল নগেন শইকীয়া । সাহিত্য সভাত এটা টোপ নপৰাকৈ তেওঁ ৰাখিবলৈ সক্ষম হৈছিল । তেওঁৰ প্ৰতি সাহিত্য সভাই সৰ্বোচ্চ সন্মান প্ৰদান কৰি সাহিত্য সভা আজি নিজেই সাৰ্থক হৈছে ।"

লগতে পঢ়ক :কাজিৰঙাত ভৰি থৈ অভিভূত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত: হাতীক খুৱালে কল-কুঁহিয়াৰ