ETV Bharat / state

বছৰৰ প্ৰথম দিনটোত গ্ৰন্থৰ সুবাস ল'বলৈ গ্ৰন্থমেলাত ভিৰ

নৱবৰ্ষৰ পহিলা দিনটোত লোকাৰণ্য হৈ পৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ বাকৰি ।

Assam book fair Guwahati
বছৰৰ প্ৰথম দিনটোত গ্ৰন্থৰ সুবাস ল'বলৈ গ্ৰন্থমেলাত ভিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 1, 2026 at 7:56 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থপ্ৰেমীৰ ভিৰ । নৱবৰ্ষৰ পহিলা দিনটোত গ্ৰন্থৰ সুবাস ল'বলৈ লোকাৰণ্য হৈ পৰে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বাকৰি ।

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই যৌভভাৱে খানাপাৰা পশু চিকিৎসা মহবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত ভিৰ কৰে হাজাৰ হাজাৰ পাঠত তথা গ্ৰন্থপ্ৰেমীয়ে ৷ ১ জানুৱাৰী পুৱাৰ ভাগত যদিও মানুহে নৱবৰ্ষৰ উপলক্ষে বিভিন্ন মঠ-মন্দিৰ ভ্ৰমণ কৰা দেখা গৈছিল, বিয়লি ভাগত জনস্ৰোতে কেইবা হাজাৰৰ সীমা অতিক্ৰম কৰে ৷

বছৰৰ প্ৰথম দিনটোত গ্ৰন্থৰ সুবাস ল'বলৈ গ্ৰন্থমেলাত ভিৰ (ETV Bharat Assam)

বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যত উদযাপন কৰিবলৈ গ্ৰন্থপ্ৰেমী তথা লেখক-সাহিত্যিকৰ এনে বিশাল সমাৱেশে খানাপাৰাৰ বাকৰিত এক উৎসৱৰ লহৰ সৃষ্টি কৰে ৷ গ্ৰন্থ বিপণিত হেঁপাহৰ গ্ৰন্থখন ক্ৰয় কৰি ২০২৬ নৱবৰ্ষক স্বাগত জনাই এক বিশেষ আনন্দ উপভোগ কৰে হেজাৰ হেজাৰ পঢ়ুৱৈয়ে ।

আনহাতে, বছৰৰ প্ৰথম দিনটোত কিতাপ বিক্ৰীও আন দিনৰ তুলনাত যথেষ্ট ভাল বুলি সদৰী কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই । লগতে যোৱা ২৪ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰ পৰ্যন্ত ৩ কোটি ৮০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলিও জনায় প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷

Assam book fair Guwahati
বছৰৰ প্ৰথম দিনটোত গ্ৰন্থৰ সুবাস ল'বলৈ গ্ৰন্থমেলাত ভিৰ (ETV Bharat Assam)

প্ৰমোদ কলিতাই কয়, "শিশু বিষয়ক গ্ৰন্থ বেছিকৈ বিক্ৰী হৈছে । আজি আমাৰ আছিল গল্প বিষয়ক আলোচনা । ডঃ ধ্ৰুৱজ্যোতি বৰাই উদ্বোধন কৰা এই আলোচনা সত্ৰ সঞ্চালনা কৰে অতনু ভট্টাচাৰ্যই । আয়াৰ বাহিৰেও অসমৰ বহুকেইগৰাকী গল্পকাৰে ইয়াত অংশগ্ৰহণ কৰিছে । এটা ফলপ্ৰসূ আলোচনা সত্ৰ অনুষ্ঠিত হৈ গ'ল ।"

আনহাতে, আজিৰ দিনটোত ৰাইজৰ উপস্থিতি অনুসৰি ৪ কোটি ৫০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হ'ব পাৰে বুলি অনুমান কৰা হৈছে । বৃহস্পতিবাৰে গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হয় গল্পগাথা নামৰ এক অনুষ্ঠান ।

Assam book fair Guwahati
বছৰৰ প্ৰথম দিনটোত গ্ৰন্থৰ সুবাস ল'বলৈ গ্ৰন্থমেলাত ভিৰ (ETV Bharat Assam)

কবি, গল্পকাৰ অতনু ভট্টাচার্যই পৰিচালনা কৰা অনুষ্ঠানটো উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই । সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ।

উল্লেখ্য যে, ৬ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগা গ্ৰন্থমেলাত এইবাৰ বিশেষকৈ প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগত জড়িত বিভিন্ন গ্ৰন্থসমূহে গ্ৰন্থপ্ৰেমীৰ মাজত বিশেষ আকৰ্ষণ সৃষ্টি কৰিছে । ইয়াৰ ভিতৰত কবি কপিল বৰঠাকুৰৰ 'পিতৃৰ দৃষ্টিত জুবিন গাৰ্গ' পুথিখনে বিশেষ সমাদৰ লাভ কৰিছে ।

লগতে পঢ়ক :কলাগুৰু ফাউণ্ডেশ্যনলৈ জি এছ টিৰ ২.৯০ কোটি টকা : নৱবৰ্ষৰ পহিলা দিনটোত জুবিন গাৰ্গক স্মৰণ মুখ্যমন্ত্রীৰ
লগতে পঢ়ক : মেঘালয়ৰ চিত্ৰ শিল্পী ৰাফেল ৱাৰ্জৰিলৈ প্ৰণৱ বৰুৱা শিল্পী বঁটা