জুবিনৰ গীতক বিকৃত কৰাৰ মৰসাহ নকৰিবলৈ মৰ্মিতা মিত্রক আছুৰ সকীয়নি
মৰ্মিতা মিত্রৰ কণ্ঠত জুবিন গাৰ্গৰ গীত বিতৰ্ক সন্দৰ্ভত আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া ।

Published : April 17, 2026 at 8:06 PM IST
গুৱাহাটী : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত বিহুৰ মঞ্চত উপস্থাপন কৰাক লৈ বংগৰ কন্যা, কণ্ঠশিল্পী মৰ্মিতা মিত্রৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন সংগঠনৰ লগতে ব্যক্তিবিশেষ । আনহাতে, জুবিন গাৰ্গৰ পৰিয়ালৰ লোকেও এইক্ষেত্রত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
বিহুৰ বতৰত মঞ্চই মঞ্চই জুবিন গাৰ্গৰ গীত পৰিবেশন কৰিছে কণ্ঠশিল্পী মৰ্মিতা মিত্রই । কিন্তু মৰ্মিতা মিত্রই মঞ্চত জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধ ৰূপত উপস্থাপন নকৰাক লৈ ৰাজ্যজুৰি ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ সভাপতি উৎপল শৰ্মাই ।
তেওঁ কয়, "মৰ্মিতা মিত্রৰ শেহতীয়া বিতৰ্কটো হোৱাৰ পাছতহে তেওঁৰ গীতটো ফেচবুকত শুনিলোঁ । খুব বেয়া গাইছে । জুবিন গাৰ্গৰ গীত নিজৰ শৈলীৰে গাবলৈ গৈ এইধৰণে বিকৃত কৰা কথাটো অসমৰ লাখ লাখ জুবিন অনুৰাগীয়ে কোনো কাৰণতে মানি ল'ব পৰা নাই । এটা কথা মৰ্মিতা মিত্ৰই উপলব্ধি কৰা উচিত যে এইবাৰ ব'হাগত অসমৰ মানুহে বিহুৰ মঞ্চই মঞ্চই জুবিন গাৰ্গক বিচাৰি কান্দিছে ।"
জুবিন গাৰ্গৰ অভাৱ এইবাৰ ব'হাগত অনুভৱ হোৱা বুলি উল্লেখ কৰি আছুৰ সভাপতিগৰাকীয়ে কয়, "এইবাৰ অসমত আগৰ দৰে উছাহ থকা ব'হাগ নহয়, এইবাৰ উছাহহীন ব'হাগ । যিখিনি সময়ত জুবিন গাৰ্গক বিচাৰি মানুহে হাবাথুৰি খাইছে, সেইখিনি সময়ত জুবিন গাৰ্গৰ গীত নিজৰ সুৰেৰে গাবলৈ গৈ বিকৃত কৰাটো শিল্পীগৰাকীৰ প্ৰতি অপমান হোৱাৰ উপৰি নিজেও এইটো এটা মৰসাহ কৰিছে । এনেকুৱা মৰসাহ নকৰাৰ বাবে মৰ্মিতা মিত্রক সকীয়াই দিছোঁ।"
তেওঁ লগতে কয়, "এটা কথা স্পষ্ট, জুবিন গাৰ্গ অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী আৰু সেই শিল্পীগৰাকীয়ে নিজৰ গীতসমূহ নিজৰ শৈলীৰে গাই জাতিটোৰ বৰঘৰ ইতিমধ্যে চহকী কৰি থৈ গৈছে । কেৱল জুবিন গাৰ্গ বুলিয়েই নহয়, ভূপেন হাজৰিকা হওক, জ্যোতিপ্ৰসাদ আগৰৱালা হওক, বিষ্ণুপ্ৰসাদ ৰাভা হওক, তেওঁলোকৰ গীত কোনোৱাই বিকৃত কৰি অসমত গোৱাৰ কথাটো চিন্তা কৰিবই নাপায় । গতিকে আজি জুবিন গাৰ্গৰ গীত বিকৃত কৰিছে, কাইলৈ তেওঁলোকৰ কৰিব আৰু পৰহিলৈ গৈ কোনোবাই গুৰুদুজনাৰ গীত নিজৰ শৈলীৰে গাবলৈ চেষ্টা কৰিব । এইধৰণৰ খেয়াল-খুচী মতে অসমৰ সংস্কৃতি বিজতৰীয়া কৰিবলৈ চেষ্টা কৰিলে অসমৰ মানুহে সহ্য নকৰে ।"
মৰ্মিতালৈ উৎপল শৰ্মাৰ স্পষ্ট আহ্বান, "মৰ্মিতা মিত্রলৈ আমাৰ স্পষ্ট আহ্বান যে অসমৰ মানুহে সদ্যহতে খুব ভদ্ৰতাৰে সৈতে তেওঁৰ পৰা জুবিন গাৰ্গৰ গীত এইধৰণে গোৱাৰ বাবে ক্ষমা খোজাটো বিচাৰিছে আৰু তেওঁ ক্ষমা খোজা উচিত । দ্বিতীয়বাৰ জুবিন গাৰ্গৰ গীত গাবলৈ বিচাৰিলে ভালদৰে শিকি-বুজি মানুহে অন্তৰত আঘাত নোপোৱাকৈ নিখুঁতভাৱে গীত পৰিবেশন কৰাৰ বাবে আহ্বান জনাইছোঁ । অসমৰ মানুহক দুখ দিয়াৰ বাবে মৰ্মিতা মিত্রই ক্ষমা খোজা উচিত আৰু ইয়াত কোনো কিন্তু নাই ।"

