ETV Bharat / state

প্ৰকৃতিৰ বিৰল অভিযন্ত্ৰিক চৰাইবিধক দেখিনে ? হ্ৰাস পাইছে ইয়াৰ সংখ্যা

নতুন ঘৰটো আটোমটোকাৰীকৈ সজাৰ বাবে চলিছে অঘোষিত প্ৰতিযোগিতা ৷ ব্যস্ততা বাঢ়িছে অভিযন্ত্ৰিক চৰাইৰ ৷

RARE SPECIES OF WEAVER BIRD
দুষ্প্ৰাপ্য টোকোৰা চৰাইৰ বাহ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 3:51 PM IST

4 Min Read
Choose ETV Bharat

মোহন হাজৰিকা

মৰিগাঁও: এটি কণমাণি পক্ষী ৷ দেখাত তেনেই সৰু যদিও কৰ্মৰ ফালৰ পৰা যথেষ্ট পাকৈত এই চৰাইবিধ, নাম টোকোৰা ৷ ওখ ওখ তামোল বা নাৰিকলৰ গছত এই চৰাইবিধে আটোমটোকাৰিকৈ বাহ সাজে ৷

এই টোকোৰা চৰাইৰ বাহবোৰৰ নিৰ্মাণ শৈলীয়ে আধুনিক নিৰ্মাণ প্ৰযুক্তিকো কোনেও চেৰ পেলাব নোৱাৰে । যাৰ বাবে পক্ষীকুলৰ অভিযন্তাৰূপে জনা যায় এই টোকোৰা চৰাইবিধত । আজিৰ পৰা কিছু বছৰ পূৰ্বলৈকে অসমৰ গ্ৰামাঞ্চলসমূহত সততে দেখিবলৈ পোৱা গৈছিল এই চৰাইবিধক বা চৰাইৰ বাহক ৷

ব্যস্ততা বাঢ়িছে অভিযন্ত্ৰিক চৰাইৰ (ETV Bharat Assam)

এসময়ত অসমৰ পথাৰৰ কাষৰ ওখ তামোল, নাৰিকল বা তাল গছত থোপাকৈ ওলমি থকা টোকোৰা চৰাইৰ বাহবোৰ আছিল গ্ৰাম্য শোভাৰ এক অবিচ্ছেদ্য অংশ । কিন্তু আধুনিকতাৰ ধামখুমীয়া আৰু পৰিৱেশৰ দ্ৰুত পৰিৱৰ্তনৰ ফলত এই ‘তাঁতী চৰাই’বিধৰ কলৰৱ এতিয়া বহুখিনি ম্লান পৰিছে । অসমৰ গ্ৰাম্য সমাজৰ অতি চিনাকী আৰু প্ৰকৃতিৰ এক বিস্ময়কৰ সৃষ্টি ‘টোকোৰা চৰাই’ যাক ইংৰাজীত Weaver Bird বুলি জ্ঞাত বৰ্তমান সময়ত বিলুপ্তিৰ দিশে আগবাঢ়িছে ।

প্ৰকৃতিৰ এক নিপুণ অভিযন্তা হিচাবে পৰিচিত

টোকোৰা চৰাইক কেৱল এটা সাধাৰণ চৰাই বুলি ক’লে ভুল হ’ব, ইয়াক ‘পক্ষীকুলৰ অভিযন্তা’ বুলিও অভিহিত কৰা হয় । ইয়াৰ কাৰণ হ’ল ইহঁতৰ আচৰিত ধৰণৰ বাহ নিৰ্মাণ শৈলী । সাধাৰণ ঘাঁহ-বন আৰু সৰু সৰু ডাল-পাত ব্যৱহাৰ কৰি ইহঁতে যি জটিল আৰু মজবুত বাহ নিৰ্মাণ কৰে ৷ সেয়া আধুনিক স্থাপত্যকো হাৰ মানিব পৰা, বিশেষকৈ ওখ গছৰ ডালত সুৰক্ষিতভাৱে ওলমি থকা এই বাহবোৰে বৰষুণ বা তীব্ৰ বতাহকো নেওচি নিজৰ পোৱালিক সুৰক্ষা প্ৰদান কৰে ।

Rare species of Weaver Bird
নতুন ঘৰটো আটোমটোকাৰীকৈ সজাৰ বাবে চলিছে অঘোষিত প্ৰতিযোগিতা (ETV Bharat Assam)

প্ৰায় ৬ ইঞ্চি দৈৰ্ঘৰ এই চৰাইবিধ মুখ্যতঃ বীজভোজী । ইয়াৰ ঠোঁটটো গুৰিত শকত আৰু আগফালে জোঙা, যাৰ সহায়ত ইহঁতে শস্যৰ দানা আৰু কঠিন বীজ সহজে খুটি খাব পাৰে । টোকোৰা চৰাইৰ মাজত লিংগভেদে বৰণৰ পাৰ্থক্য দেখা যায় । মতা চৰাইবোৰ মাইকী চৰাইতকৈ অধিক উজ্জ্বল আৰু বৰ্ণিল হয়, যিটো ইহঁতৰ প্ৰজননৰ সময়ত মাইকী চৰাইক আকৰ্ষণ কৰাৰ এক আহিলা হিচাপে ব্যৱহাৰ হয় ।

কণী কেতিয়া পাৰে ?

টোকোৰা চৰায়ে মানুহৰ পৰা আঁতৰি বাহ নাসাজে, সিহঁতে সকলোৱে দেখাকৈ বাহ সাজি জীৱন নিৰ্বাহ কৰে । জানিব পৰা মতে, এপ্ৰিল মাহৰ পৰা নৱেম্বৰ পৰ্যন্ত টোকোৰা চৰায়ে কণী পাৰে । অৱশ্যে বাৰিষাৰ সময়ছোৱাতে সিহঁতে বেছিকৈ কণী পাৰিবলৈ আৰম্ভ কৰে আৰু কণীৰ সংখ্যা দুটাৰ পৰা চাৰিটাৰ ভিতৰত থাকে ।

Rare species of Weaver Bird
ব্যস্ততা বাঢ়িছে অভিযন্তা চৰাই টোকোৰাৰ (ETV Bharat Assam)

কিয় হ্ৰাস পাইছে ইয়াৰ সংখ্যা ?

শেহতীয়াকৈ বিশেষজ্ঞসকলে টোকোৰা চৰাইৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাৰ কেইবাটাও কাৰণ চিহ্নিত কৰিছে । বাসস্থানৰ নাটনি, নগৰীকৰণৰ বাবে গছ-গছনি কটা আৰু পুৰণি পৰম্পৰাগত তামোল-নাৰিকলৰ বাগানসমূহ হ্ৰাস পোৱাৰ ফলত ইহঁতে বাহ সাজিবলৈ উপযুক্ত ঠাই নোপোৱা হৈছে ।

  • খাদ্যৰ নাটনি : কৃষিভূমিত অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰাৰ ফলত চৰাইবোৰৰ প্ৰাকৃতিক খাদ্যৰ উৎস প্ৰদূষিত হৈছে ।
  • পৰিৱেশ প্ৰদূষণ : জলবায়ুৰ পৰিৱৰ্তন আৰু বৰ্ধিত প্ৰদূষণে এই সংবেদনশীল চৰাইবিধৰ বংশবৃদ্ধিৰ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছে ।
  • চিকাৰীৰ ত্ৰাস : বিভিন্ন মাংসভোজী ডাঙৰ চৰাইৰ উপদ্ৰৱে ইহঁতৰ পোৱালি আৰু কণীৰ নিৰাপত্তা ব্যাহত কৰিছে ।

সংৰক্ষণৰ আহ্বান -

মৰিগাঁৱৰ এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে কয়, ‘‘টোকোৰা চৰাই এতিয়া দুষ্প্ৰাপ্য হৈ পৰিছে ৷ বৰ্তমান গ্ৰামাঞ্চলৰ পৰাও নাইকীয়া হৈ পৰিছে এই চৰাইবিধ ৷ আমি মৰিগাঁও জিলাৰ পূব জালুগুটিত এই টোকোৰা চৰাইবিধক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছো ৷ আমি অসমৰ ভিন্ন প্ৰান্তৰ প্ৰকৃতিপ্ৰেমীসকলো আহ্বান জনাম যে এই চিনাকী চৰাইবিধক সংৰক্ষণৰ ব্যৱস্থা কৰক ৷’’

Rare species of Weaver Bird
পক্ষীকুলৰ অভিযন্তা-টোকোৰা চৰাই (ETV Bharat Assam)

তেওঁ আৰু কয়, ‘‘আজিকালিৰ ল’ৰা-ছোৱালীয়ে অভিযন্ত্ৰিক চৰাই বুলি ক’লে চিনিয়েই নাপায় ৷ সেয়ে আজিৰ ল’ৰা-ছোৱালীক যাতে আমি এই চৰাইবিধ চিনাকী কৰি দিব পাৰো, তাৰ বাবে আমি টোকোৰা চৰাইক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে ৷’’

উল্লেখ্য যে, অসমৰ কোনো কোনো অঞ্চলত সচেতন প্ৰকৃতিপ্ৰেমী লোকে নিজাকৈ এই চৰাইবিধৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিছে । চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ লগতে স্থানীয় ৰাইজ একত্ৰিত নহ’লে ভৱিষ্যত প্ৰজন্মৰ বাবে টোকোৰা চৰাই কেৱল কিতাপৰ পাততহে আবদ্ধ হৈ ৰৈ যাব । প্ৰকৃতিৰ এই সুনিপুণ শিল্পী হিচাবে ক্ষাত চৰাইবিধক ৰক্ষা কৰাটো আজিৰ সময়ত আমাৰ এক নৈতিক দায়িত্ব হৈ পৰিছে ।

লগতে পঢ়ক : কৰ্ণাটকত এইচ৫এন১ ভাইৰাছৰ সংক্ৰমণত ৪৪টা ময়ুৰ চৰাইৰ মৃত্যু

লগতে পঢ়ক : নোহোৱ‍া হ'ব দীপৰ বিলৰ নান্দনিক সৌন্দৰ্য : এলিভেটেড ক'ৰিডৰ বাবে কটা হৈছে গছ, উদ্ধিগ্ন প্ৰকৃতিপ্ৰেমী