সত্ৰত যদি বেদখল থাকে তেন্তে নিশ্চিতভাৱে উচ্ছেদ চলিব: ৰণজিৎ কুমাৰ দাস
শংকৰদেৱ চাৰ্কিটৰ আৰ্হিত মাধৱদেৱ চাৰ্কিট আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনালে বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে ।

Published : June 12, 2026 at 6:14 PM IST
বৰপেটা: বটদ্ৰৱা, বৰপেটা, মধুপুৰ সত্ৰকে ধৰি গুৰুজনাৰ স্থাপিত সত্ৰসমূহৰ সংবৰ্ধন আৰু সংৰক্ষণৰ বাবে চৰকাৰে গ্ৰহণ কৰা শংকৰদেৱ চাৰ্কিটৰ আৰ্হিত মাধৱদেৱ চাৰ্কিট আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে ।
শুকুৰবাৰে মহাপুৰুষ মাধৱদেৱ স্থাপিত সুন্দৰীদিয়া সত্ৰত অনুস্থিত পালনাম উপলক্ষে সত্ৰখনত উপস্থিত হৈ ৰণজিৎ কুমাৰ দাসে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ সত্ৰসমূহৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি মাধৱদেৱ চাৰ্কিট গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায় ।
অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে সুন্দৰীদিয়া সত্ৰত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা পালনামত অংশ লৈ গুৰু দুজনাৰ ওচৰত সেৱা জনায় । উল্লেখ্য মাধৱদেৱ গুৰুজনাই সুন্দৰীদিয়াত সত্ৰ স্থাপন কৰি আৰম্ভ কৰিছিল তিনিদিনজোৰা পালনাম । গুৰুজনাই সত্ৰখনত আৰম্ভ কৰি যোৱা পৰম্পৰা ৰক্ষা কৰি প্ৰতিবছৰে পূৰ্বাপৰ ৰীতিৰে 'পালনাম' অনুস্থিত কৰি আহিছে ।
সত্ৰপীঠ মাজুলীৰ দৰেই সুন্দৰীদিয়া সত্ৰৰ পালনামৰ মিল থকাৰ কথা উল্লেখ কৰি পালনামত অংশ ল'বলৈ পাই অতিকে আনন্দ অনুভৱ কৰা বুলি ৰণজিৎ কুমাৰ দাসে প্ৰকাশ কৰে ৷ বিধানসভাৰ অধ্যক্ষগৰাকীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰখনে সত্ৰসমূহৰ উন্নয়ন আৰু সংৰক্ষণৰ বাবে নিৰন্তৰ কাম কৰি যোৱাৰ কথা প্ৰকাশ কৰে ।
সত্ৰসমূহৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা তৎপৰতাৰ অংশ হিচাপেই বৰপেটাত গুৰুজনাই বৈ উলিওৱা বৃন্দাৱনী বস্ত্ৰভাগ লণ্ডনৰ ২০২৭ চনত অসমলৈ আনিব পৰা যাব বুলি উল্লেখ কৰে । আনহাতে সত্ৰসমূহৰ ভূমি বেদখলমুক্ত কৰাৰ প্ৰসংগতো মন্তব্য কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে । যিসময়ত বনাঞ্চলসমূহ বেদখলমুক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে তেনেক্ষেত্ৰত সত্ৰৰ ভূমিত বেদখল হৈ থাকিব দিয়াটো অসম্ভৱ বুলি তেওঁ উল্লেখ কৰে ।

অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে কয়, "সেই সময়তে মহাপুৰুষজনাই ইয়াত পালনাম আৰম্ভ কৰিছিল । সেই পালনামভাগি আমাৰ সুন্দৰীদিয়াৰ ৰাইজে, সত্ৰৰ সমূহ বাপ-ভকতসকলে পৰম্পৰাগতভাৱে তিনিদিনীয়াকৈ এই পালনাম পালন কৰি আহিছে । ইয়াৰ পালনাম সুকীয়া আৰু ইয়াৰ পালনাম মাজুলীৰ লগত মিলে ।"
বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি ৰণজিৎ কুমাৰ দাসে কয়,"মাটি বেদখলমুক্ত কৰাৰ বাবে যিখিনি পদক্ষেপ চৰকাৰে লৈছে ইতিমধ্যে তাত সফল হৈছে । বনাঞ্চলত যিহেতু উচ্ছেদ কাৰ্য চলি আহিছে, সত্ৰত যদি বেদখল থাকে তেন্তে নিশ্চিতভাৱে উচ্ছেদ চলিব ।"

