ETV Bharat / state

ন-ৰূপত সজোৱা গান্ধী ভৱন উদ্বোধনৰ পূৰ্বেই 'ৰৈ ৰৈ বিনালে'ৰ চাৰিদিনৰ টিকট বিক্ৰী

প্ৰাণ পাই উঠিল ১৯৪৪ চনতে স্থাপিত টিহুৰ গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহই ।

Gandhi Bhawan Auditorium and Cinema Hall in Tihu
টিহুৰ গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহ উদ্বোধন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 9:23 PM IST

3 Min Read
Choose ETV Bharat

নলবাৰী : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবি 'ৰৈ ৰৈ বিনালে'ৰ মুক্তিৰ পূৰ্বেই নলবাৰীৰ টিহুত ন-ৰূপত প্ৰাণ পাই উঠিল টিহুৰ গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহ । টিহুবাসীৰ দীৰ্ঘদিনীয়া এক অভাৱ দূৰ কৰি টিহুত ১৯৪৪ চনতে স্থাপিত গান্ধী ভৱনটো ন-ৰূপত সাজু কৰি আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।

এই গান্ধী ভৱনটো উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । উদ্বোধনৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয় । উল্লেখ্য যে ৩১ অক্টোবৰত ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ সপোনৰ ছবি তথা অসমৰ প্ৰথমখন মিউজিকেল ড্ৰামা ‘ৰৈ ৰৈ বিনালে’ । ৰাজ্যবাসী অধিক আগ্ৰহেৰে ৰৈ আছে ৩১ অক্টোবৰলৈ । তেনে সময়তে প্ৰায় ডেৰ কোটি টকা ব্যয় সাপেক্ষে ন-ৰূপ দিয়া হয় গান্ধী ভৱনক ।

টিহুৰ গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহ উদ্বোধন (ETV Bharat Assam)

ৰাইজে পূৰ্বে ছবিগৃহৰ অভাৱত বহু দূৰলৈ যাব লগা হৈছিল । গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহই এই অভাৱ দূৰ কৰিব বুলি আশা কৰিছে টিহুবাসীয়ে । অত্যাধুনিক সা-সুবিধাযুক্ত এই প্ৰেক্ষাগৃহটোত ৰাইজে এতিয়াৰে পৰা ছবিসমূহ উপভোগ কৰিব পাৰিব । ইতিমধ্যে বহু চৰ্চিত জুবিন গাৰ্গৰ ছবিৰ চাৰিদিনৰ বুকিং অনলাইনযোগে দৰ্শকে ক্ৰয় কৰিছে ।

ৰণজিৎ কুমাৰ দাসে কয়, "বৃহত্তৰ টিহুবাসীৰ এক দীৰ্ঘদিনীয়া সপোন আৰু অভাৱ আছিল । জৰাজীৰ্ণ গান্ধী ভৱনিটোক ন-ৰূপ দিবলৈ চেষ্টা কৰিছিলো মই বিধায়ক হোৱা কালত । ইয়াৰ বাবে মুখ্যমন্ত্ৰীৰ পৰা এক কোটি অনুদান লাভ কৰি পৰৱৰ্তী সময়ত বিধায়ক পুঁজিৰ পৰা বাকীখিনি ধন যোগাৰ কৰি আজি ন-ৰূপ দিবলৈ সক্ষম হলো । পূৰ্বতে জৰাজীৰ্ণ হৈ আছিল । মাটিৰ অভাৱত প্ৰস্থান কৰিবলৈ সুবিধাও নাছিল । ইয়াৰ পিছতে টিহু ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে আৰু অলপ মাটি ক্ৰয় কৰি সকলো দিশে সম্পূৰ্ণ ৰূপ দিবলৈ সক্ষম হলো যিয়ে আমাৰ টিহু বাসীৰ অভাৱ পূৰণ কৰিলে । টিহুত অসমীয়া ছবিপ্ৰেমী লোক আছে । জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে চাবলৈ ইতিমধ্যে উক্ত প্ৰেক্ষাগৃহ আৰু ছবিগৃহটোত চাৰিদিনৰ টিকট বিক্ৰী হৈ গৈছে । যদিও মই ৩১ অক্টোবৰ তাৰিখে টিহুত উপস্থিত থাকিব নোৱাৰিম, ময়ো অগ্ৰীম টিকট ক্ৰয় কৰিছো ।

Gandhi Bhawan Auditorium and Cinema Hall in Tihu
টিহুৰ গান্ধী ভৱন ছবি আৰু প্ৰেক্ষাগৃহ উদ্বোধন (ETV Bharat Assam)

এই অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকা, টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰ, নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, ৰাজহ চক্ৰ বিষয়া বিভাষ পাঠকৰ লগতে টিহু অঞ্চলৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:নলবাৰীতো এটা মাত্ৰ চিনেমা হল, পাঁচটাকৈ দৰ্শনী

ৰৈ ৰৈ বিনালেলৈ অভূতপূৰ্ব সঁহাৰি, টিকট নাপাই ধৈৰ্য নেহেৰুৱাব