বিধায়ক হৈ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণলৈ যোৱা ৰামেশ্বৰ তেলী মন্ত্ৰী হৈ ঘূৰিল সমষ্টিলৈ
মন্ত্ৰিত্ব লাভৰ পিছতে প্ৰথমবাৰলৈ গৃহ সমষ্টিত মন্ত্ৰী ৰামেশ্বৰ তেলী । মন্ত্ৰীগৰাকীক উষ্ম আদৰণি দলীয় কৰ্মী আৰু ৰাইজৰ । প্ৰতিশ্ৰুতি পূৰণ কৰাৰ আশ্বাস ৰামেশ্বৰ তেলীৰ ।

Published : May 17, 2026 at 3:18 PM IST
ডিব্ৰুগড় : কংগ্ৰেছ চৰকাৰ চলি থকা সময়তে ২০০১ চনত উজনি অসমৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ পৰা জয়লাভ কৰা একমাত্ৰ বিধায়ক হৈছে ৰামেশ্বৰ তেলী । অসম বিধানসভা নিৰ্বাচনত দুলীয়াজান সমষ্টিৰ পৰা জয় লাভ কৰা ৰামেশ্বৰ তেলীয়ে পৰৱৰ্তী সময়ত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল । কিন্তু পুনৰ অসমৰ ৰাজনীতিলৈ ঘূৰি অহা ৰামেশ্বৰ তেলীয়ে হৈ যোৱা বিধানসভা নিৰ্বাচনত ১০,৪৫৯ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে ।
দুলীয়াজান সমষ্টিত এইবাৰ বিজেপিৰ বাবে জয়লাভ সম্ভৱ নহ'ব বুলি ব্যাপক চৰ্চা চলিছিল । কাৰণ পূৰ্বৰ বিধায়ক তেৰছ গোৱলাৰ বিৰুদ্ধে আৰম্ভ হৈছিল প্ৰতিষ্ঠান বিৰোধী ঢৌ । সেই বাবে তেৰছ গোৱলাক ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰি ৰামেশ্বৰ তেলীক বিজেপি নেতৃত্বই দুলীয়াজান সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল । কিন্তু জয়লাভৰ পাছতে বিধায়ক হৈ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণলৈ যোৱা ৰামেশ্বৰ তেলী মন্ত্ৰী হৈ ঘূৰিল সমষ্টিলৈ ।

শনিবাৰে বিয়লি ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱা ৰামেশ্বৰ তেলীক দলীয় কৰ্মীয়ে আদৰণি জনাই দুলীয়াজানৰ ক্লাৱত নিশালৈকে অনুষ্ঠিত কৰে সম্বৰ্ধনা অনুষ্ঠান । দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ দুলীয়াজান, টেঙাখাট আৰু ভাদৈ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত বিজেপি কৰ্মীসকলৰ উপৰিও দুলীয়াজানৰ বিভিন্ন প্ৰান্তৰ ৰাইজে সম্বৰ্ধনা জনায় ।
অসম চৰকাৰৰ শ্ৰমিক কল্যাণ, ৰূপান্তৰ আৰু উন্নয়ন, চাহ আৰু জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰিত্ব লাভ কৰা মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি কয়, "নিৰ্বাচনৰ সময়ত প্ৰকাশ কৰা ইস্তাহাৰৰ মতে সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰিম । দুলীয়াজানৰ ৰাইজক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাৰ বাবে চেষ্টা কৰা হ'ব । লগতে দুলীয়াজানৰ সম্পূৰ্ণ হোৱা উৰণীয়া সেঁতু উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী নিজেই আহিব ।"

