ETV Bharat / state

তীব্ৰ বেগত আহি আছিল ৰাজধানী এক্সপ্ৰেছ, সমুখত এজাক হাতী...তাৰ পাছত ঘটিল এই কাণ্ড

হোজাই জিলাত ৰে’লপথেৰে ৰাজধানী এক্সপ্ৰেছ ৰে’লগাড়ীখন পাৰ হৈ যোৱাৰ সময়তেই বনকৰ্মীয়ে হাতীৰ জাক এটা দেখি ৰাজধানী এক্সপ্ৰেছক সতৰ্ক কৰি দিয়ে ৷

Rajdhani Express stopped in Assam to help avert elephant-train collision
ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ৰাজধানী এক্সপ্ৰেছ (Snap hsot from video X @himantabiswa)
author img

By PTI

Published : August 19, 2026 at 10:28 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ৰাজধানী এক্সপ্ৰেছ ৷ বুধবাৰে হোজাই জিলাত ৰে’লপথেৰে ৰাজধানী এক্সপ্ৰেছ ৰে’লগাড়ীখন পাৰ হৈ যোৱাৰ সময়তেই বনকৰ্মীয়ে হাতীৰ জাক এটা দেখি ৰাজধানী এক্সপ্ৰেছক সতৰ্ক কৰি দিয়ে ৷ ফলত ৰে’লখন কিছুসময়ৰ বাবে ৰখাই দিয়া হয় ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেলযোগে এই কথা প্ৰকাশ কৰে ।

সামাজিক মাধ্যমত এটা পোষ্টত শৰ্মাই কয়, ‘‘পুৱাতেই এই বিশেষ ভিডিঅ’টিয়ে মনটো ভাল লগাই তুলিলে । আমাৰ বন বিভাগৰ কৰ্মীসকলৰ আন্তৰিকতা আৰু উৎসৰ্গিত প্ৰয়াসৰ বলত আজি বনৰীয়া হাতীৰ এটি দলে লাভ কৰা সুৰক্ষাৰ এই দৃশ্যৰাজিয়ে সমাজলৈ এক সুন্দৰ বাৰ্তা বহন কৰিছে । হোজাইৰ হাৱাইপুৰত এটা ৰে’ল লাইন পাৰ হোৱাৰ সময়ত বন বিভাগৰ তৎপৰতাত ৰে’ল বিভাগক আগতীয়াকৈ অৱগত কৰা হয় । ফলত আহি থকা ৰে’লখন ৰখাই হাতীৰ দলটোক নিৰাপদে ৰে’লপথ পাৰ হৈ যাবলৈ পদক্ষেপ গ্ৰহণ কৰা হয় । এনে সক্ৰিয়তা, আন্তৰিকতা আৰু মহানুভৱী পদক্ষেপৰ বাবে বন বিভাগৰ কৰ্মীসকলৰ লগতে ৰে’ল বিভাগৰ দায়িত্বৰত চালকসহ সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিৰ আন্তৰিকতাৰে শলাগ ল’লোঁ ।’’

নগাঁও দক্ষিণ সংমণ্ডলৰ হোজাইৰ লংকা ৰেঞ্জৰ অন্তৰ্গত হাৱাইপুৰত হাতীৰ জাক এটাই ৰেলপথ পাৰ হৈ যোৱাৰ সময়তে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছখন ৰখাই দিয়া হৈছিল বুলি জনায় পৰিৱেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

‘‘যান্ত্ৰিকতাৰ বিনম্ৰ স্তব্ধতা: গজৰাজৰ সুৰক্ষিত যাত্ৰাৰ বাবে ৰে’লপথত ক্ষন্তেকীয়া বিৰতি ! আজি পুৱা, হোজাইৰ নগাঁও দক্ষিণ সংমণ্ডলৰ লংকা ৰেঞ্জৰ অন্তৰ্গত হাৱাইপুৰত এটা হাতীৰ জাকে ৰে’লপথ পাৰ হোৱাৰ সময়তে ১৬৭/৮ কিলোমিটাৰ পইণ্টত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰখাই দিয়া হয় । বনকৰ্মীসকলৰ সতৰ্কতা, লোকো-পাইলট আৰু লামডিং ৰে’লৱে কণ্ট্ৰ’ল ৰূমৰ সমন্বিত তৎপৰতাত হাতীৰ জাকটোৱে নিৰাপদে পথ পাৰ হয় আৰু ৰে’লখনে পুনৰ যাত্ৰা আৰম্ভ কৰে ।’’ বৰুৱাই ফেচবুকত এটা পোষ্টত কয় ৷

তেওঁ লগতে কয়, ‘‘এনে প্ৰতিটো নিৰাপদ চলাচলৰ আঁৰত থাকে আমাৰ বনকৰ্মীসকলৰ সতৰ্কতা, দায়িত্ববোধ আৰু বন্যপ্ৰাণীৰ প্ৰতি এক গভীৰ সংবেদনশীলতা । এনে প্ৰতিটো সুৰক্ষিত যাত্ৰাৰ মুহূৰ্তই মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ এক আশাব্যঞ্জক ছবি আঁকে ।’’

উল্লেখ্য যে কোনো ৰাজ্য চৰকাৰে পৰম্পৰাগত হাতী কৰিড’ৰত বাধা স্থাপন কৰিব নোৱাৰে আৰু বন্যপ্ৰাণীৰ চলাচলত বাধাৰ কাৰণ হিচাপে শস্যৰ ক্ষতি বা সা-সম্পত্তিৰ সুৰক্ষাৰ কথা উল্লেখ কৰিব নোৱাৰি বুলি সোমবাৰে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিছিল ।

আদালতে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ক হাতী কৰিড’ৰত স্থাপন কৰা অৱৰোধৰ ওপৰত দেশজোৰা জৰীপ চলাবলৈ নিৰ্দেশ দিয়ে ৷ লগতে জুইৰ গোলা নিক্ষেপ আৰু জোঁৰ জ্বলোৱা আদি প্ৰতিৰোধক সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ কৰে ।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই (এন এফ আৰ) এক বিবৃতিত কয় যে বন বিভাগৰ বিষয়াসকলে ৰে’লৱেৰ বিষয়াসকলৰ সৈতে সমন্বয়ৰ জৰিয়তে ২০৫০৩ নং ৰে’ল (ডিব্ৰুগড়–নতুন দিল্লী) ৰাজধানী এক্সপ্ৰেছক পুৱাৰ ভাগত সময়মতে ৰখোৱাৰ সুবিধা কৰি দিছিল আৰু এই তৎকালীন ব্যৱস্থাৰ ফলত এজাক হাতীয়ে ৰে’লপথ নিৰাপদে পাৰ হ’বলৈ সক্ষম হৈছিল ।

যোৱা কিছুদিনতো একেধৰণৰ কেবাটাও ঘটনা সংঘটিত হৈছে । ১৫ আগষ্টত গুৱাহাটী-মৰিয়ানী এক্সপ্ৰেছৰ লোকো পাইলটৰ সজাগতাৰ বাবে লামছাখং-পাথাৰখোলা অংশত হাতীৰ জাক এটাই নিৰাপদে ট্ৰেক পাৰ হ’বলৈ সক্ষম হয় । পিছদিনা ১৬ আগষ্টত নাৰংগী-আগৰতলা এক্সপ্ৰেছৰ লোকো পাইলটে সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰি হাৱাইপুৰ-লামছাখাং অংশত হাতীৰ জাকক নিৰাপদে যাতায়ত কৰাত সুবিধা কৰি দিয়ে ।

বিবৃতিটোত কোৱা হৈছে যে এই দৃষ্টান্তসমূহে হাতী-ৰে’লৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ ৰোধ কৰা আৰু হাতী কৰিড’ৰত বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰু বন বিভাগৰ মাজত ফলপ্ৰসূ সমন্বয়ৰ লগতে ৰে’লৱে চলোৱা কৰ্মচাৰীৰ সতৰ্কতা আৰু দায়িত্ববোধক প্ৰতিফলিত কৰে ।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই হাতী–ৰে’লৰ সংঘৰ্ষ ৰোধৰ বাবে কেইবাটাও সক্ৰিয় আৰু প্ৰযুক্তি-চালিত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইয়াৰ ভিতৰত ডিষ্ট্ৰিবিউটেড একাউষ্টিক চিষ্টেম (ডিএএছ) প্ৰযুক্তি ব্যৱহাৰ কৰি এআই ভিত্তিক ইনট্ৰুচন ডিটেকচন চিষ্টেম (আইডিএছ) নিয়োগ কৰা হৈছে, যিয়ে ট্ৰেকৰ ওচৰত হাতীৰ গতিবিধিৰ ওপৰত বাস্তৱ সময়ৰ সতৰ্কবাণী প্ৰদান কৰে ।

অন্যান্য প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ ভিতৰত আছে হাতী দেখাৰ ভিত্তিত নিশা আৰু অস্থায়ী গতিৰ নিষেধাজ্ঞা, বৰ্ধিত টহলদাৰী, ৰে’লৰ কৰ্মীসকলক সংবেদনশীল কৰা, সতৰ্কবাণীমূলক চিন, গছ-গছনি নিষ্কাশন আৰু বন বিভাগৰ সৈতে বাস্তৱ সময়ৰ সমন্বয় । হাতীক বাধা দিবলৈ এম্প্লিফাইড মৌমাখিৰ শব্দ ব্যৱহাৰ কৰা ‘প্লেন বি’ ব্যৱস্থাটোও বহু স্থানত স্থাপন কৰা হৈছে ।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই চিনাক্তকৃত স্থানত আণ্ডাৰপাছ নিৰ্মাণৰ কামো হাতত লৈছে যাতে বন্যপ্ৰাণীৰ নিৰাপদ চলাচলৰ সুবিধা হয় আৰু হাতীক ৰেলপথৰ পৰা আঁতৰাই ৰাখিব পৰা যায় বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক: ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বুকু কঁপাই তোলা এক ঘটনা: নলঘূলিৰ স্বাধীনতা যুঁজৰ এক অখ্যাত অধ্যায়