অসমৰ ৫ হাজাৰ বানপীড়িত শিক্ষাৰ্থীলৈ পাব্লিচাৰ্ছ এণ্ড বুক ছেলাৰ্ছ গীল্ডৰ শিক্ষা সামগ্ৰী
দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰকাশক, গ্ৰন্থ বিক্ৰেতা, সংস্থা আৰু ব্যক্তিয়ে আগবঢ়াইছে সহায় ।

Published : August 25, 2026 at 10:17 AM IST
|Updated : August 25, 2026 at 10:51 AM IST
তেজপুৰ : উজনিৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানে তাণ্ডৱ সৃষ্টি কৰাৰ পিছত এতিয়া প্ৰতিটো পৰিয়ালত জীৱন সংগ্ৰাম আৰম্ভ হৈছে । বহুতে আজিও নিজৰ ঘৰখনলৈ উভতি যাব পৰা নাই । বহুতে নিজৰ ভেটি মাটিখিনিয়ে মোকলাব পৰা নাই ।
পলসে পোতা ভেটিত সা-সম্পত্তিৰ চিনমোকাম নোহোৱা হৈছে । ইয়াতে পোত খাই আছে হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ কিতাপ-বহীৰ লগতে শিক্ষা সামগ্ৰী ।এইসকল শিক্ষাৰ্থীক সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে পাব্লিচাৰ্ছ এণ্ড বুক ছেলাৰ্ছ গীল্ড, নৰ্থ-ইষ্ট ।

শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ কাষত থিয় দিছে পাব্লিচাৰ্ছ এণ্ড বুক ছেলাৰ্ছ গীল্ড, নৰ্থ-ইষ্ট । বানপীড়িত শিক্ষাৰ্থীৰ মাজত বিনামূলীয়াকৈ শিক্ষা সামগ্ৰী বিতৰণৰ বাবে মঙলবাৰে শিৱসাগৰলৈ ৰাওনা হৈছে গীল্ডৰ এটা দল ।
এই উদ্দেশ্যে সোমবাৰে গুৱাহাটীৰ কলেজ হোষ্টেল ৰোডস্থিত কুবেৰ বুক ষ্টল প্ৰাংগণত এখন সভা অনুষ্ঠিত হয় । সভাত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয়," এইবাৰৰ বানত উজনি অসম যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । শিৱসাগৰ, চৰাইদেউকে ধৰি বিভিন্ন অঞ্চলত অৰ্থনৈতিক আৰু শৈক্ষিক আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে । এনে পৰিস্থিতিত বানপীড়িত লোকসকলৰ কাষত থিয় দিয়াটো সকলোৰে দায়িত্ব ।"
ৰাজ্য়পালগৰাকীয়ে লগতে কয়, “বিকাশ সদায় বহনক্ষম হ’ব লাগিব । প্ৰকৃতি আৰু বিকাশৰ মাজত ভাৰসাম্য নাথাকিলে দুৰ্যোগ হ’বই ।” গীল্ডৰ উদ্যোগত প্ৰথম পৰ্যায়ত শিৱসাগৰ আৰু চৰাইদেউৰ প্ৰায় ৫ হাজাৰ বানপীড়িত শিক্ষাৰ্থীক স্কুল বেগ, ছাতি, ছেণ্ডেল, বহী, কিতাপকে ধৰি বিভিন্ন শিক্ষা সামগ্ৰী বিতৰণ কৰিব । এই সাহাৰ্য সামগ্ৰীসমূহৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰকাশক, গ্ৰন্থ বিক্ৰেতা, সংস্থা আৰু ব্যক্তিয়ে সহায় আগবঢ়াইছে ।
ফেডাৰেশ্য়ন অৱ পাব্লিচাৰ্ছ এণ্ড বুক ছেলাৰ্ছ, নতুন দিল্লী, পাব্লিচাৰ্চ এণ্ড বুক ছেলাৰ্ছ গীল্ড, কলকাতা, ফেডাৰেশ্য়ন অৱ এডুকেচন অৱ ইণ্ডিয়া, এম বি ডি গ্ৰুপ অৱ পাব্লিকেশ্যনছ, ড৹ ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাস ‘আৰোহণ’ৰ লগতে নতুন দিল্লী, কলকাতা, বেংগালুৰু, জলন্ধৰ, পাটনা, মীৰাট আৰু মুম্বাইৰ বিভিন্ন প্ৰকাশক-বিক্ৰেতাই সাহাৰ্য আগবঢ়াইছে ।
এই অনুষ্ঠানটোত বিশিষ্ট লেখক-গ্ৰন্থকাৰ ডঃ দয়ানন্দ পাঠক, ডঃ ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাস ‘আৰোহণ’ৰ মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়া,সাংবাদিক দেৱজিৎ ভূঞা, বসন্ত কুমাৰ ভূঞা, পাব্লিচাৰ্ছ এণ্ড বুক ছেলাৰ্ছ গীল্ড, নৰ্থ-ইষ্টৰ মুখ্য উপদেষ্টা অজিত কুমাৰ বৰ্মনসহ গীল্ডৰ বিষয়ববীয়াসকল উপস্থিত থাকে । এই সন্দৰ্ভত গীল্ডৰ সম্পাদক তথা প্ৰকাশক ধীৰাজ গোস্বামীয়ে কয়," দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰকাশক-বিক্ৰেতা, সংস্থা আৰু ব্যক্তিয়ে এই সাহাৰ্য আগবঢ়াইছে ।" ১০০ টকাৰ পৰা এক-দুই লাখ টকা পৰ্যন্ত বিভিন্নজনে সহায় আগবঢ়োৱা বুলি তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক:বানাক্ৰান্তৰ বাবে নিৰ্মাণ কৰা প্ৰথমটো ঘৰ মুকলি কৰিলে দ্যা গ্ৰেট খালিয়ে
বানপীড়িত শিক্ষাৰ্থীক ৫০ লাখৰো অধিক মূল্যৰ কিতাপ-বহী বিতৰণ সদৌ অসম পুথি প্ৰকাশ বিক্ৰেতা সংস্থাৰ

