ETV Bharat / state

নথি-পত্ৰৰ জালিয়াতিৰে অসমত চাকৰি লোৱাৰ চেষ্টা বহিঃৰাজ্যৰ যুৱকৰ, চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন মহলৰ

অসমৰ যুৱক-যুৱতীৰ বাবে থকা বিশেষ সুবিধা গ্ৰহণ কৰি বহিঃৰাজ্য বিশেষকৈ বিহাৰ,উত্তৰ প্ৰদেশ আদিৰ যুৱকে চাকৰি কৰি আছে CRPF, CISF, আছাম ৰাইফলছ আদিত ।

recruitment scam
নথি-পত্ৰৰ জালিয়াতিৰে অসমত চাকৰি লোৱাৰ চেষ্টা বহিঃৰাজ্যৰ যুৱকৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 14, 2026 at 4:20 PM IST

6 Min Read
Choose ETV Bharat

যোৰহাট: অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীত চাকৰি কৰিছে জাকে জাকে বহিঃৰাজ্যৰ যুৱকে । এই ভয়ংকৰ জালিয়াতি পোহৰলৈ আনিলে যোৰহাটৰ অতিৰিক্ত আয়ুক্তই । অসমৰ যুৱক-যুৱতীৰ বাবে থকা বিশেষ সুবিধা গ্ৰহণ কৰি বহিঃৰাজ্য বিশেষকৈ বিহাৰ ,উত্তৰ প্ৰদেশ আদিৰ যুৱকে চাকৰি কৰি আছে CRPF, CISF, আছাম ৰাইফলছ আদিত ।

আচৰিত কথা যে এইসকল যুৱকে অধ্যয়ন কৰিছে বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যত আৰু স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ দেখুৱাইছে যোৰহাট নাওশলীয়া অঞ্চলৰ । লগতে জাতিগত প্ৰমাণ পত্ৰও দাখিল কৰিছে যোৰহাটৰ পৰা ।

যেতিয়া সংশ্লিষ্ট বিভাগবোৰৰ পৰা এই নথি-পত্ৰসমূহ পৰীক্ষণৰ বাবে বাবে যোৰহাটলৈ আহে আৰু তেতিয়াই অতিৰিক্ত আয়ুক্ত পংকজ বৰাই পোহৰলৈ আনে সমগ্ৰ জালিয়াতি । যোৰহাটৰ আয়ুক্ত কার্যলয়ত এইবোৰ নথি-পত্ৰৰ কোনো তথ্য নাই । বিনয় কুমাৰ, চনু শৰ্মা, মুকেশ, পৰমেশ্বৰ গলা, আক্ৰাম নামৰ যুৱকে চাকৰি কৰি থকাৰ অভিযোগ উঠিছে ।

ইতিমধ্যে সমগ্ৰ জালিয়াতি সন্দৰ্ভত যোৰহাটৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । এই বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতেই উদ্বেগ প্ৰকাশ কৰিছে সচেতন মহলে ৷

সাধাৰণ ব্যক্তিৰ প্ৰতিক্ৰিয়া (ETV Bharat)

যোৰহাটৰ জেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীৰ প্ৰতিক্ৰিয়া

অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ জালিয়াতি কৰি বহিঃৰাজ্যৰ লোকে চাকৰি কৰি থকা বিষয়টোক দুভাৰ্গজনক আখ্যা দিছে জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীয়ে ।

ইটিভি ভাৰতৰ আগত তেওঁ কয়, ‘‘এই ক্ষেত্ৰত তেওঁলোকৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে । এই ঘটনাৰ লগত এটা চক্ৰ জড়িত হৈ আছে, নতুবা এই জালিয়াতিৰ কৰাটো সম্ভৱপৰ নহয় ৷ আমাৰ যোৰহাট নাওশলীয়া গাঁও আৰু আন এখন গাঁৱৰ যুৱক তথা বাসিন্দা বুলি দেখুৱাই তেওঁলোকে চাকৰি পাবৰ বাবে চেষ্টা কৰিছে । এই ক্ষেত্ৰত প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যি গৰাকী অতিৰিক্ত আয়ুক্তই এজাহাৰ দাখিল কৰিছে সেই পদক্ষেপক আমি আদৰণি জনাইছো ৷’’

জেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীৰ প্ৰতিক্ৰিয়া (ETV Bharat)

‘‘পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত ক্ষিপ্ৰ তদন্ত কৰিব লাগে, তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে,আৰু যিসকলে বক্ৰ পথৰে চাকৰি লৈছে বা চাকৰি কৰি আছে সেইসকলক তৎকালীনভাৱে আটক কৰিব লাগে । নহ’লে আমাৰ স্থানীয় যিসকল যুৱক-যুৱতীয়ে চাকৰি পাব লাগিছিল বা চাকৰি পোৱাৰ যোগ্যতা আছিল তেওঁলোক বঞ্চিত হৈ ৰ’ব । নিশ্চিতভাৱে য’ত সেনা বাহিনীৰ ছাউনী থাকে তাৰ দাঁতিকাষৰীয়া অঞ্চলৰ যুৱকক নিযুক্তি ক্ষেত্ৰত প্ৰাধন্য দিব লাগে । সেইটো ভাৰতবৰ্ষ অন্য ৰাজ্যৰ ক্ষেত্ৰত দেখা পাইছো । অৰুণাচল, লাডাখতো আছে ।’’ তেওঁ লগতে কয় ৷

অধিবক্তাগৰাকীয়ে আৰু কয়, ‘‘ইয়াত এটা চক্ৰই কাম কৰি আছে ৷ বাহিৰৰ পৰা মানুহ আনি নিযুক্তি দিব পাৰে ৷ বহিঃৰাজ্যৰ যুৱকে অসমৰ স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ উলিয়াই স্থানীয় লোকৰ বাবে থকা পদত নিযুক্তি লাভ কৰি স্থানীয় যুৱকক কেন্দ্ৰীয় সংস্থাত নিযুক্তি লাভৰ ক্ষেত্ৰত বঞ্চিত কৰিছে । এনে প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যখনত নিৱনুৱা সমস্যা বৃদ্ধি পাব ৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰে নিজা পদক্ষেপ গ্ৰহণ কৰিব লাগে । এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব লাগে ।’’

আইনী প্ৰসংগত তেওঁ কয়, ‘‘এয়া এক ভয়ংকৰ জালিয়াতি, ফৌজদাৰী ঘটনা । ইয়াত নথি-পত্ৰ জালিয়াতি কৰা হৈছে আৰু তেওঁলোকে মিছা তথ্য দিছে । তেওঁলোক ইয়াৰ বাসিন্দা বুলি মিছা কথা কৈছে । সেয়েহে নিৰ্দিষ্ট ধাৰাৰ অধীনত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।’’

অসম সেনাৰ বিষয়ববীয়াৰ প্ৰতিক্ৰিয়া

আনহাতে এই ঘটনা সন্দৰ্ভত অসম সেনাৰ এগৰাকী বিষয়ববীয়া ৰিতুল পাঠকে কয়, ‘‘কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সামৰিক বাহিনীত নিযুক্তিৰ ক্ষেত্ৰত থলুৱাক বঞ্চিত কৰি ষড়যন্ত্ৰমূলকভাৱে বহিৰাগত যুৱকক নিযুক্তি দিয়া হৈছে ৷ অতি পৰিতাপৰ বিষয় যে এই নিযুক্তিৰ ক্ষেত্ৰত যোৰহাটৰ একাংশ যুৱক-যুৱতীয়ে নিযুক্তি পাব লাগে ৷ কিন্তু তেওঁলোকক বঞ্চিত কৰি যোৰহাট এখন গাঁৱৰ স্থায়ী বাসিন্দা বুলি একাংশ বহিৰাগত যুৱক-যুৱতীক দেখুওৱা হৈছে ৷ এখোপ আগলৈ গৈ এইসকলে জাতিগত প্ৰমাণপত্ৰও সংগ্ৰহ কৰিছে । এই কেলেংকাৰী সম্পৰ্কত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে । এই জালিয়াতি চক্ৰৰ লগত একাংশ লোক আৰু চৰকাৰী বিষয়া জড়িত থকাৰো তেওঁ অভিযোগ কৰে । লগতে সমগ্ৰ বিষয়ত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব লাগে ।’’

অসম সেনাৰ বিষয়ববীয়াৰ প্ৰতিক্ৰিয়া (ETV Bharat)

স্থানীয় নাওশলীয়া গাঁৱৰ লোকৰ ক্ষোভ

আনহাতে স্থানীয় লোকে কয় যে এয়া আজিৰ কথা নহয়, কেইবছৰ মান আগৰ পৰাই জালিয়াতিৰে বহিৰাগত লোকে নিযুক্তি লাভ কৰি আহিছে । ‘‘কেইবাৰো হুলস্থুল হৈছে আৰু মানুহ আনি আমি থানাত চমজাইয়ো দিছোঁ । তাৰ পিছতো এই অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰাটো চলিয়ে আছে । ২০২২, ২০২৪ চনতো স্থানীয় লোকৰ বাবে সংৰক্ষিত চাকৰিত বাহিৰা লোকক নিযুক্তি দিয়া ঘটনা সংঘটিত হৈছিল । তেওঁলোকক সোধা-পোছাৰ অন্তত গম পোৱা যায় যে তেওঁ লোক হাৰিয়ানা, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ ৷ কাৰণ কোনেও অসমীয়া ক’ব নাজানে । তেওঁলোকে তেতিয়া যোৰহাট, তিনিচুকীয়া আদি জিলাৰ বাসিন্দা বুলি সকলো নথি-পত্ৰ দেখুৱায় । তেওঁলোকৰ ৯৯ শতাংশ ই চাকৰি পোৱাটো নিশ্চিত ৷ মাজে মাজে এইসকল লোক আহি থাকে,আমাৰ ওচৰত থকা সেনা ছাউনীত বিজ্ঞাপন ওলালে আমি গমেই নাপাওঁ, কিন্তু বহিঃৰাজ্যৰ লোকসকলে সকলো খবৰ পায় ৷’’ এজন গাঁওবাসীয়ে কয় ৷

চৰকাৰে অসমৰ যুৱকে বহিঃৰাজ্যত গৈ চাকৰি কৰাৰ পৰিৱৰ্তে অসমতে চাকৰি কৰিব পৰাৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি অহাৰ সময়তে এনেদৰে ভুৱা নথি-পত্ৰৰে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে চাকৰি লোৱা কাৰ্যই সচেতন মহলত জোকাৰণি তুলিছে ৷ এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: অসমৰ যুৱক-যুৱতীক ভাতে মৰাৰ চেষ্টা; ভুৱা প্ৰমাণ-পত্ৰৰে কেন্দ্ৰীয় চাকৰিত বহিৰাগতৰ বৃহৎ নিযুক্তি কেলেংকাৰি