ETV Bharat / state

সৃজনগ্ৰামত পথৰ দুৰৱস্থাই ঘটিয়ে ঘটিয়ে পানী খুৱাইছে ৰাইজক, দহবাৰ চিন্তা কৰিব লাগে খোজ দিবলৈ

অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি মেৰামতি নোহোৱাৰ ফলত ৰাস্তাৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ ডাঙৰ গাঁত ।

dilapidated road
সৃজনগ্ৰামত পথৰ দুৰৱস্থা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 2:17 PM IST

2 Min Read
Choose ETV Bharat

জনীয়া: ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰে বাট-পথৰ ব্যাপক উন্নয়ন হোৱা বুলি চৰকাৰে দাবী কৰি আহিছে যদিও বিভিন্ন জিলাৰ কেতবোৰ অঞ্চলৰ ভগ্নপ্ৰায় বাট-পথে ৰাইজক নৰক যন্ত্ৰণা ভোগাইছে ৷ বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামূৰীয়া সৃজনগ্ৰাম সমষ্টিৰ ছিমলাবাৰী খণ্ড ১ গাঁৱৰ এটা পথে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগাই আহিছে জনতাক ৷ বোকাময় পথটোৰে আহ-যাহ কৰিবলৈ দহবাৰ চিন্তা কৰিবলগীয়া হয় অঞ্চলটোৰ ৰাইজে ৷

অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি মেৰামতি নোহোৱাৰ ফলত ৰাস্তাৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ ডাঙৰ ডাঙৰ গাঁত । বোকা-পানীৰ মাজেৰে জীৱন বিপন্ন কৰি যাতায়ত কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ পথচাৰীয়ে । ভুক্তভোগী ৰাইজে অতি সোনকালে পথটো মেৰামতি কৰাৰ দাবী জনাইছে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক ।

সৃজনগ্ৰামত পথৰ দুৰৱস্থা (ETV Bharat)

স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, সামান্য বৰষুণ হ’লেই পথটো সম্পূৰ্ণ বোকাময় হৈ পৰে । বহু ঠাইত গাড়ী আবদ্ধ হৈ পৰে, আনহাতে চাইকেল, মটৰচাইকেল আৰু ই-ৰিক্সা চলোৱাসকলেও প্ৰায়ে দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয় । পথটোৰ অৱস্থা এনে হৈছে যে বহু সময়ত গাঁত আৰু সাধাৰণ পথৰ পাৰ্থক্যও বুজিব নোৱৰা অৱস্থা সৃষ্টি হয় ।

এই পথটোৰে দৈনিক সাধাৰণ লোক, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী, ব্যৱসায়ী আৰু বিভিন্ন যান-বাহন অহা-যোৱা কৰে । কিন্তু ইমান গুৰুত্বপূৰ্ণ পথটোৰ প্ৰতি সংশ্লিষ্ট বিভাগ বা জনপ্ৰতিনিধিসকলৰ উদাসীনতাই ৰাইজৰ মনত ক্ষোভৰ সৃষ্টি কৰিছে ।

এগৰাকী স্থানীয় ব্যক্তিয়ে কয়, ‘‘বাৰে বাৰে দাবী জনোৱাৰ পিছতো আজিলৈকে কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । ৰাস্তাৰ বোকা-পানীৰ বাবে জৰুৰীকালীন সেৱাও ব্যাহত হোৱাৰ অভিযোগ উত্থাপন হৈছে । অসুস্থ লোকক চিকিৎসালয়লৈ নিয়া হওক বা বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী হওক সকলোৱে প্ৰতিদিনে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । পথটোৰ মাজত থকা ডাঙৰ গাঁতসমূহ যিকোনো সময়তে ডাঙৰ দুৰ্ঘটনাৰ কাৰণ হ’ব পাৰে । পইচা আহে বুলি শুনা পাওঁ, কিন্তু কাম নহয় ৷’’

শীঘ্ৰে পথটো বৈজ্ঞানিক পদ্ধতিৰে মেৰামতি কৰি যাতায়তৰ উপযোগী কৰাৰ লগতে স্থায়ী সমাধান নিশ্চিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ ওচৰত দাবী জনাইছে ছিমলাবাৰী অঞ্চলৰ ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক: হাতীয়ামুখ জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন পীযুষ হাজৰিকাৰ, বছৰি একাধিক খেতি কৰিবলৈ আহ্বান কৃষকক