ETV Bharat / state

বঙাইগাঁৱত ৰাইজে জব্দ কৰিলে ৰন্ধন গেছৰ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক

নিশা ৬০টা চিলিণ্ডাৰ বিক্ৰী কৰিবলৈ অনাৰ সময়তে ৰাইজে কৰিলে জব্দ ।

Public seized a truck loaded with cooking gas cylinders in Abhayapuri
নিশা ৰাইজে জব্দ কৰিলে ৰন্ধন গেছৰ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 12:56 PM IST

2 Min Read
Choose ETV Bharat

অভয়াপুৰী : মধ্যপ্ৰাচ্যৰ অস্থিৰ পৰিস্থিতিৰ ফলত বিগত কিছুদিন ধৰি ভাৰতত ৰন্ধন গেছৰ বাবে গ্ৰাহকে ঘন্টাৰ পিচত ঘন্টা ধৰি দীঘলীয়া শাৰী পাতিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । এটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বাবে গ্ৰাহকে হাহাকাৰ কৰিবলগীয়া হোৱাৰ সময়তে তিনিমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ৰন্ধন গেছৰ মূল্য বৃদ্ধি হয় । এনে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশই আকৌ কলা বজাৰত অধিক দামত বিক্ৰী কৰি আছে চিলিণ্ডাৰ ।

ৰাজ্যত ৰন্ধন গেছৰ নাটনিৰ সময়তেই বঙাইগাঁৱৰ কীৰ্ত্তনপাৰাত ৰাইজে জব্দ কৰিলে চিলিণ্ডাৰ ভৰ্তি মিনি ট্ৰাক । নিশা এখন মিনি ট্ৰাক স্থানীয় ৰাইজে জব্দ কৰাত ঘৰুৱা গেছ চিলিণ্ডাৰসমূহ দেখিবলৈ পায় । ইয়াৰ পিচতেই ৰাইজে ৬০ টা চিলিণ্ডাৰসহ মিনি ট্ৰাকখন বৰঘোলা আৰক্ষীক গতাই দিয়ে । বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত কীৰ্ত্তনপাৰাত বৃহস্পতিবাৰে নিশা ৬০টা চিলিণ্ডাৰ বিক্ৰী কৰিবলৈ অনাৰ সময়তে ৰাইজে জব্দ কৰে ।

নিশা ৰাইজে জব্দ কৰিলে ৰন্ধন গেছৰ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক (ETV Bharat Assam)

এমএছ ডিডব্লিউআই এইচপি গেছ গ্ৰামীণ বিতৰক নামৰ এজেঞ্চিটোৱে বজাৰত বিক্ৰী কৰাৰ সময়তে ৰাইজে জব্দ কৰা বুলি অভিযোগ উত্থাপিত হৈছে । অভিযোগ মতে, গেছ এজেঞ্চিটোৱে নাম নথকা ২৫ খন গেছ বুকৰ কাৰ্ডৰ লগতে ৬০ টা চিলিণ্ডাৰ বিক্ৰী কৰিবলৈ আনিছিল যদিও ৰাইজে জব্দ কৰি বৰঘোলা আৰক্ষীক গতাই দিয়ে ।

ইপিনে, মিনি ট্ৰাকখনৰ চালকজনৰ ভাষ্য় অনুসৰি তেওঁ এই চিলিণ্ডাৰকেইটা ছাব এজেঞ্চিত দিবলৈ আনিছিল । তেওঁৰ লগত থকা সকলোবোৰ নথি- পত্ৰ আৰক্ষীক জমা দিয়াৰ লগতে এইবোৰ উজলা আঁচনিৰ বুলি কয় । এই সন্দৰ্ভত চালকজনে কয়, " অময়াপুৰীৰ পৰা বিজনীৰ পাণবাৰীলৈ চিলিণ্ডাৰকেইটা আনিবলৈ গৈছিলো । আব্দুছ ছালাম নামৰ লোকজনে এইবোৰ পঠিয়াই দিছে । চালানখিনি অভয়াপুৰীৰ বৰভাঙা ডুমৰীয়াৰ । বিজনীৰ পাণবাৰীলৈ খালী চিলিণ্ডাৰকেইটা নিবলৈ কৈছিল । তালৈ যোৱাত ৬৩টা চিলিণ্ডাৰ দিছিল যদিও ঠাইৰ অভাৱত ৬০টাহে আনিছো ।" চালকজনে পুনৰ কয়, "কীৰ্ত্তনপাৰাত ৰাইজে ৰখিবলৈ সংকেত দিয়াত তাত ট্ৰাকখন ৰখোৱাত মোক বিভিন্ন প্ৰশ্ন কৰে আৰু আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ ওচৰত মই নথি পত্ৰ জমা দিছো ।"

লগতে পঢ়ক:তিনিমাহৰ ভিতৰতে পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য, এইবাৰ কিমান বাঢ়িল ?

কলগাছিয়াত ৰন্ধন গেছৰ ক’লা ব্যৱসায়: চক্ৰ বিষয়া আৰু যোগান বিভাগৰ যৌথ অভিযানত ১১০ জব্দ চিলিণ্ডাৰ

পুনৰ বৃদ্ধি ৰন্ধন গেছৰ মূল্য; দিল্লীত এতিয়া এটা চিলিণ্ডাৰৰ দাম ৩ হাজাৰৰো অধিক