ছোৱালী চাবলৈ আহিও ঘূৰি যায় দৰা ! বিয়া ভঙা এটা আপদীয়া বাটৰ কাহিনী...
ডিমৰীয়াৰ পথৰ দুৰৱস্থাই অতিষ্ঠ কৰিছে ৰাইজক । হাতত কোৰ-পাচি ল’লে স্থানীয় লোকে ।

Published : May 29, 2026 at 4:39 PM IST
সোণাপুৰ: বৰষুণ দিলেই পথত হয় এক আঁঠু বোকা । সেয়েহে বিয়াৰ বাবে ছোৱালী চাবলৈ আহিও ঘূৰি যায় দৰা ! হয়, এইখন অসমতেই আছে এনে এটি অঞ্চল য'ত অভিভাৱকসকলে নিজৰ ছোৱালী বিয়া দিবলৈ চিন্তা কৰিবলগীয়া হৈছে এটা পথৰ বাবে ।
ডিমৰীয়াৰ দুটাকৈ পথৰ দুৰৱস্থাই জুৰুলা কৰিছে ৰাইজক । সেয়েহে উপায়ন্তৰ হৈ হাতত কোৰ-পাচি ল’লে স্থানীয় লোকে । ডিমৰীয়া বিধানসভা সমষ্টিৰ গ্ৰাম্য অঞ্চলৰ একাংশ লোকে যাতায়তৰ বাবে আজিও ভোগ কৰিবলগীয়া হৈছে যমৰ যাতনা । এজাক বৰষুণতে এক আঁঠু বোকা, চিকিৎসালয়লৈ ৰোগীক নিবলৈ গাঁৱত নোসোমায় এম্বুলেঞ্চ, আনকি পথৰ দুৰৱস্থাৰ বাবেই বিয়া ভাঙি যোৱাৰ দৰে অনাকাংক্ষিত ঘটনাও সংঘটিত হৈছে এটা অঞ্চলটোত । অৱশেষত উপায়ন্তৰ হৈ ৰাইজে নিজেই হাতত কোৰ-পাচি লৈ শ্ৰমদানৰে পথ মেৰামতি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।
কলংপাৰৰ দেওখাল:
বোকাময় পথৰ বাবে ভাগিছে বিবাহৰ সম্বন্ধও ! ডিমৰীয়াৰ নৈপৰীয়া কলংপাৰৰ দেওখাল গাঁৱলৈ যোৱা পথছোৱাৰ অৱস্থা বৰ্তমান অতি বিধ্বস্ত । এজাক বৰষুণ দিলেই এই পথছোৱাত এক আঁঠু বোকাৰ সৃষ্টি হয়, যাৰ ফলত গাঁৱৰ ভিতৰৰ পৰা মূল পথলৈ আহিবলৈ হ’লে ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হয় । এই পথৰ দুৰৱস্থাই অঞ্চলটোলৈ কঢ়িয়াই আনিছে কেইবাটাও সমস্যা:
পঢ়া-শুনাত ব্যাঘাত:
গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠা মহিলাই ক্ষোভেৰে কয়, "এই বোকাময় পথৰ বাবে কণ কণ ল’ৰা-ছোৱালীহঁত স্কুললৈ যোৱাত চৰম অসুবিধাৰ সৃষ্টি হয় । "
ভগ্ন চিকিৎসা ব্যৱস্থা:
কোনো লোক বেমাৰত পৰিলে বা জৰুৰীকালীন অৱস্থাত চিকিৎসালয়লৈ নিয়াটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰে ।
অৰ্থনৈতিক ক্ষতি:
কোনো ধৰণৰ যান-বাহন গাঁৱৰ ভিতৰলৈ সোমাব নোৱাৰে । আনকি খেতিৰ বতৰত ট্ৰেক্টৰেৰে ধান অনা বা গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজৰ উৎপাদিত সামগ্ৰী বজাৰলৈ নিয়াৰ ক্ষেত্ৰতো যাতায়ত সম্পূৰ্ণ ব্যাহত হৈ পৰিছে ।

সামাজিক সমস্যা:
পথটোৰ বিধ্বস্ত ৰূপৰ বাবে অঞ্চলটোলৈ বিয়াৰ উদ্দেশ্যে ছোৱালী চাবলৈ অহা ল’ৰা পক্ষই বাটৰ দুৰৱস্থা দেখিয়েই কথা দিও পিছলৈ বিয়া ভাঙি দিয়ে । স্থানীয় ৰাইজৰ প্ৰশ্ন- "ভোট দি চৰকাৰ বনাও; কিন্তু আমাৰ পথটো কিয় ঠিক নহয় ? আমাৰ উন্নয়নৰ কামবোৰ চৰকাৰে কিয় কৰি নিদিয়ে ?"
ঘগৰা-নুনমাটি মেঘালয় সংযোগী পথ :
ডিমৰীয়া মৌজাৰ বামফৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণে ক্ৰমে শুপুনিজাৰী, ঘগৰা আৰু নুনমাটি গাঁও হৈ মেঘালয় সংযোগী পথটোৰ অৱস্থা অধিক দুৰ্গম । আচৰিত কথা যে এই পথটো ব্ৰিটিছ ৰাজত্বৰো পূৰ্বৰে পৰা আছিল যদিও আজিলৈকে পকীকৰণৰ মুখ নেদেখিলে ৰাইজে । বহুত চৰকাৰ আহিল আৰু গ’ল; কিন্তু এই পিছপৰা অঞ্চলটোৰ ৰাইজৰ কাতৰ অনুৰোধ কোনো এখন চৰকাৰৰো কৰ্ণগোচৰ নহ’ল । ইয়াৰ ফলত বাৰিষা আহিলেই নামি আহে চৰম দুৰ্যোগ ।
ঠেলাৰ ওপৰত গৰ্ভৱতী মহিলা:
বৰষুণৰ দিনত এই অঞ্চলটোলৈ কোনো এম্বুলেঞ্চ সোমাব নোৱাৰে । ফলত কোনো গৰ্ভৱতী মহিলা বা জৰুৰীকালীন ৰোগীক ঠেলাগাড়ীৰ ওপৰত তুলি মূল পথলৈ কঢ়িয়াই নিবলগীয়া হয়, যাৰ ফলত ৰোগীসকলে অসহ্য যন্ত্ৰণা ভোগ কৰিবলগীয়া হয় ।

চৰকাৰক আহ্বান আৰু ৰাইজৰ :
শ্ৰমদান প্ৰশাসনৰ পৰা কোনো সঁহাৰি নাপাই দুয়োটা অঞ্চলৰ ভুক্তভোগী ৰাইজে এতিয়া তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে নিজৰ যাতায়ত ঠিকে ৰাখিবলৈ প্ৰতিবছৰে নিজাববীয়াকৈ শ্ৰমদান কৰি পথ মেৰামতি কৰি আহিছে ।
নিজৰ গাঁঠিৰ ধন ভাঙি আৰু শাৰীৰিক পৰিশ্ৰমেৰে ৰাইজে পথছোৱা কোনোমতে চলনযোগ্য কৰি ৰাখিছে । অঞ্চলবাসীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লোক নিৰ্মাণ বিভাগক আবেদন জনাই কয়, "বামফৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণে ক্ৰমে শুপুনিজাৰি, ঘগৰা, নূনমাটি গাঁৱৰ মেঘালয় সংযোগী পথটো আৰু কলংপাৰ দেওখালৰ পথটো যাতে অতি সোনকালে পকী বা মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰে ।" চৰকাৰে এই দুৰ্ভগীয়া ৰাইজৰ বিননি শুনি ইয়াৰ এক স্থায়ী সমাধান কৰিবনে ? সেয়া এতিয়া লক্ষণীয় হ’ব ।
লগতে পঢ়ক:এজাক বৰষুণতে খহিল নৱনির্মিত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষ
ৰাষ্ট্ৰীয় ঘাইপথে জলাকলা খুৱাইছে হাজাৰ হাজাৰ পথচাৰীক, ক্ষোভিত দল-সংগঠন

