ETV Bharat / state

দুৰ্ঘটনাক কেন্দ্ৰ কৰি মৈৰাবাৰীত ৰে’ল বিভাগৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

মৈৰাবাৰী-বেচামাৰী সংযোগী পথৰ ওপৰত থকা ৰেল লাইনত মেৰামতি কাৰ্য চলি থকাৰ বাবে উক্ত স্থানেৰে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ৷

negligence in safety measures
মৈৰাবাৰীত ৰে’ল বিভাগৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 8, 2026 at 12:59 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও: মৈৰাবাৰীত ৰে’ল বিভাগৰ বিৰুদ্ধে ব্যাপক ক্ষোভ সাধাৰণ ৰাইজৰ ৷ মৈৰাবাৰী-বেচামাৰী সংযোগী পথত থকা ৰে’লপথছোৱা মেৰামতিৰ নামত ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হোৱা বুলি অভিযোগ তুলিছে একাংশ স্থানীয় লোকে ৷

উক্ত পথটোৰে পাৰ হৈ যোৱা ৰে’লপথছোৱাত প্ৰায় এমাহ ধৰি চলি আছে মেৰামতিৰ কাম ৷ অতি ব্যস্ত পথটোত ৰে’ল কৰ্তৃপক্ষই কামৰ সময়ত সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ উঠিছে ৷

মৈৰাবাৰীত ৰে’ল বিভাগৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ (ETV Bharat)

উল্লেখ্য যে, মৈৰাবাৰী-বেচামাৰী সংযোগী পথৰ ওপৰত থকা ৰেল লাইনত মেৰামতি কাৰ্য চলি থকাৰ বাবে উক্ত স্থানেৰে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ৷ মঙলবাৰে উক্ত স্থানত সংঘটিত হয় এক পথ দুৰ্ঘটনা । মৈৰাবাৰী-বেচামাৰী সংযোগী পথৰ ওপৰত থকা ৰেল লাইনত নিৰ্মাণ কাৰ্য চলি থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা । এখন চলন্ত ই-ৰিক্সা ৰে’লপথ পাৰ হোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয় ৷ ইয়াৰ ফলত ই-ৰিক্সাখনত থকা স্কুলীয়া ছাত্ৰী, মহিলাসহ আৰু দুটি শিশু গুৰুতৰভাৱে আহত হয় । আহতসকলক স্থানীয় ৰাইজৰ তৎপৰতাত চিকিৎসাৰ ব্যৱস্থা কৰা হয় ।

স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা অনুসৰি, বিগত প্ৰায় এমাহ ধৰি এই স্থানত ৰেল লাইনৰ কাম চলি আছে । ইমান এটা ব্যস্ত পথত দীৰ্ঘদিন ধৰি কাম চলি থকাৰ পিছতো ৰে’ল কৰ্তৃপক্ষই সৰ্বসাধাৰণৰ সুৰক্ষাৰ বাবে কোনো ধৰণৰ সাৱধানতা অৱলম্বন কৰা নাই । আনকি চালক আৰু পথচাৰীক সতৰ্ক কৰিব পৰাকৈ কোনো ধৰণৰ চাইনবৰ্ড বা বেৰিকেডৰো ব্যৱস্থা কৰা নাই ৰে’ল বিভাগে । যাৰ ফলস্বৰূপে এই পথেৰে দৈনিক যাতায়াত কৰা দুচকীয়া আৰু চাৰিচকীয়া বাহনসমূহ প্ৰতি মুহূৰ্ততে সৰু-বৰ দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছে ।

অতি পৰিতাপৰ কথা যে, এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো ৰে’ল বিভাগৰ অভিযন্তা আৰু সংশ্লিষ্ট ঠিকাদাৰে দায়িত্ব স্বীকাৰ কৰাৰ পৰিৱৰ্তে কেৱল গা এৰা মন্তব্য দি নিজৰ দায়িত্ব সামৰিবলৈ চেষ্টা কৰে । কৰ্তৃপক্ষৰ এনে মইমতালি আৰু দায়িত্বহীন ব্যৱহাৰত ঘটনাস্থলীত উপস্থিত থকা স্থানীয় ৰাইজ ক্ষোভত ফাটি পৰে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অৱশ্যে পিছলৈ স্থানীয় সচেতন লোকৰ হস্তক্ষেপত পৰিস্থিতি শাম কাটে । ৰে’ল বিভাগৰ এনে উদাসীনতাক এতিয়া সমগ্ৰ অঞ্চলটোৰ ৰাইজে একমুখে গৰিহণা দিছে আৰু অতি শীঘ্ৰে সুৰক্ষামূলক ব্যৱস্থা গঢ়ি তুলিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: নামভৰ্তিৰ নামত ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উপ-সভাপতি