ETV Bharat / state

ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিত বিভাগীয় হেমাহিৰ কথা স্বীকাৰ নগাঁও জিলা আয়ুক্তৰ; গাঁত থকা ঘাইপথৰ কথা-২

ক্ষেত্ৰীৰ দুৰ্ঘটনাৰ পিছতে ৰহাত পথ মেৰামতিৰ দাবীত স্থানীয় দল সংগঠন-ৰাইজৰ প্ৰতিবাদ । ট্ৰাক-বাছ চালকসকলেও উজাৰিলে ক্ষোভ, ক'লে, "টোল লয় কিন্তু পথৰ অৱস্থা বেয়া"...ৰকিবুল ৱাহিদৰ প্ৰতিবেদন

Assam Road condition
নগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 31, 2026 at 4:57 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও : গুৱাহাটীৰ সমীপৰ ক্ষেত্ৰীত দেওবাৰে নিশা সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই পোহৰলৈ আনিছে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাস্তৱ ছবি । পথ দুৰ্ঘটনাত ৭ গৰাকীকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ পাছতেই ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে?

অভিযোগ অনুসৰি কেৱল সোণাপুৰতে নহয় ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ একেই অৱস্থা । টোলগেট স্থাপন কৰি বাহনৰ পৰা কোটি কোটি টকা কৰ সংগ্ৰহ কৰাৰ পিছতো ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি নকৰাৰ অভিযোগ ৰাইজে উত্থাপন কৰিছে ।

ক্ষেত্ৰীৰ দুৰ্ঘটনাৰ পিছতে ঘাইপথ মেৰামতিৰ দাবীত ৰহাত ৰাইজৰ প্ৰতিবাদ (ETV Bharat)

সময়মতে মেৰামতি নকৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে । ৰাইজৰ অভিযোগ সেই গাঁতবোৰেই প্ৰতিটো ক্ষণতে ৰাজপথত বিপদ মাতিছে !

নগাঁৱতো একেই দৃশ্য দেখা গৈছে । নগাঁও চহৰৰ সমীপৰ উৰিয়া গাঁৱৰ লগতে গুৱাহাটীৰ পৰা নগাঁওলৈকে বিভিন্ন প্ৰান্তত এনে বহু গাঁতৰ সৃষ্টি হৈছে । যাৰ বাবে প্ৰতিমুহূৰ্ততে চালকসকল বিপদৰ সন্মুখীন হ'বলগা হৈছে । স্থানীয় লোকৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথৰ এই গাঁতবোৰ বিপজ্জনক হৈ পৰিছে ।

যাৰ বাবে সোমবাৰে ৰাজপথলৈ ওলাই আহিল শ শ লোক । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু আৰু কেইবাটাও সংগঠনৰ সহযোগত শতাধিক লোক ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

Assam Road condition
নগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা (ETV Bharat)

এই প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত বহু সময়ত ধৰি যান-বাহন আৱদ্ধ হৈ থাকে । ইফালে পৰিস্থিতি উত্তেজিত হোৱাৰ পূৰ্বে প্ৰতিবাদস্থলীত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হয় আৰু প্ৰতিবাদকাৰীক শান্ত কৰাৰ প্ৰয়াস কৰে ।

আনকি জিলা আয়ুক্তগৰাকীয়ে নিজেও ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ কথা স্বীকাৰ কৰিছে ।

তেওঁ এই সন্দৰ্ভত কয় যে কেইবাবাৰো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক কথাবোৰ অৱগত কৰা হৈছে যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰে।

তেওঁ কয়, "পথৰ অৱস্থা অতি শোচনীয় সেইটো মই জানো । ইতিমধ্যে কেইখনো বৈঠকত তেওঁলোকক মাতি এই কথা অৱগত কৰিছোঁ । কিন্তু দায়িত্ব তেওঁলোকে ল'ব লাগিব । যেতিয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বৈঠকত ৰাইজে কথাখিনি কোৱাৰ পিছতো গুৰুত্ব নিদিয়া তেতিয়া বেয়া কথা হৈছে । এটা প্ৰশ্ন উত্থাপন হ'ব ইমান কোৱাৰ পিছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কিয় এইখিনি কাম কৰা নাই ।"

উল্লেখ্য যে উৰিয়া গাঁৱত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ বহু যাত্ৰী আহত হোৱাৰ লগতে কেইবাগৰাকী যাত্ৰী নিহত হোৱা বুলিও স্থানীয় লোকে অভিযোগ কৰিছে ।

এই সন্দৰ্ভত তেওঁ কয়, "নগাঁৱৰ উৰিয়া গাঁৱৰ চকৰ কাষতে সৃষ্টি হোৱা এই প্ৰকাণ্ড গাঁতৰ বাবে ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে । দুৰ্ঘটনাৰ আশংকাত আমিও ইয়াত ভয়-শংকাৰ মাজত থাকিবলগীয়া হয় ।"

উপয়ুক্তগৰাকীয়ে লগতে উল্লেখ কৰে যে "বিভাগীয়ভাৱে বছৰত এবাৰ মেৰামতি কৰা হয় যদিও ২-৩ মাহৰ পাছতে পুনৰ ভাঙি গাঁতৰ সৃষ্টি হয় । মেৰামতিৰ অভাৱতেই এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ বিপজ্জনক হৈ পৰিছে ।"

আনহাতে ৰাষ্ট্ৰীয় ঘাইপথেৰে নিতৌ গুৱাহাটীৰ পৰা উজনিলৈ যাত্ৰী লৈ যোৱা এখন বাছৰ চালকেও ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ অভাৱৰ কথা উল্লেখ কৰে ৷

বাছ চালকজনে কয়, "ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা গাঁতৰ বাবে বাহন চলাওতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ । আনকি দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাও নথকা নহয় । আমি যাত্ৰাপথত নিৰ্ধাৰিত টোলকৰ আদায় দিয়াৰ পাছতো পদসমূহ মেৰামতি নকৰাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ।"

ৰাষ্ট্ৰীয় ঘাইপথৰ টোল সংগ্ৰহ আৰু পথৰ দুৰৱস্থা সন্দৰ্ভত একই ক্ষোভ উজাৰি এগৰাকী ট্ৰাক চালকেও ঘাইপথৰ গাঁতবোৰৰ বাবে বাহন চলোৱাত হোৱা অসুবিধাৰ কথা ব্য়ক্ত কৰে ৷

এই সম্পৰ্কত উল্লেখ কৰাৰ প্ৰয়োজন যে সাধাৰণ চালক, স্থানীয় লোকৰ কথা বাদে দিলো এগৰাকী জিলা আয়ুক্তই অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ কথা স্বীকাৰ কৰিছে ।

ইয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কাম নকৰাৰ অভিযোগ কৰিছে । প্ৰশ্নটো হ'ল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বা চৰকাৰে কেতিয়া গুৰুত্ব দিব ? বিভাগীয় হেমাহিৰ বাবে আৰু কিমানজন নিৰীহৰ প্ৰাণ গ'লে তেওঁলোকৰ গা লৰিব ?

লগতে পঢ়ক :

ক্ষেত্ৰীৰ ট্ৰেভেলাৰ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৭ জনৰ মৃত্যু, আহত গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয়ত চিকিৎসাধীন