ETV Bharat / state

ভূমি ক্ৰয়ৰ ১৭ বছৰৰ পাছত নিৰ্মাণ আৰম্ভ; ডিমৰীয়াত প্ৰদূষণযুক্ত উদ্যোগ স্থাপনৰ বিৰোধিতাৰে প্ৰতিবাদ

২০০৮-২০০৯ চনত দালাল চক্ৰৰ সহযোগত ৩ নং ঔজাৰী লাট গাঁও এলেকাত বণিক গোষ্ঠীয়ে ক্ৰয় কৰিছিল ১৩৪ বিঘাৰো অধিক কৃষিভূমি ।

public protest in dimoria against the establishment of cement factory
ডিমৰীয়াত প্ৰদূষণযুক্ত উদ্যোগ স্থাপনৰ বিৰোধিতাৰে প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 25, 2026 at 11:41 AM IST

5 Min Read
Choose ETV Bharat

সোণাপুৰ : চিমেণ্ট কোম্পানীৰ বিৰুদ্ধে গৰজি উঠিল ডিমৰীয়াৰ ৰাইজ । অঞ্চলটোৰ কৃষিভূমি আৰু ঐতিহাসিক ঐতিহ্য ধ্বংস কৰি স্থাপন কৰিব খোজা টপচেম চিমেণ্ট কোম্পানীৰ বিৰুদ্ধে একগোট হৈ কোনো কাৰণতে এনে কাৰ্য সম্পাদন কৰিবলৈ নিদিয়ে বুলি স্থানীয় ৰাইজ সকীয়াই দিছে ।

দেওবাৰে দুৰুং ঔজাৰী ভূমি সুৰক্ষা সমিতিৰ উদ্যোগত আৰু ডিমৰীয়াৰ স্থানীয় ৰাইজৰ সহযোগত প্ৰদূষণযুক্ত উদ্যোগ স্থাপনৰ বিৰোধিতাৰে ৩ নং ঔজাৰী নামঘৰ প্ৰেক্ষাগৃহত দিনৰ ১১ বজাত এখন বিশাল গণ সমাৱেশ আৰু প্ৰতিবাদী সভা অনুষ্ঠিত হয় ।

দুৰুং ঔজাৰী ভূমি সুৰক্ষা সমিতিৰ সভাপতি বিপ্লৱ সৰকাৰ (ETV Bharat Assam)

ভূমি ক্ৰয়ৰ ১৭ বছৰৰ পাছত নিৰ্মাণ কাৰ্য আৰম্ভ :

উল্লেখ্য যে যোৱা ২০০৮-২০০৯ চনত একাংশ সমাজবিৰোধী দালাল চক্ৰৰ সহযোগত ৩ নং ঔজাৰী লাট গাঁও এলেকাত দুখীয়া মানুহক প্ৰলোভিত কৰি বণিক গোষ্ঠীয়ে প্ৰায় ১৩৪ বিঘাৰো অধিক কৃষিভূমি ক্ৰয় কৰি টপচেম চিমেন্ট কোম্পানীয়ে কাম-কাজ আৰম্ভ কৰিছিল বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে;কিন্তু ২০০৯ চনতেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে তীব্ৰ প্ৰতিবাদ তথা বিভিন্ন আন্দোলনৰ কাৰ্যসূচী চলোৱাত কোম্পানীৰ সম্পূৰ্ণ কাম-কাজ বন্ধ হৈছিল । সেই সময়ত কৰ্তৃপক্ষই চিমেণ্ট উদ্যোগ স্থাপন নকৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমান সুদীৰ্ঘ ১৭ বছৰৰ পাছত পুনৰ যুদ্ধংদেহী মনোভাৱৰে চৌহদৰ বেৰ দিয়া কাম আৰম্ভ কৰাক লৈ ৰাইজ ক্ষুব্ধ হৈ পৰিছে ।

দুৰুং ঔজাৰী ভূমি সুৰক্ষা সমিতিৰ সম্পাদক জগদীশ দাস (ETV Bharat Assam)

ঐতিহাসিক ঐতিহ্য আৰু জনস্বাস্থ্যলৈ ভাবুকি:

এই প্ৰতিবাদী ৰাইজৰ মতে, যি স্থানত এই চিমেণ্ট উদ্যোগ স্থাপন কৰিবলৈ লোৱা হৈছে, উক্ত বৃহৎ এলেকাটো সম্পূৰ্ণ কৃষিভূমি আৰু ৰাজহুৱা বিল-খালেৰে ভৰপূৰ । বিশেষকৈ ডিমৰীয়া ৰজাঘৰীয়া ঐতিহাসিক ‘পাৰশালি বিল’ ইয়াতেই অৱস্থিত । এই উদ্যোগ স্থাপন হ’লে ইয়াৰ পৰা নিৰ্গত প্ৰদূষণে সমগ্ৰ অঞ্চলটোৰ কৃষিভূমি আৰু খাল-বিলসমূহ ধ্বংস কৰিব । যাৰ ফলত অঞ্চলটোৰ হেজাৰ হেজাৰ দৰিদ্ৰ তথা শ্ৰমজীৱী খেতিয়কৰ জীৱন আৰু জীৱিকালৈ চৰম সংকট নামি আহিব । লগতে উদ্যোগটোৰ বিষাক্ত ধূলি-ধোঁৱাই বায়ু আৰু পানী প্ৰদূষিত কৰি তুলিব আৰু অঞ্চলটোৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি শংকা প্ৰকাশ কৰিছে ।

প্ৰতিবাদী সভাত ডিমৰীয়া ৰজা :

দুৰুং ঔজাৰী ভূমি সুৰক্ষা সমিতিৰ সভাপতি বিপ্লৱ সৰকাৰৰ পৌৰোহিত্যত অনুষ্ঠিত এই প্ৰতিবাদী সভাখনত ডিমৰীয়া ৰজা হলিসিং ৰংহাও সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে । সভাত ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ সভাপতি ৰত্নেশ্বৰ দংহাং, জনজাতি মহাসংঘ অসমৰ উপ-সভাপতি মুক্তি লালুং, কামৰূপ মহানগৰ ভূমি সুৰক্ষা সমিতিৰ সভাপতি কুলেন বড়ো, জ্যেষ্ঠ অধিবক্তা কৃষ্ণ গগৈ, ডিমৰীয়া মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন মহন্ত আৰু বিশিষ্ট নাগৰিক নাৰায়ণ চৰকাৰকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তিয়ে ভাষণ প্ৰদান কৰে । বক্তাসকলে প্ৰদূষণযুক্ত উদ্যোগে কেনেকৈ অঞ্চলটো ধ্বংস কৰিব, তাৰ এক বিতং বাখ্যা দাঙি ধৰি ভাষণ প্ৰদান কৰে।

public protest in dimoria against the establishment of cement factory
ডিমৰীয়াত প্ৰদূষণযুক্ত উদ্যোগ স্থাপনৰ বিৰোধিতাৰে প্ৰতিবাদ (ETV Bharat Assam)

আমি উন্নয়নৰ বিৰোধী নহয়:

এই সন্দৰ্ভত দুৰুং ঔজাৰী ভূমি সুৰক্ষা সমিতিৰ সভাপতি বিপ্লৱ সৰকাৰে কয়," টপচেম চিমেন্ট কোম্পানীয়ে মাটি ২০০৮ চনত ক্ৰয় কৰি ২০০৯ ত কাম আৰম্ভ কৰিছিল । তেতিয়া কোনোধৰণৰ আপত্তিবিহীন পত্ৰ প্ৰদান কৰা হোৱা নাছিল । তেতিয়া বিভাগীয়ভাৱে আমাক সহায়- সহযোগিতা আগবঢ়োৱা হৈছিল বাবে তেওঁলোকে ২০০৯ চনত ইয়াৰ পৰা পলাই পত্ৰং দিবলগীয়া হৈছিল । এতিয়া ভূমিৰ শ্ৰেণী বিভাজন নোহোৱাকৈ কৰ্তৃপক্ষই কেনেকৈ বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰিছে ? আমি উন্নয়নৰ বিৰোধী নহয়; কিন্তু কৃষি ভূমিত চিমেণ্ট উদ্যোগৰ দৰে প্ৰদূষণযুক্ত উদ্যোগ নিৰ্মাণৰ বিৰোধিতা সদায় কৰি যাম ।"

চিমেণ্ট উদ্য়োগ স্থাপন হ'ব বুলি কোৱা নাছিল :

আনহাতে, দুৰুং ঔজাৰী ভূমি সুৰক্ষা সমিতিৰ সম্পাদক জগদীশ দাসে ক্ষোভ প্ৰকাশ কৰি কয়, " এই উদ্য়োগ স্থাপনৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছো । ২০০৮ চনত সহজ- সৰল অনুসুচিত জনজাতীয় লোকৰ পৰা মাটি দালালৰ জৰিয়তে ক্ৰয় কৰিছিল । তেওঁলোকক কোৱা নাছিল যে ইয়াত চিমেণ্ট উদ্য়োগ স্থাপন কৰা হ'ব । জনবসতিপূৰ্ণ অঞ্চলত এনে উদ্যোগে আমাৰ ভৱিষ্যৎ প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিব । যদি প্ৰদূষণ নোহোৱা কিবা উদ্যোগ হয়, তাক ৰাইজে আদৰণি জনাব ।" এৰেদৰে স্থানীয় সচেতন ব্যক্তি নাৰায়ণ সৰকাৰেও কৃষিভূমি সুৰক্ষাৰ স্বাৰ্থত ৰাইজক একগোট হ’বলৈ আহ্বান জনায় ।

চৰকাৰ আৰু প্ৰশাসনলৈ অনুৰোধ:

সমাবেশত উপস্থিত ৰাইজে কোনো কাৰণতে অঞ্চলটোত এই প্ৰদূষণযুক্ত উদ্যোগ স্থাপন হ’ব নিদিয়াৰ এক দৃঢ় শপত গ্ৰহণ কৰে । ব্যক্তিগত লাভালাভ বা দালালৰ স্বাৰ্থত সমগ্ৰ অঞ্চলটোৰ জীৱন-জীৱিকা বিপন্ন হ'বলৈ দিয়া নহ'ব বুলি ৰাইজে হুংকাৰ দিয়ে । ইয়াৰ পাছতেই অঞ্চলটোত এক বিশাল প্ৰতিবাদী সমদলো উলিওৱা হয় ।

ভূমি সুৰক্ষা সমিতি আৰু স্থানীয় ৰাইজে মুখ্যমন্ত্রী, উদ্যোগ মন্ত্ৰী আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনক আহ্বান জনাইছে যাতে কোনো কাৰণতে এই টপচেম চিমেণ্ট উদ্যোগটোক বিভাগীয় অনুমতি প্ৰদান কৰা নহয় আৰু সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থত জিলা প্ৰশাসনে অতি শীঘ্ৰে বিহিত কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰে ।

চিমেন্ট উদ্যোগ স্থাপনৰ বিৰোধিতাৰে ডিমৰীয়াত ৰাইজৰ প্ৰতিবাদ

ভূমিৰক্ষাৰ দাবীত বিটিচি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ