ETV Bharat / state

বিহুমেলাত চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰিলে জামুগুৰিহাটৰ ৰঙাচকুৱাৰ যুৱকক

দেওবাৰে নিশা হোৱা এক হত্যাকাণ্ডক লৈ জামুগুৰিহাট আৰক্ষী থানাৰ চৌহদত উত্তপ্ত পৰিস্থিতি ৷

Public protest at Jamugurihat
জামুগুৰিহাট আৰক্ষী থানাৰ চৌহদত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 9:52 PM IST

2 Min Read
Choose ETV Bharat

চতিয়া/তেজপুৰ : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ হাটিঙা ৰামপুৰ গাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ দেওবাৰে নিশাৰ ভাগত গাঁওখনত চলি থকা এখন বিহুমেলাতে ৰঙাচকুৱাৰ এজন যুৱকক হত্যা কৰে দুৰ্বৃত্তই ৷ ঘটনাৰ বিবৰণি অনুসৰি, গাঁওখনত আয়োজিত বিহুমেলাৰ অনুষ্ঠানৰ কাৰ্যসূচী চলি থকাৰ মাজতেই এজন যুৱকে লীলা বৰুৱা নামৰ যুৱকজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ ফলত গুৰুতৰভাবে আহত হয় যদিও চিকিৎসালয়ত মৃত্যু হয় লীলা বৰুৱা নামৰ ব্যক্তিজন ৷

সেই ঘটনাৰ পাছতে হুৱাদুৱা পৰিবেশ সৃষ্টি হয় ৷ ইফালে এই আক্ৰমণৰ ঘটনাটোৰ ফলত লীলা বৰুৱা নামৰ যুৱকজনৰ মৃত্যু হোৱাৰ লগতা তেওঁৰ বন্ধু ৰাকেশ শৰ্মা নামৰ আন এজন যুৱক আহত হয় ৷ বৰ্তমান ৰাকেশ শৰ্মাৰ অৱস্থাই অধিক সংকটজনক বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ৰাকেশৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

জামুগুৰিহাট আৰক্ষী থানাৰ চৌহদত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

জানিব পৰা মতে, ঘটনাৰ সন্দৰ্ভত ইটাখোলা কেৰাণীপামৰ জয়কান্ত বৰ্মন নামৰ লোকজনক স্থানীয় ৰাইজে আটক কৰি বিহু কমিটিক গটাই দিয়ে ৷ পৰৱৰ্তী সময়ত বিহুমেলাৰ আয়োজক কমিটিয়ে আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত জামুগুৰিহাট আৰক্ষী উপস্থিত হৈ জয়কান্ত বৰ্মন নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি জামুগুৰিহাট আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও কি কাৰণত এই নৃশংস হত্যাকাণ্ড হ'ল সেয়া বিষয়ে জানিব পৰা হোৱা নাই ৷

ইফালে হাটিঙা ৰামপুৰৰ বিহুমেলাত সংঘটিত ঘটনাৰ লগত জৰিত হত্যাকাৰীক ফাঁচীৰ দাবীত সোমবাৰে পুৱাই ৰঙাচকুৱাৰ কেইবা শতাধিক ৰাইজে জামুগুৰি আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ হত্যাকাৰীক ফাঁচী দিয়ক, হত্যাৰ বিচাৰ লাগে আদি বিভিন্ন শ্লোগানেৰে হত্যাকাৰী জয়কান্ত বৰ্মনৰ বিৰুদ্ধে ৰঙাচকুৱাৰ ৰাইজে জামুগুৰি আৰক্ষী থানাত এখন ৰাজহুৱা এজাহাৰো দাখিল কৰে ৷

প্ৰতিবাদকাৰী ৰাইজে কয়, "সহজ-সৰল,শান্তি ব্যক্তি লীলা বৰুৱাক কি উদ্দেশ্যেৰ হত্যা কৰিলে তাৰ সঠিক বিচাৰ লাগিব ৷ এই হত্যাকাণ্ডৰ আঁৰত কোন জৰিত আছে তাৰ তথ্য লাগে আমাক ৷"

লগতে পঢ়ক:নাহৰ পুলি ৰোপণেৰে জুবিনৰ সপোন পূৰণ কৰিলে গৰিমাই, "ভালে থাকিবা গল্ডি..."