চৰকাৰক সকীয়নি; ঐতিহাসিক দৰাবিলত ল'জিষ্টিক পার্ক স্থাপন কৰিবলৈ নিদিয়ে জনতাই
প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰি ১৫০ বিঘা ভূমি সামৰি চৰকাৰে ল’জিষ্টিক পাৰ্ক নিৰ্মাণৰ বিৰোধিতা ।

Published : November 16, 2025 at 5:33 PM IST
মিৰ্জা : চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল হাজাৰ হাজাৰ জনতা । কোনো কাৰণতে দক্ষিণ কামৰূপৰ ঐতিহাসিক দৰাবিলত ক্ষুব্ধ ৰাইজে স্থাপন কৰিবলৈ নিদিয়ে ল’জিষ্টিক পাৰ্ক । পলাশবাৰী ৰাজহ চক্ৰৰ ৰামপুৰ মৌজাৰ ১নং ৰামপুৰ আৰু ২ নং ৰামপুৰ গাঁৱৰ গো-চৰণীয়া পথাৰ (ভি জি আৰ)ৰ ৬১০নং দাগৰ ৮৩ বিঘা ২ কঠা ১৪ লেছা আৰু ২৪৪ নং দাগৰ ৬৬ বিঘা ২ কঠা ৬ লেছা, মুঠ ১৫০ বিঘা মাটি ল'জিষ্টিক পার্ক স্থাপন কৰিবলৈ চৰকাৰে আঁকোৰগোজ স্থিতি লোৱাৰ সময়তেই ৰাইজ পুনৰ ওলাই আহিল এই কাৰ্যৰ বিৰুদ্ধে ।
বাহিৰাগত কোম্পানীৰ শেনচকু :
প্ৰায় ১৪০০ বিঘা সামৰি জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দৰাবিল আৰু ইয়াৰ সংলগ্ন গো-চৰণীয়া পথাৰখন চৰকাৰ তথা বাহিৰাগত কোম্পানীৰ শেনচকুৰ পৰা ৰক্ষা কৰাৰ বাবে বৃহত্তৰ অঞ্চলৰ ৰাইজ তথা প্ৰকৃতিপ্ৰেমী সংঘবদ্ধ হৈছে । দেওবাৰে ইয়াৰ বিৰোধিতাৰে গৰজি উঠিল দক্ষিণ কামৰূপৰ ৰাইজ ৷ দৰাবিল ৰক্ষাৰ স্বাৰ্থত বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰি ল’জিষ্টিক পাৰ্ক নিৰ্মাণৰ বিৰোধিতাৰে চৰকাৰক দিলে সকীয়নি ৷ দক্ষিণ কামৰূপৰ আৰ্দ্ৰভূমি দৰাবিলৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰি ১৫০ বিঘা ভূমি সামৰি চৰকাৰে ল’জিষ্টিক পাৰ্ক নিৰ্মাণৰ বাবে বাৰে বাৰে চলোৱা প্ৰচেষ্টাৰ বিৰোধিতাৰে ৰাইজে অনুষ্ঠিত কৰিলে বিশাল ৰাজহুৱা সভা ।
দক্ষিণ কামৰূপৰ মানচিত্ৰৰ পৰা নোহোৱা হ'বলৈ ধৰিছে এইখন দৰাবিল । নোহোৱা হ'ব এখন গো-চৰণীয়া পথাৰ । চৰকাৰে এডভাণ্টেজ অসমৰ অচিলাৰে বিলখন এ আই ডি চিৰ দ্বাৰা গটাব লৈছে M/S New kolkata international development pvt ltd. নামৰ বণিক গোষ্ঠীটোক । এই বণিক গোষ্ঠীটোৱে ১৫০ বিঘা ভূমি সামৰি নিৰ্মাণ কৰিব ল’জিষ্টিক পাৰ্ক । বাৰে বাৰে কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰিছে জাননী ।
দুশৰো অধিক প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ বাসস্থান :
এই বিলখনেই সমগ্ৰ অঞ্চলটোত পানী, বায়ু, কুমাৰসকলৰ মাটি, মাছমৰীয়াৰ মাছ-কাছৰ লগতে গৰুৰ খাদ্য পোৱা একমাত্ৰ স্থল । বিলখন হৈছে নদী শিহুৰ আশ্ৰয়স্থল । বিলখন আৰু গো-চৰণীয়া পথাৰৰ ঘাঁহনি হৈছে দুশৰো অধিক প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাই, ত্ৰিশৰো অধিক প্ৰজাতিৰ সৰীসৃপ, ১৩০ প্ৰজাতিৰ মাছ, তিনিটা প্ৰজাতিৰ কাছ, ২৬ বিধ আলংকাৰিক উদ্ভিদ, ৭ বিধ ঔষধি উদ্ভিদ, ৭০ ৰো অধিক প্ৰজাতিৰ পখিলা আৰু বিভিন্ন বন্যজীৱৰ বাসস্থান । কৃষিজীৱী, মৎস্যজীৱি, মৃৎশিল্পীৰ উপাৰ্জনৰ উৎস এই বিলখন । সেয়েহে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে প্ৰকৃতিপ্ৰেমী ৰাইজে ।
দৰাবিল গো-চৰণীয়া পথাৰ সুৰক্ষা সমিতিৰ উদ্যোগত দেওবাৰে আয়োজিত এই বিশাল ৰাজহুৱা সভাত কোনোপধ্যেই দক্ষিণ কামৰূপবাসীয়ে দৰাবিলখন ধ্বংস কৰিবলৈ এৰি নিদিয়ে বুলি হুংকাৰ দিয়ে ৷
এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্য়ক্তিয়ে কয়, "দৰাবিল গো-চৰণীয়া আৰ্দ্ৰভূমি হৈছে দক্ষিণ কামৰূপৰ ৰাইজৰ প্ৰাকৃতিক সম্পদ । দৰাবিলক বিভিন্ন সম্প্ৰদায়ৰ মানুহে গো-চৰণীয়া পথাৰ হিচাপে ব্য়ৱহাৰ কৰি আহিছে । তেওঁলোকে গৰু-ছাগলী আদি পুহি জীৱন নিৰ্বাহ কৰে । মাছমৰীয়াসকলে মাছ মাৰি জীৱন নিৰ্বাহ কৰে । ২০০০ পৰিয়ালে আজিও মাছ মাৰি জীৱন নিৰ্বাহ কৰি আছে । ৫০০টাতকৈও অধিক কুমাৰ পৰিয়ালে জীৱন নিৰ্বাহ কৰি আছে ।...আমি চক্ৰ বিষয়া,সমজিলাৰ আয়ুক্তকো ৰাজহুৱা শুনানীৰ দাবী জনাইছো ।"

