দহদিনৰ পাছতো মেৰামতি হোৱা নাই চিমেন নদীয়ে ভঙা ৰে’লৰ দলং, ক্ষোভিত জোনাইবাসী
চিমেন নদীৰ সোঁতে ভাঙি পেলোৱা ৰে'ল দলং পুনৰ নিৰ্মাণৰ কাম এতিয়াও আৰম্ভ হোৱা নাই ৷ ৰে'ল চলাচল বন্ধ হৈ পৰাত সমস্যাৰ সন্মুখীন হৈছে জোনাইবাসী ৷

Published : July 9, 2026 at 1:56 PM IST
জোনাই: বাৰিষাৰ পহিলা বানে বিস্তৰ ক্ষতিসাধন কৰি গ’ল ধেমাজি জিলাৰ জোনাইত ৷ যোৱা ২৮ জুনত অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা প্ৰবল বাঢ়নী পানীয়ে চিমেন নদীৰ জলস্তৰ ভয়াৱহভাৱে বৃদ্ধি কৰে ।
নদীখনৰ প্ৰচণ্ড সোঁতে জোনাই সমষ্টিৰ চিমেন নৈৰ ওপৰত থকা চিমেন ৰে’ল দলংখন মুহূৰ্তৰ ভিতৰতে ভাঙি পেলায় । ইয়াৰ ফলত মুৰ্কংচেলেক– গুৱাহাটী, ডেকাৰ গাঁও, লিডু ৰে'লপথৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে আৰু সমগ্ৰ অঞ্চলটোৰ যাতায়াত ব্যৱস্থা ব্যাপকভাৱে ব্যাহত হয় ।
ৰে’ল সংযোগ ব্যাহত হোৱাত ৰে’লযাত্ৰী, ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ী, ৰোগী আৰু বিভিন্ন জৰুৰী কামত যাত্ৰা কৰা হাজাৰ হাজাৰ লোক সমস্যাৰ সন্মুখীন হ'বলগা হৈছে । ইফালে, ৰে'ল চলাচল বন্ধ হৈ থকাৰ সুযোগ লৈ জোনাইৰ পৰা চিলাপথাৰলৈ চলাচল কৰা কিছু ব্যক্তিগত বাহনে পূৰ্বতকৈ অধিক ভাৰা আদায় কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বিকল্প ব্যৱস্থা নথকাৰ সুযোগ লৈ বাহনৰ চালকে যাত্ৰীৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা জাপি দিয়াৰ অভিযোগ উঠিছে ।
আনহাতে, ঘটনাৰ প্ৰায় দহদিনতকৈও অধিক সময় পাৰ হৈ যোৱাৰ পিছতো ভঙা ৰে’লৱে দলংখন পুনৰ নিৰ্মাণৰ কাম আৰম্ভ নোহোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । অৰুণাচল সীমান্তৱৰ্তী চিমেন নৈত দীৰ্ঘদিন ধৰি শিল আৰু বালি খনন চলি থকাৰ অভিযোগ উত্থাপন কৰি নদীৰ স্বাভাৱিক ভাৰসাম্য নষ্ট হোৱাৰ লগতে দলংখনৰ ভেটিও ক্ৰমাৎ দুৰ্বল হৈ পৰাৰ ফলত ভাগি পৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে ।
এজন স্থানীয় ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘এইটো বৰ ডাঙৰ সমস্যা হৈছে ৷ দলংখন পানীয়ে উটুৱাই নিয়াৰ দহদিন পাৰ হ’ল ৷ বৰ্তমান দলংখন ভগ্ন অৱস্থাত আছে, কিন্তু ইয়াৰ মেৰামতিৰ বাবে চৰকাৰে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ শীঘ্ৰেই দলংখনৰ কাম-কাজ আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ ৷ ৰে’ল যাতায়তৰ ক্ষেত্ৰত জোনাইবাসী ৰাইজে সমস্যাৰ সন্মুখীন হৈছে ৷ চিমেন নদীত চৰকাৰেই অনুজ্ঞাপত্ৰ দিয়ে বালি খনন বা শিল খননৰ বাবে ৷ ইয়াৰ ফলত নদীৰ পানীয়ে খুন্দিয়াই দলংখন উটুৱাই লৈ গৈছে ৷ ডাঙৰ শিল থাকিলে এনেকুৱা নহ’লহেঁতেন ৷ চৰকাৰে খনন প্ৰক্ৰিয়া বন্ধ কৰিলে দলংখনৰ বাবে ভাল হ’ব ৷’’
আন এজন ব্যক্তিয়ে এই সন্দৰ্ভত কয়, ‘‘দলংখন নথকাৰ বাবে আমি এতিয়া ৰে’ল নোপোৱা হৈছোঁ ৷ গুৱাহাটী, দিল্লী আদি যোগাযোগ নোহোৱা হৈছে ৷ এই দলংখন 1962 ত চীনা যুদ্ধৰ সময়ত মিটাৰগজৰ বাবে বনাইছিল ৷ পিছত ব্ৰডগজলৈ সম্প্ৰসাৰণ কৰা হৈছিল যদিও খুঁটাবোৰ নতুনকৈ নবনালে ৷ এতিয়া 64 বছৰ হৈ গ’ল ৷ চিমেণ্টৰ শক্তি 60 বছৰ থাকে, গতিকে ভাগিবই ৷ এতিয়া ট্ৰেইন নোযোৱা হৈছে ৷ এই দলংখন সোনকালে নিৰ্মাণ কৰি দিব লাগে ৷ আমাৰ স্থানীয় বিধায়ক আৰু সাংসদে কেন্দ্ৰীয় চৰকাৰক দাবী জনাব লাগে ৷’’
দলংখনৰ মেৰামতি সন্দৰ্ভত সাংসদ প্ৰদান বৰুৱাই কয়, ‘‘দলংখন মেৰামতিৰ কোনো উপায় নাই ৷ ইয়াত নতুনকৈ এটা খুঁটা বনাই দলংখন নিৰ্মাণ কৰিব লাগিব ৷ লক্ষ্ণৌৰ পৰা অহা বিশেষজ্ঞৰ দলে নতুনকৈ খুঁটা বনাব লাগিব বুলি কৈছে ৷ বিভাগে ইতিমধ্যে সিদ্ধান্ত লৈ পৰীক্ষা-নিৰীক্ষা কৰি যিমান সোনকালে পৰি ব্যৱস্থা গ্ৰহণ কৰিছে ৷ অকণমান সময় লাগিব, তথাপিও কম সময়ৰ ভিতৰতে ৰে’ল বিভাগে কামখিনি সম্পূৰ্ণ কৰিব বুলি আমি আশা কৰিছোঁ ৷’’
অতিসোনকালেই বিভাগে এই দলংখন নিৰ্মাণ কৰি ৰে’ল যাতায়তৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা দূৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে জোনাইৰ ৰাইজে ৷
লগতে পঢ়ক: ছিণ্ডিকেটৰ বাবে মূল্যবৃদ্ধি : ঠেলা লৈ বিধানসভা চৌহদত বিধায়ক অখিলৰ ব্যতিক্ৰমী প্ৰতিবাদ

